Fake CBI officer arrested in Guwahati: গুৱাহাটী আৰক্ষীত নকল আৰক্ষীৰ পয়োভৰ !

নকল এচিপিৰ পিছত এইবাৰ নকল চিবিআই

fake cbi

Fake CBI officer arrested in Guwahati:

গুৱাহাটীত এইবাৰ মুন্নাভাই এমবিবিএছ নহয় ৷ গুৱাহাটীত দপদপাই আছে নকল এচিপি,নকল চিবিআই ৷ অৱশ্যে এশ গৰু মাৰিলে বাঘৰো মৰণৰ লেখিয়াকৈ নকল এচিপি,নকল চিবিআই ইতিমধ্যে পৰিছে আৰক্ষীৰ জালত

কেইদিন পূৰ্বে জালুকবাৰীত এচিপি পোছাকত ডিউটি দি থকা অৱস্থাত ধুৰন্ধৰ যুৱক এজনক আৰক্ষীয়ে আটক কৰাৰ পিছত সোমবাৰে আৰক্ষীৰ জালত পৰে এজন নকল চিবিআই বিষয়া ৷

আৰক্ষীৰ পোছাকত গুৱাহাটীত ঘূৰি ফুৰিছিল ভুৱা চিবিআইজন ৷ পিছত আৰক্ষীয়ে অভিযান চলাই নকল চিবিআইজনক আৰক্ষীৰ পোচাকতে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱকজনৰ নাম ফাইজুৰ হাজৰিকা ওৰফে ডেনিছ ৷

উল্লেখ্য যে,আটকাধীন যুৱকজনে দীর্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি আহিছিল বিভিন্নজনক ৷ আটকাধীন যুৱকজনৰ পৰা দুটা নকল পিষ্টল, ম’বাইল ফোন, ভুৱা আই কার্ড জব্দ কৰে আৰক্ষীয়ে ৷

Exit mobile version