Young man tied his wife to the back of his bike and dragged her on the Road in Rajasthan:ৰাজস্থানত চাঞ্চল্য :বাইকৰ পাছফালে বান্ধি পথত পত্নীক চোঁচৰালে যুৱকে

RAJASTHAN

Young man tied his wife to the back of his bike and dragged her on the Road in Rajasthan:

এগৰাকী মহিলাক নিজৰ বাইকৰ পাছফালে বান্ধি লৈ শিলাময় পথৰে চোঁচৰাই নিলে স্বামীয়ে। এই লোমহর্ষক বৰ্বৰ ঘটনা সংঘটিত ৰাজস্থানৰ নাগাউৰ জিলাত। এই ঘটনাৰ ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে।

পত্নীক বাইকৰ পাছফালে বান্ধি লৈ ৰাজপথৰে বাইক চলাই চোঁচৰাই নিলে নৃশংস যুৱকে। স্বামীৰ এনে পাশবিক কার্যত যন্ত্রণা আৰু আতংকত চিৎকাৰ কৰি উঠিছিল উক্ত মহিলাই। এসময়ত বাইক ৰখাই উক্ত মহিলাৰ পিঠিৰ ওপৰত ভৰিৰে হেঁচা দি উঠিও নির্যাতন চলালে উক্ত যুৱকে।

প্ৰকাশিত বাতৰি অনুসৰি, এই ঘটনা এমাহ পূৰ্বে ৰাজস্থানৰ উক্ত অঞ্চলত হৈছিল। ঘটনাস্থলীত ঘটনা সময়ত উপস্থিত আছিল আন দুজন পুৰুষ আৰু এগৰাকী মহিলা। এই ব্যক্তিকেইজনে ঘটনাৰ ভিডিঅ’ প্রস্তুত কৰিছিল।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, স্বামীয়ে এইদৰে পত্নীক নাৰকীয় অত্যাচাৰ কৰাৰ কাৰণ আছিল পত্নীয়ে তেওঁৰ ভগ্নীৰ ঘৰলৈ যাবলৈ বিচাৰিছিল। ৰাজস্থানৰ নাগাউৰ, ঝুনজুনু, পালিৰ দৰে জিলাত ধনৰ বিনিময়ত মহিলাক ক্ৰয় কৰি বিয়া কৰোৱাৰ ঘটনা প্রচলিত হৈ আহিছে।

এইদৰে ধনৰ বিনিময়ত বিয়া কৰোৱা মহিলাক মাৰাত্মক অত্যাচাৰ কৰাৰ অভিযোগো উঠি আহিছে। প্রকাশিত বাতৰি অনুসৰি, বাইকৰ পাছফালে পত্নীক বান্ধি চোঁচৰাই নিয়া উক্ত বৰ্ষৰ পুৰুষৰ নাম প্ৰমেৰাম মেঘৱাল। ১০ মাহ পূর্বে মেঘৱালে দুই লাখ টকাত উক্ত মহিলাক ক্রয় কৰিছিল।

Exit mobile version