Meghalaya government is strongly opposed to limestone mining in Dima Hasao:ডিমা হাছাওত চূণশিল খননৰ তীব্ৰ বিৰোধিতাত সৰৱ মেঘালয় চৰকাৰ

উচ্চতম ন্যায়ালয়ৰ সমিতিক অৱগত কৰিলে চাংমা চৰকাৰে, প্রাকৃতিক গুহা-সামূহিক সংৰক্ষিত বনাঞ্চলত বিৰূপ প্ৰভাৱৰ আশংকা

limestone

Meghalaya government is strongly opposed to limestone mining in Dima Hasao:

অসম চৰকাৰে ডিমা হাছাওত চুণশিল খননৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি সৰৱ হৈ উঠিছে মেঘালয়। জিলাখনত চূণশিল খননে গাতে লাগি থকা মেঘালয়ৰ পাহাৰৰ গুহা আৰু বনাঞ্চলসমূহত বিৰূপ প্রভাৱ পেলোৱাৰ আশংকা কৰি চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে বিষয়টো কেন্দ্ৰীয় ক্ষমতাসম্পন্ন সমিতি (চিইচি) ৰো দৃষ্টিগোচৰ কৰিছে।

উল্লেখ্য যে অসম চৰকাৰে ডিমা হাছাওত সাতটা চুণশিলৰ খনি নিলামৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে। এই চূণশিলৰ খনিসমূহৰ লগতে এটা লোৰ আকৰৰ খনিৰ নিলাম প্রক্রিয়াও চৰকাৰে আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে এই খনিসমূহত খননৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

আনহাতে অসম চৰকাৰৰ এই পদক্ষেপৰ কথা ৰাজহুৱা হোৱাৰ পাছতে তৎপৰ হৈ উঠে মেঘালয় চৰকাৰ। ডিমা হাছাওত চূণশিল খননৰ বিৰোধিতা কৰি কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতিৰ দ্বাৰস্থ হৈছে কনৰাড চাংমা চৰকাৰ।

এই কথা সদৰী কৰি মেঘালয়ৰ প্ৰধান মুখ্য বন সংৰক্ষক ৰঞ্জিত সিং গিলে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ১৯ জুনত কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতিৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ডিমা হাছাওত অসম চৰকাৰে চূণশিল খনন কৰিলে মেঘালয়ৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি জনায়।

বৈঠকখনত অংশগ্ৰহণ কৰিবলৈ যাওঁতে শীর্ষ বন বিষয়াজনে মেঘালয়ৰ মুখ্য সচিবে অসম চৰকাৰৰ এই প্ৰস্তাৱিত চূণশিল খননক লৈ উদ্বেগ প্রকাশ কৰি লিখা এখন পত্রও লৈ যায়। বৈঠকত পত্রখন দাখিল কৰা বুলি সদৰী কৰি গিলে লগতে কয়, ‘অসমত চূণশিলৰ খননে মেঘালয়ৰ গুহাসমূহ আৰু সংৰক্ষিত বনাঞ্চলসমূহৰ পৰিৱেশতন্ত্রগত সংহতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পেলাব পৰা বিৰূপ প্ৰভাৱক লৈ আমি গভীৰভাৱে উদ্বিগ্ন।’

উল্লেখ্য যে কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতি (চিইচি) উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰিৱেশ ৰক্ষাৰ বাবে গঠিত এখন সমিতি। এই সমিতিয়ে বন তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতিও চকু ৰাখে। অসম চৰকাৰে ডিমা হাছাওত চূণশিল খননৰ বাবে গ্রহণ কৰা পদক্ষেপ মেঘালয় চৰকাৰে বিৰোধিতা কৰাৰ পাছত সমিতিখনে যোৱা ১৪ আগষ্টত ইয়াৰ দ্বিতীয়খন বৈঠক আহ্বান কৰে।এই সকলো দিশ উক্ত সমিতিৰ দৃষ্টিগোচৰ কৰা হয় বুলিও মেঘালয়ৰ বন বিষয়াজনে সদৰী কৰে।

আনহাতে, প্রযুক্তি ব্যৱহাৰ কৰি ডিমা হাছাওত চূণশিলৰ খনন কৰিলে, জিলাখনৰ জীৱন ৰেখাস্বৰূপ কপিলী নৈৰ লগতে ওচৰ-পাঁজৰৰ পৰিৱেশৰ বিস্তৰ ক্ষতিৰ আশংকাও প্ৰৱল হৈছে। কাৰণ চূণশিল খনন বিস্ফোৰণ ঘটাই কৰা হয়। এই চূণশিল খননৰ ফলত হ’ব পৰা প্ৰদূষণ আৰু নামনি অংশত পৰিব পৰা বিৰূপ প্ৰভাৱৰ কথা বিবেচনা নকৰাকৈয়ে অসম চৰকাৰে ডিমা হাছাওৰ সাতটাকৈ চূণশিলৰ খনি কৰ্প’ৰেট গোষ্ঠীৰ দ্বাৰা খননৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

লক্ষ্যণীয় যে বিদেশী পর্যটক আৰু গুহা অন্বেষণকাৰীসকলক আকৰ্ষণ কৰা মেঘালয়ৰ গুহাসমূহ পৰিৱেশতন্ত্রগতভাৱে স্পৰ্শকাতৰ বুলি কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি থৈছে। ডিমা হাছাওৰ চূণশিল স্তূপৰ পৰা মাথোঁ দুশ মিটাৰ দূৰৈত অৱস্থিত মেঘালয়ৰ কা ক্ৰেম লেবিট উমক্ৰীপং নামৰ সংৰক্ষিত বনাঞ্চল। এই চূণশিল খননৰ ফলত ৰাজ্যখনৰ ক্ৰেক্রম লিয়াট প্রাহ গুহাৰো বিস্তৰ ক্ষতিৰ আশংকা কৰা হৈছে।

উল্লেখ্য যে উক্ত গুহা হৈছে এছিয়াৰে সর্বাধিক দৈৰ্ঘ্যৰ প্ৰাকৃতিক গুহা। বর্তমানলৈ এই প্রাকৃতিক গুহাৰ ৩০, ৯৫৭ মিটাৰ দৈৰ্ঘ্যৰ অন্বেষণ সম্পূর্ণ হৈছে। উক্ত গুহা প্ৰস্তাৱিত চূণশিল খনিৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্রাকৃতিক বৈচিত্র্যৰে ভৰপূৰ এই অঞ্চলৰে ছাইবেৰিয়াৰ পৰা আমূৰ ফেলক’ন পক্ষী আহে।

Exit mobile version