PM Modi will meet Indian athletes at the Red Fort on Independence Day:স্বাধীনতা দিৱসত লালকিল্লাত ভাৰতীয় খেলুৱৈক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে

আঘাতৰ চিকিৎসাজনিত কাৰণত উপস্থিত নাথাকে নীৰজ

pm modi

PM Modi will meet Indian athletes at the Red Fort on Independence Day:

স্বাধীনতা দিৱসত নতুন দিল্লীৰ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। স্বাধীনতা দিৱসৰ উদযাপনৰ এই অনুষ্ঠানতে উপস্থিত থাকিব পেৰিছ অলিম্পিকত অংশগ্রহণ কথা ভাৰতীয় খেলুৱৈসকল।

অৱশ্যে এই অনুষ্ঠানত উপস্থিত নাথাকে ৰূপৰ পদক বিজয়ী জেভেলিন থ্ৰু’ৱাৰ নীৰজ চোপ্ৰা। কিলাকুটিৰ আঘাতত ভুগি থকা নীৰজে ইতিমধ্যে পেৰিছৰ পৰাই উৰা মাৰিছে জার্মানীলৈ । তাতেই তেওঁৰ চিকিৎসা চলিব।

উল্লেখ্য যে ভাৰতৰ অধিকাংশ খেলুৱৈ ইতিমধ্যে দেশলৈ উভতি আহিছে। পিআৰ শ্রীজেশ, মনু ভাকেৰসহ সামৰণি অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় খেলুৱৈসকলে আজি পেৰিছৰ পৰা আহি দেশত উপস্থিত হৈছে। নীৰজৰ বাহিৰে প্রায় প্রতিজন খৈলুৱৈ স্বাধীনতা দিবসৰ কার্যসূচীত উপস্থিত থাকিব আৰু তাতেই প্রধানমন্ত্রীয়ে তেওঁলোকক সাক্ষাৎ কৰি অভিনন্দন জনাব। প্রধানমন্ত্রীয়ে ইতিমধ্যে সামাজিত মাধ্যমযোগে সকলোকে অভিনন্দন জনাইছিল। আনকি পদক প্রাপ্তসকলৰ স’তে ফোনত কথাও পাতিছিল।

Exit mobile version