Amit Shah’s comments on CAA: কা’ সন্দৰ্ভত শ্বাহৰ মুখত বাংলাদেশ প্ৰসংগ

আপুনি যদি চুবুৰীয়া দেশত মৰ্যাদাৰে জীয়াই থাকিব নোৱাৰে, যদি আপুনি এই দেশলৈ শৰণাৰ্থী হিচাপে আহিছে, তেন্তে আমি কি কৰিম ? আমি নীৰৱ দৰ্শক হিচাপে বহিব নোৱাৰো:অমিত শ্বাহ

amit shah

Amit Shah’s comments on CAA:

নাগৰিকত্ব (সংশোধনী )আইন (কা)ৰ অধীনত গুজৰাটত ১৮৮ জন পাকিস্তানী হিন্দুক দেওবাৰে ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হয়। গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত এই লোকসকলক নাগৰিকত্ব প্রমাণপত্র প্রদান কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিৰোধী কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহক কঠোৰ সমালোচনা কৰে।

শ্বাহে অভিযোগ কৰে যে পূৰ্বৰ চৰকাৰসমূহে দেশত প্ৰৱেশ কৰা অনুপ্রৱেশকাৰীসকলক অবৈধভাৱে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছিল। ইয়াৰ বিপৰীতে ভাৰতত আশ্রয় বিচৰা সকলক ১৯৪৭ৰ পৰা ২০১৪ লৈকে পূৰ্বৰ চৰকাৰসমূহে ন্যায় দিয়া নাছিল বুলি মন্তব্য কৰি গৃহমন্তী শ্বাহে লগতে কয়, ‘নাগৰিকত্ব (সংশোধনী) আইনে কেৱল মানুহক নাগৰিকত্ব প্রদানেই কৰা নাই, এই আইনে লাখ লাখ মানুহক ন্যায় আৰু অধিকাৰ প্ৰদান কৰিছে।

কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহৰ তুষ্টিকৰণ ৰাজনীতিৰ ফলত ভাৰতত আশ্রয় বিচৰা লোকসকলে ১৯৪৭ৰ পৰা ২০১৪ লৈকে ন্যায় নাপালে।’ হিন্দু, বৌদ্ধ, শিখ অথবা জৈন ধর্মাবলম্বী হোৱাৰ বাবে এই লোকসকলে প্রতিবেশী দেশসমূহত অত্যাচাৰৰ সম্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ইন্ডিয়া জোটৰ তুষ্টিকৰণৰ ৰাজনীতিয়ে এই লোকসকলক ন্যায় নিদিলে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক ন্যায় প্রদান কৰিছে।’ আনহাতে, বিৰোধীয়ে কা’ক কৰা সমালোচনাৰ প্রত্যুত্তৰ দি শ্বাহে কয় যে কা-ৰ অধীনত হিন্দু, বৌদ্ধ, শিখ আৰু জৈন ধৰ্মাৱলম্বী শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ ফলত কোনেও নাগৰিকত্ব হেৰুৱাব লগা নহ’ব। ‘মোৰ মুছলমান ভ্রাতৃ- ভগ্নীসকলক স্পষ্ট কৰি দিব বিচাৰিছো যে ‘কা’ হৈছে নাগৰিকত্ব প্ৰদানৰ বাবেহে, নাগৰিকত্ব কাঢ়ি লোৱাৰ বাবে নহয়।’ তেওঁ এইদৰে কয়।

শ্বাহে লগতে কয় যে দেশ বিভাজনৰ সময়ত বাংলাদেশত হিন্দুৰ জনসংখ্যা ২৭ শতাংশ হোৱাৰ বিপৰীতে আজি দেশখনত হিন্দুৰ সংখ্যা ন শতাংশহে। এনেদৰে হিন্দুৰ সংখ্যা হ্রাস পোৱাৰ কাৰণত বলপূর্বক ধর্মান্তৰকৰণ বুলি তেওঁ মন্তব্য কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে,”আপুনি যদি চুবুৰীয়া দেশত মৰ্যাদাৰে জীয়াই থাকিব নোৱাৰে, যদি আপুনি এই দেশলৈ শৰণাৰ্থী হিচাপে আহিছে, তেন্তে আমি কি কৰিম ? আমি নীৰৱ দৰ্শক হিচাপে বহিব নোৱাৰো । তেনে লোকক শৰণাৰ্থী হিচাপে ৰখাটো আমাৰ দায়িত্ব হোৱা উচিত ৷

Exit mobile version