Shimla: A huge tunnel collapsed in a landslide:ছিমলাত বৃহৎ বিপর্যয়, ভূস্খলনত খহি পৰিল প্রকাণ্ড সুৰংগ

lanslide 2

Shimla: A huge tunnel collapsed in a landslide:

হিমাচল প্ৰদেশৰ ছিমলাত সংঘটিত বৃহৎ বিপর্যয়। ভূস্খলনৰ ফলত ছিমলাত ভাগি পৰিল নির্মীয়মান এক সুৰংগ। হিমাচল প্ৰদেশৰ ছিমলাৰ চানজাউলিত এই ঘটনা ঘটিল। সুৰংগৰ প্ৰৱেশদ্বাৰতে এই বিপর্যয় ঘটা বুলি স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ।

কৈঠলীঘাটৰ পৰা ঢালিলৈকে চাৰিলেনৰ পথ নিৰ্মাণ কৰা হৈছিল কালকা- ছিমলা ৰাষ্ট্ৰীয় পথত। উক্ত পথতে ৪০০ মিটাৰৰ এক সুৰংগৰ খনন কাৰ্য চলাইছিল নেচনেল হাইৱে অথ’ৰিটি অৱ ইণ্ডিয়াই । খননৰ সময়তে পাহাৰত এক বৃহৎ অংশ ভাঙি পৰাত সুৰংগৰ প্ৰৱেশ পথ বন্ধ হ’ল।

Exit mobile version