CBI has launched a probe into the rape and murder of a doctor in Kolkata:কলকাতাৰ চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ডৰ তদন্ত আৰম্ভ চিবিআইৰ

তদন্ত চলি থকাৰ মাজতে ৪২গৰাকী চিকিৎসকক বদলি , আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰো দুগৰাকী চিকিৎসকক বদলি পশ্চিমবংগ চৰকাৰৰ , তীব্ৰ প্ৰতিক্ৰিয়া

protest 1

CBI has launched a probe into the rape and murder of a doctor in Kolkata:

৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধর্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত কলকাতা সহ দেশজুৰি ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বানক্ৰমে চিকিৎসক সকলে ২৪ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী অব্যাহত থকাৰ মাজতে পশ্চিমবংগত ৪২গৰাকী চিকিৎসকক বদলি কৰে মমতা বেনাৰ্জী চৰকাৰে।

বদলি কৰে আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰো দুগৰাকী চিকিৎসকক ৷ ৰাজ্য চৰকাৰৰ তাৎক্ষণিক সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ কিয়নো এই জঘন্য ঘটনাক লৈ কলিকতা উচ্চ ন্যায়ালয়ৰ ভৎসনাৰ সন্মুখীন হৈছিল ৰাজ্য প্ৰশাসন। আনকি ন্যায়ালয়ৰ নিৰ্দেশত ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হয় চিবিআইক

ইতিমধ্যে চিবিআইৰ বিশেষ টিম এটি কলকাতাত উপস্থিত হৈ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সহ কেবাজনো চিকিৎসক সহ কৰ্মচাৰীক সোধপোছৰ বাবে কলকাতাস্থ চিবিআইৰ কাৰ্যালয়লৈ অনা হৈছে ৷

উল্লেখ্য যে প্ৰয়াত চিকিৎসক গৰাকীৰ ধৰ্ষণ- হত্যাৰে জড়িত থকা ত্ৰিশজন লোকৰ নাম সম্বলিত তথ্য ইতিমধ্যে চিকিৎসক গৰাকীৰ পৰিয়ালৰ লোকে দিছে চিবিআইক ৷

Exit mobile version