Drawing Competition In Silpukhuri:স্বাধীনতা দিৱস উপলক্ষ্যত শিলপুখুৰী হাউচিং কলনীত জ্যোতিসন্ধানৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

art 1 1

Drawing Competition In Silpukhuri:

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মহানগৰীৰ শিলপুখুৰী হাউচিং কলনীত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা

স্বাধীনতা, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত এই প্ৰতিযোগিতাই অংশগ্ৰহণকাৰীৰ মাজত দেশপ্ৰেম আৰু সৃষ্টিশীলতাৰ বিকাশ সাধন কৰিবলৈ এই প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰা হৈছিল।

চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী তথা নাট্যকাৰ পানীন্দ্ৰ হাজৰিকাই। উদ্বোধনী ভাষণত হাজৰিকাই সৃষ্টিশীলতাৰ প্ৰয়োজনীয়তা আৰু শিশু সকলৰ মাজত কলাৰ প্ৰতি উৎসাহ বৃদ্ধি কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷

উল্লেখ্য যে চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। প্ৰতিটো শ্ৰেণীত শীৰ্ষ স্থান অৰ্জন কৰা তিনিজন প্ৰতিযোগিতাক বঁটা প্ৰদান কৰাৰ বিপৰীতে সকলো অংশগ্ৰহণকাৰীকে প্ৰশংসা পত্ৰৰে সন্মানিত কৰা হয়।

এই প্ৰতিযোগিতাৰ বঁটা বিতৰণীৰ মাজতে এক  সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠাত হয় ৷ য’ত শিশুসকলে দেশপ্ৰেমৰ গান আৰু নৃত্য প্ৰদৰ্শন কৰে। শিলপুখুৰী হাউচিং কলনীৰ বাসিন্দাসকলে এই মহত্বপূর্ণ অনুষ্ঠানৰ আয়োজন কৰা বাবে “জ্যোতিসন্ধান”ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Exit mobile version