Two Paddlars arrested with fake gold in Maligaon:মহানগৰীৰ মালিগাঁৱত নকল সোণ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

paddalr

Two Paddlars arrested with fake gold in Maligaon:

নকল সোণৰ সৰবৰাহকাৰীৰ কৰিডৰত পৰিণত হৈছে গুৱাহাটী৷ লখিমপুৰৰ বঙালমৰাৰ পৰা নিয়ন্ত্ৰণ হৈ আহিছে নকল সোণৰ ৰমৰমীয়া ব্যৱসায় ৷
নকল সোণ সৰবৰাহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ইতিমধ্যে কঠোৰস্থিতি লৈ থকাৰ মাজতে বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে মালিগাঁৱত অৰ্তকিতে অভিযান চলাই নকল সোণ সহ বহি:ৰাজ্যৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা প্ৰায় ১.৩৬৫ কিলো গ্ৰাম নকল সোণ জব্দ কৰে ৷ ধৃত সৰবৰাহকাৰী দুজন হ’ল ৰছিদ আহমেদ( পশ্চিমবংগৰ মোগল চৰাই) আৰু ইমৰান আহমেদ( উত্তৰ প্ৰদেশৰ বাৰাণসী)৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুজনক জেৰা চলাইছে আৰক্ষীয়ে ৷

Exit mobile version