Investment in the stock Market Increased Assamese:
দেশৰ শ্বেয়াৰ বজাৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অসমৰ বিনিয়োগৰাকীৰ সংখ্যা। যোৱা ২৯ ডিচেম্বৰ পর্যন্ত এনএছইত পঞ্জীয়নকৃত অসমৰ বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে অভিলেখসংখ্যক ৩২ লাখ ৪৬ হেজাৰ ৩৫৬ জনলৈ।
দেশৰ আন কে’বাখনো আগশাৰীৰ ৰাজ্যক চেৰ পেলাই শ্বেয়াৰ বজাৰত অসমৰ বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধিয়ে স্বাভাৱিকতে দেশৰ উদ্যোগ-বাণিজ্য গোষ্ঠীসমূহৰ বাবে অসম হৈ পৰিছে আকৰ্ষণৰ অন্যতম কেন্দ্র।
নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই)ৰ তথ্য মতে, অসমত ৩২.৪৬ লাখ পঞ্জীয়নকৃত বিনিয়োগকাৰী থকাৰ সূত্রে প্রতিদিনে শ্বেয়াৰ বজাৰত নিঃসন্দেহে শ্বেয়াৰ বজাৰত অসমত অংশগ্রহণকৰাৰীৰ সংখ্যা বৃদ্ধিৰ এই হাবে ৰাজ্যখনৰ অর্থনীতিলে কঢ়িয়াই আনিছে আশাৰ খবৰ।
এনএছইৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য মতে, দেশৰ প্ৰতিখন ৰাজ্যতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ সংখ্যা অধিক যদিও এনে ডিমেট একাউন্টসমূহ ব্যৱহাৰকাৰীৰ সক্রিয়তা তুলনামূলকভাবে যথেষ্ট কম। ইয়াৰ বিপৰীতে অসমৰ পৰা শ্বেয়াৰ বজাৰত নতুনকৈ ভূমুকি মৰা বিনিয়োগকাৰীসকলৰ সক্রিয়তা অত্যধিক। শ্বেয়াৰ বজাৰৰ দৈনন্দিন উত্থান পতনৰ স’তে খোজ মিলাই সুযোগৰ অপেক্ষাত ৰোৱা অসমৰ বিনিয়োগকাৰীসকলে স্বাভাবিকতে তুলনামূলকভাবে অধিক মুনাফা অর্জন কৰিবলৈ সক্ষম হৈছে।
এনএছইয়ে প্রকাশ কৰা শেহতীয়া তালিকা মতে, ৰাষ্ট্রীয় শ্বেয়াৰ বজাৰত বিগত বৰ্ষত সবাতোকৈ অধিক সংখ্যক নতুন একক বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে সমগ্র উত্তৰ- পূর্বাঞ্চলতে। এই তালিকাখনত ১৪,৮১৯ জনবে মিজোৰাম শীৰ্ষত থাকিলেও অসমবো একক বিনিয়োগকাৰীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিছে।
তথ্য মতে, অসমৰ এনে কেতবোৰ অঞ্চলৰ পৰা ষ্টক মার্কেটলৈ বিনিয়োগৰ আমদানি ঘটিছে, যিসমূহ অঞ্চল পৰম্পৰাগতভৱে শ্বেয়াৰ বজাৰৰ লগত কোনো ধৰণে সংপৃক্ত নহয়। অথচ এনে ভিতৰুৱা অঞ্চলসমূহৰ পৰাও শ্বেয়াৰ বজাৰলৈ বিনিয়োগৰ সোঁত বোৱা পৰিলক্ষিত হৈছে এনএছইৰ তথ্য মতে, বিনিয়োগকাৰীসকলৰ পানকাৰ্ডৰ তথ্যৰ ভিত্তিত উন্মোচিত হৈছে অতি ভিতৰুৱা অঞ্চলৰ পৰা নিয়মীয়াকৈ হোৱা বিনিয়োগৰ গুৰুত্বপূর্ণ দিশ।
