Minister Bimal Bora:ৰাজ্যত নতুন উদ্যোগ স্হাপনৰ বাবে উদ্যোগ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এম্পাৱাৰ্ড কমিটিৰ সভা

bimal bora

Minister Bimal Bora:

অসমত বৃহৎ বিনিয়োগৰ জৰিয়তে উদ্যোগ স্হাপনৰ বাবে উদ্যোগী সকলক উৎসাহিত কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ উদ্যোগ বিভাগে বিভিন্ন পদক্ষেপ হাতত লৈছে। তাৰেই অংশ হিচাপে আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত উদ্যোগ বিভাগৰ বিশেষজ্ঞ সমিতি(এম্পাৱাৰ্ড কমিটি) ৰ এক পৰ্যালোচনা সভাত কেবাটাও উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰস্তাৱৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়।

উদ্যোগ বিভাগৰো দায়িত্বত থকা অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটা, উদ্যোগ বিভাগৰ সচিব ড০ লক্ষ্মণন এছ, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙকে ধৰি উদ্যোগ, শক্তি, কৰ আদি বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা সভাত অসমত উদ্যোগ স্হাপনত আগ্ৰহী কেবাটাও উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰস্তাৱৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়।

আজিৰ সভাত প্ৰায় এক ডজন উদ্যোগ প্ৰতিষ্ঠান আৰু সেৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰস্তাৱৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়।উল্লেখ্য যে অসমত উদ্যোগ স্হাপন কৰিবলৈ আগ্ৰহী ঔদ্যোগিক প্ৰতিষ্ঠান সমূহে ন্যূনতম এশ কোটি টকা বিনিয়োগ আৰু দুশ লোকৰ নিয়োগৰ সুবিধা আগবঢ়ালে অসম চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধা আগবঢ়াই আহিছে। পৰবৰ্তী পৰ্যায়ত এই প্ৰতিষ্ঠান সমূহৰ সন্দৰ্ভত চৰকাৰী চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Exit mobile version