Chirang Human Trafficking and Molestation:মানৱ সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনী সভাপতি

মানৱ সৰবৰাহকাৰী কবলৰ পৰা কথমপি ৰক্ষা দুগৰাকীকৈ নাবালিকা , মানৱ সৰবৰাহকাৰী গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ দ্বাৰা নাবালিকা দুগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ,ৰক্ষক হৈ ভক্ষকৰ ভুমিকা গ্ৰহণ কৰা গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন পলাতক

calpit

 Chirang Human Trafficking and Molestation:

সমগ্ৰ ৰাজ্যজুৰি এটাৰ পিছত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ সময়তে চিৰাঙৰ চিদলী দুগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

চিৰাং জিলাৰ চিদলী থানা এলেকাৰ মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ বিৰুদ্ধে দুগৰাকীকৈ নৱম শ্ৰেণীৰ ছাত্ৰীক বহিঃৰাজ্যত কাম দিয়াৰ ছলেৰে ঘৰৰ পৰা মাতি নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

চিদলী থানাৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি তথা বিবাহিত জহৰউদ্দিন দেৱানে পূৰ্ব পৰিকল্পনা অনুসৰি কাশিকোত্ৰা এলেকাৰ দুগৰাকী কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাবালিকা দুগৰাকীক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এজনী সহপাঠীৰ জৰিয়তে ফুচুলাই যোৱা ২০ আগষ্টৰ দিনা বিয়লিৰ ভাগত মোজাবাৰী গাঁৱত মাতি লৈ ৰাতি এঘৰত ৰাখে দিয়ে আৰু ওচৰৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৌশলপূৰ্ণ ভাবে মাতি লৈ নাবালিকা দুজনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ সম্ভেদ পাই মোজাবাৰী শাখা এবিএমছুয়ে ভিন্ন ধৰ্মী ছোৱালী দুজনীক উদ্ধাৰ কৰি অভিভাৱকক চমজাই দিয়ে । তাৰ পিচতে নাবালিকা দুগৰাকীৰ অভিভাৱকে এই ঘটনা সন্দৰ্ভত চিদলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

অভিযোগ লাভ কৰাৰ পিছত চিৰাং আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত চিদলী থানাৰ আৰক্ষীয়ে দুই নিৰ্যাতিতা নাবালিকাক সোধপোছ কৰে আৰু তেওঁলোকৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দল মোজাবাৰী গাঁৱত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত জহিৰউদ্দিন দেৱান নিজৰ মোবাইল ফোন বন্ধ কৰি ঘৰৰ পৰা পলাই আছে ।

ইপিনে এই সমগ্ৰ ঘটনাক লৈ চিদলী এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কমতাপুৰ শায়ত্ব শাসিত পৰিষদৰ সদস্য বিক্ৰমজিত ৰায়ে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই ঘটনাৰ আঁৰত এটা শক্তিশালী মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে । জহিৰউদ্দিন দেৱান নামৰ অভিযুক্ত জন উক্ত মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত আছে বুলি আশংকা ব্যক্ত কৰে ।

ইপিনে আক্ৰাছুৰ নেতা প্ৰাঞ্জল চৌধুৰীয়ে সমগ্ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু এই নাবালিকা দুজনীৰ সৈতে যৌন নিৰ্যাতন চলোৱা গাওঁৰক্ষী বাহিনীৰ সভাপতি জহিৰউদ্দিন দেৱানক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

ইপিনে বিটিআৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক বাপুকণ বৰ্মনে এই মানৱ সৰবৰাহকাৰী তথা নাবালিকাক যৌন নিৰ্যাতন চলোৱা পাষণ্ড জহিৰউদ্দিন দেৱানক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে নহলে এই ঘটনাৰ প্ৰতিবাদত আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ কথা সদৰি কৰে ।

Exit mobile version