লক্ষ্যণীয় যে ২০২১৩ নেছনেল ষ্টক এক্সেঞ্জত বিনিয়োগৰ দিশেৰে দেশৰ শীৰ্ষৰ ১০ খন জিলাৰ তালিকাত স্থান পাইছিল অসমৰ বৰপেটা জিলাই। জিলাখনত বিনিয়োগকাৰীৰ হাৰ আছিল ০.৮ শতাংশ। এনএছইব সূত্ৰটোৰ মতে, প্রকৃততে ক’ভিডসৃষ্ট পৰিৱেশৰ সময়ত দেশৰ আন স্থানৰ লগতে অসমতো ঘৰতে বহি অনলাইনৰ জৰিয়তে বিনিয়োগৰ ধাৰণাই গা কৰি উঠিছিল।
পর্যায়ক্রমে দিনক দিনে বৃদ্ধি পাইছিল ৰাজ্যখনত শ্বেয়াৰ বজাৰত বিনিয়োগৰ জনপ্রিয়তা। বেংকত ধন জমা কৰি থোৱাৰ পৰিৱৰ্তে শ্বেয়াৰ বজাৰৰ বিনিয়োগৰ দ্বাৰা অধিক লাভৱান্বিত হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসমত ক্রমাৎ ঊর্ধ্বমুখী হৈছিল শ্বেয়াৰ বজাৰত বিনিয়োগৰ হাৰ।
তথ্য মতে, অসমত শেহতীয়াকৈ বৃদ্ধি পোৱা বিনিয়োগকাৰীৰ ভিতৰত আছে মাহিলি হিচাপত দৰমহা লাভ কৰা বৃহৎসংখ্যক চৰকাৰী বেচৰকাৰী কৰ্মচাৰী।
পৰিসংখ্যা মতে, ডিচেম্বৰ পর্যন্ত সমগ্র দেশত শ্বেয়াৰ বজাৰৰ ডিমেট একাউণ্টৰ সংখ্যাই ১১ কোটি অতিক্রম কৰিছে। ডিমেট একাউন্ট হ’ল বেংকৰ একাউণ্টৰ দৰেই গ্রাহকৰ নামত থকা এটা ডিজিটেল একাউন্ট। যাৰ জৰিয়তে শ্বেয়াৰ আৰু ছিকিউৰিটী ইলেক্ট্রনিক মাধ্যমত ক্ৰয় কৰিব পাৰে বিনিয়োগকাৰীয়ে। সংখ্যাৰ দিশেৰে সমগ্র দেশতে ডিমেট একাউন্টধাৰী বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পালেও বিশ্বৰ আগশাৰীৰ কিছুসংখ্যক ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ এই সংখ্যা তেনেই নগণ্য।
দেশৰ মুঠ জনসংখ্যাৰ হিচাপত মাথোঁ তিনি শতাংশ ভাৰতীয় পৰিয়ালেহে ষ্টক মার্কেটত সক্রিয়তাৰে বিনিয়োগ অব্যাহত ৰাখিছে। ইয়াব বিপৰীতে আমেৰিকাত ৫৫ শতাংশ, ব্রিটেইনত ৩৩. শতাংশ আৰু চুবুৰীয়া ৰাষ্ট্র চীনত ১৩ শতাংশ পৰিয়ালৰে আছে শ্বেয়াৰ বজাৰৰ ডিমেট একাউন্ট।
লক্ষ্যণীয় যে দেশৰ আন ৰাজ্যৰ লগতে অসমৰো এক বৃহৎসংখ্যক লোকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ হঠাতে আগ্রহী হোৱাৰ আঁৰত আছে কেতবোৰ বিশেষ কাৰক। ভাৰতীয় বিত্তীয় ক্ষেত্ৰখনত ষ্টক মার্কেটত ধন বিনিয়োগ কৰাটো নিৰাপদ বিনিয়োগ নহয় যদিও শ্বেয়াৰ বজাৰত বিনিয়োগৰ জৰিয়তে লাভ কৰা আকর্ষণীয় লভ্যাংশৰ বাবে বৃদ্ধি পাইছে বিনিয়োগকাৰীৰ সংখ্যা।
