Barnil became popular on Facebook and YouTube at the age of three:তিনি বছৰ বয়সতে ফেচবুক-ইউটিউৱত জনপ্ৰিয় কণমানি বৰ্ণিল

barnil

Barnil became popular on Facebook and YouTube at the age of three:

মাত্ৰ তিনি বছৰ বয়সতে সমগ্ৰ ৰাজ্যতে জনপ্ৰিয় হৈ পৰা এটি কণমানি। কণমানিটোৰ নাম বৰ্ণিল নেওগ। সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবৰ এটা চিনাকি নাম বৰ্ণিল নেওগ। ঘৰ চুঙাজান অঞ্চলৰ আমগুৰি দ-গাঁৱত। পিতৃ ৰুবু নেওগে কণমানিটোৰ নামত ফেচবুক আৰু ইউটিউবত একোটাকৈ একাউণ্ট খুলি বৰ্ণিলৰ বিভিন্ন কথা-বতৰাৰ ভিডিঅ’ বনাই আপলোড কৰি গৈছিল আৰু খুউব কম সময়ৰ ভিতৰতে বৰ্ণিলৰ ভিডিঅ’ সমূহক ৰাইজে মৰম দিলে।

লাহে লাহে বৰ্ণিলৰ একাউণ্ট কেইটা মনিটাইজেশ্বন হল আৰু ইউটিউব আৰু ফেচবুকৰ পৰা পইছা পাবলৈ আৰম্ভ কৰিলে। বৰ্ণিলৰ ফেচবুক আৰু ইউটিউবৰ যোগেদি পোৱা ধনসমূহ পিতৃ-মাতৃ ৰুবু নেওগ আৰু মামু নেওগে কিন্তু নিজৰ কামত ব্যয় নকৰি ৰাইজক সহায়ৰ হাত আগবঢ়ালে। প্ৰথমে ওচৰৰে এখন অঙ্গনবাড়ী কেন্দ্ৰৰ সকলো ছাত্ৰ-ছাত্ৰীক একোটাকৈ স্কুল বেগ প্ৰদান কৰিলে।

পৰৱৰ্তী সময়ত বিভিন্ন লোকক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে নুমলীগড় অঞ্চলত গৈ বানাক্ৰান্ত লোকক বানসাহাৰ্য প্ৰদান কৰিলে। বৰ্ণিলৰ পিতৃয়ে কলে ভগৱানে আমাক নিজৰ বাবে নহয় আনৰ বাবে পঠাইছে। সেয়েহে ভৱিষ্যতেও আনক সহায় কৰি যাম। সাধাৰণ কাঠ মিস্ত্ৰীৰ কাম কৰি চলি থকা বৰ্ণিলৰ পিতৃ-মাতৃৰ মানৱীয়তা আৰু মহানুভৱতা অতুলনীয়।

আনহাতে কণমানি বৰ্ণিলে নিজে অনুভৱ কৰি কোৱা কথাসমূহ শুনিলে শুনি থাকিবৰ মন যায়। অকল সেইয়াই নহয় বৰ্ণিলৰ প্ৰতিভাৰো সীমা নাই। বৰ্ণীলৰ মুখত গীত শুনিলে আপুনিও আচৰিত হব। মুঠৰ ওপৰত কণমানি বৰ্ণিল আৰু তেওঁৰ পিতৃ-মাতৃৰ বিষয়ে যিমান প্ৰশংসা কৰিলেও কমেই হব।

Exit mobile version