কৰ’না ভাইৰাছৰ সংক্রমণে মানুহৰ যৌন জীৱনতাে নেতিবাচক প্রভাৱ পেলাইছে। গৱেষণামূলক অধ্যয়নৰ তথ্য অনুসৰি, ক’ভিড-১৯ত আক্রান্ত হােৱা পুৰুষৰ মাজত যৌনকাংক্ষা হ্রাস, নপুংসকতাৰ দৰে গুৰুতৰ সমস্যাই দেখা দিছে।
ক’ভিডৰ পাছত সুস্থ হােৱা ব্যক্তিৰ মাজত মানসিক হেঁচা, অৱসাদগ্রস্ততা বৃদ্ধি পাইছে আৰু যথেষ্টসংখ্যক পুৰুষ নানা ধৰণৰ যৌন দুর্বলতাজনিত সমস্যাত আক্ৰান্ত হৈছে।
ইউনিভাৰচিটি অৱ কেলিফর্ণিয়াৰ ইউ’লজিষ্ট ডাঃ হার্ড আৱর্তে এই তথ্য প্রকাশ কৰি জনােৱা মতে, ক’ভিডৰ পাছত সুস্থ হােৱা পুৰুষৰ মাজত যৌন সমস্যা পূর্বৰ তুলনাত অধিক প্রত্যক্ষ হৈছে।
বিশেষকৈ বিশ্বজুৰি বর্তমানে পুৰুষৰ মাজত নপুংসকতাৰ সমস্যা বৃদ্ধি পাইছে বুলি ডাঃ আৱর্তে জানিবলৈ দিয়ে। মানৱ যৌন জীৱনত কৰনাৰ প্ৰভাৱ সন্দৰ্ভত বর্তমানলৈকে বিশ্বৰ একাধিক দেশত গৱেষকসকলে কে’বাটাও অধ্যয়ন সম্পন্ন কৰিছে আৰু এইসমূহ অধ্যয়নৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি, ক’ভিড-১৯ৰ ভাইৰাছত আক্রান্ত হােৱাৰ পাছত পুৰুষৰ মাজত যৌন শক্তি দুর্বল হােৱাৰ সমস্যা অধিক প্ৰকট হৈছে।
বিশেষজ্ঞসকলৰ মতে ক’ভিড-১৯ৰ ফলত হােৱা ক্ষতি কিছুমান স্থায়ী আৰু আন কিছুমান অস্থায়ী। যৌন জীৱনত কৰ’নাই পেলােৱা এনে নেতিবাচক প্রভাৱ দীর্ঘস্থায়ী হ’বনে ই সাময়িক, এই সন্দৰ্ভত অধিক গৱেষণামূলক অধ্যয়ন চলােৱাৰ প্ৰয়ােজন আছে বুলি ডাঃ আৱর্তে জানিবলৈ দিয়ে।






