উল্লেখ্য যে সম্প্রতি দেশব মুদ্রাস্ফীতিৰ হাৰ হ’ল ৭.৫ শতাংশ। সেই সূত্রে কোনো লোকে বেংকত ধন ফিক্সড ডিপ’জিট কৰিলেও মুদ্রাস্ফীতিৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি লাভ কৰে ১.৮৫ শতাংশৰ পৰা ৬.৯৫ শতাংশ পর্যন্ত সুতৰ হাৰ। এই হাৰ মুদ্রাস্ফীতিৰ তুলনাত যিহেতু কম সেয়েহে বিনিয়োগকাৰীয়ে প্ৰকাৰান্তৰে লোকচান ভৰিবলগীয়াহে হয়।
ইয়াৰ বিপৰীতে ষ্টক মার্কেটত যিহেতু মূল্যমান হ্রাস বৃদ্ধি হয়। সেয়েহে বিনিয়োগকাৰীয়ে নিজৰ পছন্দ মতে অধিক সূতৰ হাৰত ধন বিনিয়োগৰ সুবিধা পায়।
দেশৰ শ্বেয়াৰ বজাৰত সম্প্রতি অধিক সংখ্যক বিনিয়োগেৰে শীৰ্ষত আছে ৰাজস্থান, উত্তৰ প্রদেশ, পশ্চিমবংগ, চত্তিছগড়ৰ দৰে কেইখনমান ৰাজ্য। অবশ্যে এই তালিকা কেৱল বৃহৎ ৰাজ্যসমূহৰ ক্ষেত্ৰতহে। তুলনামূলকভাবে ক্ষুদ্র ৰাজ্যসমূহৰ ভিতৰত আজিৰ তাৰিখত শ্বেয়াৰ বজাৰত সবাতোকৈ সম্ভাবনাময় ৰাজ্যৰূপে চিহ্নিত কৰা হৈছে অসমক। অসমৰ পাছতে আছে ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্রদেশ।
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে শ্বেয়াৰ বজাৰত আগবঢ়োৱা অৰিহণাৰ হাৰ হ’ল ২.৭ শতাংশ। তুলনামূলকভাবে ক্ষুদ্র ৰাজ্য অসমৰ পৰা বিনিয়োগকাৰীৰ সংখ্যা দ্রুতগতিত ঊর্ধ্বমুখী হ’ব ধৰাৰ-প্রতিষ্ঠানে শ্বেয়াৰ বজাৰৰ জৰিয়তে নিজৰ অংশ বিক্ৰী কৰি মূল ধন গোটাইছে তেনে প্রতিষ্ঠানসমূহৰ বাবে শেহতীয়াকৈ হটস্পট হৈ পৰিছে অসমৰ বিনিয়োগকাৰীসকল।
দেশত শ্বেয়াৰ বজাৰত অসমৰ বিনিয়োগকাৰীৰ ব্যাপক হাৰৰ অংশগ্রহণ স্বাভাবিকতে অসমৰ অর্থনীতিৰ বাবে এক আশাপ্রদ দিশ। যিহেতু অসমত থকা ৰাষ্ট্রীয়কৃত বাণিজ্যিক বেংকসমূহত অসমবাসীয়ে জমা কৰা ধনৰ অধিকাংশ ধনেই বেংকসমূহে বহিঃৰাজ্যত বিনিয়োগ কৰে, সেই সূত্রে অসমৰ আৰ্থিক উন্নতিৰ গতি বাধাগ্রস্ত হয়।
সেই সময়তে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকসকলে অতিৰিক্ত সময় ব্যৱহাৰ কৰি শ্বেয়াৰ বজাৰত ধন বিনিয়োগেৰে অধিক হাৰত মুনাফা অর্জন কৰাটো ৰাজ্যৰ অর্থনীতি-সামাজিক ক্ষেত্ৰৰ বিকাশৰ বাবে এক ইতিবাচক দিশৰূপে গণ্য কৰা হৈছে।