Pressmeet Addressing Bjp Sporkperson Anil Antony:পশ্চিম বংগৰ মহিলা চিকিৎসকৰ বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাহুল গান্ধী নিমাত কিয় ?

প্রশ্ন বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র অনিল এন্থনীৰ

anil scaled

Pressmeet Addressing Bjp Sporkperson Anil Antony:

নিজকে নিজে জন নায়ক হিচাপে জাহিৰ কৰা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে পশ্চিম বংগৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত মহিলা চিকিৎসকক দুর্বৃত্তই দলবদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ বৰ্বৰ ঘটনাৰ সন্দৰ্ভত কিয় নিষ্ক্রীয় ভূমিকা গ্রহণ কৰিছে তথা সততে দেশৰ বিভিন্ন ঘটনাস্থলীত ৰাজনৈতিক পৰ্যটকৰ দৰে ঘটনাস্থলীলৈ যোৱা কংগ্রেছ নেতাজনে পশ্চিম বংগৰ চিকিৎসকক নৃশংস হত্যা কৰা স্থানলৈ আজিকোপতিও যাবলৈ কিয় সাহস কৰা নাই বুলি প্রশ্ন কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্র অনিল এন্থনীয়ে।

আজি গুৱাহাটী বশিষ্ঠস্থিত বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে পশ্চিম বংগৰ চৰকাৰৰ মুৰব্বী মমতা বেনাৰ্জীকো চোকা সমালোচনা কৰে। উল্লেখ্য যে যোৱা তেৰটা বছৰ পশ্চিম বংগত কংগ্রেছ সহযোগী তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা বেনাৰ্জীৰ নেতৃত্বৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ জনসাধাৰণ সুৰক্ষিত নহয় আৰু মহিলাৰ ওপৰত নিৰৱিচ্ছিন্নভাৱে বিভিন্ন বৰ্বৰ ঘটনা সংঘটিত হৈ আহিছে যদিও মমতা চৰকাৰে চকু মুদা কুলিৰ দৰে ভাও ধৰি দুৰ্বত্তসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই।

অন্যহাতেদি মহিলা চিকিৎসকৰ দলৱদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাৰ ঘটনাই পাছত তৎকালীনভাবে মমতা চৰকাৰে দুৰ্বত্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাৰ ফলত দুর্বৃত্ত সকলে ঘটনাস্থলীৰ পৰা সাক্ষ্য প্রমাণ সমূহ নষ্ট কৰিবলৈ সুবিধা পালে। আশ্চার্যজনকভাবে চিকিৎসক গৰাকীৰ অভিভাৱকক মৃতদেহ ঘটনাৰ তিনি ঘণ্টাৰ পাছতহে চাবলৈ দিয়া হৈছিল আৰু ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি পশ্চিম বংগৰ আৰক্ষীৰ সহযোগত চিকিৎসালয় কতৃপক্ষই প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। মুখপাত্ৰ গৰাকীয়ে লগতে কয় পশ্চিম বংগৰ চৰকাৰে একাংশ দোষীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰে।

সেয়েহে বিজেপিয়ে মমতা চৰকাৰ আৰু দুর্বৃত্ত সকলৰ মাজত সম্পক থকা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰিছে। আৰ জি কাৰ, মেডিকেল কলেজৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী মহিলা চিকিৎসক দলৱদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ অনুসন্ধান কৰিবৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অর্পণ কৰিছে আৰু সংস্থাটোৰ অনুসন্ধানত সকলো ধৰণৰ তথ্য তথা ঘটনাৰ লগত জড়িত থকা লোক সকলৰ সন্দৰ্ভত সকলো তথ্য পোহৰলৈ আহিব বুলি নেতাজনে মতপোষণ কৰে।

আজিৰ সংবাদ মেলত যুৱনেতা তথা ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত থাকি সংবাদিক সকলক সম্বোধিত কৰে।

Exit mobile version