Ex.Minister Nagen Sharma’s foundation stone was laid by businessmen: নিজ স্বার্থক গুৰুত্ব দি ব্যৱসায়ীয়ে পুতিলে প্রয়াত মন্ত্রী নগেন শৰ্মাৰ আধাৰশিলাৰ ফলক

দেখিও নেদেখাৰ ভাওত লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী, ৰাইজৰ মাজত প্রতিক্রিয়া

stone

Ex.Minister Nagen Sharma’s foundation stone was laid by businessmen:

ব্যক্তিগত ভূমি পোতাৰ নামত প্রয়াত মন্ত্ৰীৰ অধাৰশিলাৰ ফলক পুতি পেলোৱাক লৈ বাহাৰঘাটৰ একাংশ ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্রত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতো আজি পর্যন্ত লোকনির্মাণ বিভাগে কোনো কার্যকৰে ব্যবস্থা গ্রহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।

মুখ্যমন্ত্রী ড: হিমস্ত বিশ্ব শৰ্মাৰ অধীনত থকা লোকনির্মাণ বিভাগৰ বিষয়া-কর্মচাৰীৰ চকুমুদি থকা আচৰণে সকলোকে স্তম্ভিত কৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ বিভাগৰ কৰ্মচাৰীয়ে একালৰ নিজৰ বিভাগৰে দক্ষ মন্ত্ৰীৰ আধাৰশিলাৰ ফলক অকর্তৃত্বশীলভাবে কোনোবাই নিজ স্বাৰ্থৰ বাবে পুতি পেলোৱাটো কিমান আইনগত তাক বিচাৰ কৰিব পৰা লোকনির্মাণ বিভাগৰ কৰ্মচাৰীৰ নাই বুলি ৰাইজে আক্ষেপ কৰিছে।

উল্লেখ্য যে কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী বৰলীয়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰাক্তন মন্ত্রী প্রয়াত নগেন শৰ্মাৰ নামত নৈখনৰ পশ্চিম দিশৰ বাহাৰঘাট চ’কতে এখন আধাৰশিলাৰ ফলক আছিল।
মনকৰিবলগীয়া যে বিগত ২০০০ৰ ২৫ ফেব্ৰুৱাৰীত সেই সময়ৰ গড়কাপ্টানী আৰু বনমন্ত্রী নগেন শৰ্মাই বাহাৰঘাট চ’কৰ পশ্চিম দিশত আধাৰশিলা স্থাপন কৰিছিল। সেই সময়ৰ বিভাগটোৰ উচ্চপদস্থ আমোলা-বিষয়াৰ উপস্থিতিত উক্ত আধাৰশিলা মন্ত্রীজনে স্থাপন কৰিছিল। কালক্ৰমত পকীদলং সম্পূর্ণ হ’ল; কিন্তু গড়কাপ্টানী বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ সক্ষম নহ’ল।

যি নহওক কিয় দলংখনৰে যানবাহন চলাব পৰা হ’ল। আজিও কোনো হানি-বিঘিনি নোহোৱাকৈ চলি আছে। একে  সময়ৰে অৰ্থাৎ এটা দিনতে আধাৰশিলা কৰা দামোদৰধামৰ দলংখন বর্তমান জৰাজীৰ্ণ অৱস্থা হৈছে। বর্তমান উক্ত দলঙৰে যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। তাৰ বিপৰীতে বাহাৰঘাটৰ বৰলীয়া নৈৰ ওপৰৰ দলংখন আজিও কোনো হানি বিঘিনি নোহোৱাকৈ চলি আছে। মাত্র আধাৰশিলাৰ ফলক খনলৈহে নামি আহে বিপৰ্যয়।

মনকৰিবলগীয়া যে ইয়াৰ আগতে এবাৰ বৰলীয়া মথাউৰি মেৰামতি কৰোতে ঠিকাদাৰে উক্ত আধাৰশিলাৰ ফলকখন পুতি পেলাইছিল। সেই সময়ত উক্ত কার্যক ধিক্কাৰ জনাই ‘দৈনিক অগ্রদূত’যোগে বাতৰি প্ৰকাশ হোৱাত ঠিকাদাৰজনে ফলকখন সুন্দৰকৈ পুনৰাই ৰাইজৰ দৃষ্টিগোচৰ হোৱা কৰি দিছিল।

তেতিয়াৰে পৰা কোনো হানি-বিঘিনি নোহোৱাকৈ বৰ্তমানলৈ ফলকখন আছিল; কিন্তু বৰ্তমান বাহাৰঘাটৰে এজন ব্যৱসায়ীয়ে তেওঁ ব্যক্তিগত মাটি পোতাৰ নামত ফলকখন পুতি পেলোৱাত একাংশ সচেতন ৰাইজৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইমানে নহয়, সচেতন ৰাইজে ‘দৈনিক অগ্রদূত’ৰ স্থানীয় প্রতিনিধিক বিষয়টো অৱগত কৰে।

ৰাইজৰ অভিযোগৰ ভিত্তিত ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা ব্যৱসায়ীজনক বিষয়টো অৱগত কৰে। ব্যৱসায়ীজনে সেইদিনাই ফলকৰ সন্মুখৰ মাটি আঁতৰাই দিয়াৰ প্রতিশ্রুতি দিছিল; কিন্তু দুর্ভাগ্যজনক কথা যে ব্যৱসায়ীজনে প্রতিশ্রুতি দিয়াৰো তিনি-চাৰি মাহ অতিক্ৰম কৰিলে ফলকখন মুকলি কৰাৰ কোনো উমঘামেই নাই। ফলত অতিষ্ঠ হৈ পৰিছে সচেতন ৰাইজ।

এই ক্ষেত্ৰত অগপ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা প্ৰপ্রতিক্রিয়া প্রকাশ কৰি এজন মন্ত্ৰীৰ নাম খোদিত আধাৰশিলা ফলক পুতি পেলোৱাটো অতিপাত দুর্ভাগ্যজনক কথা বুলি আক্ষেপ কৰে। আনহাতে, লোকনির্মাণ বিভাগে অধিক গুৰুত্ব আৰোপ কৰি ফলকখন পুনৰাই ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ মুকলি কৰিব লাগে।

এই ক্ষেত্রত অগপ ১১ নম্বৰ দেহাৰকুছি আঞ্চলিক সমিতিৰ সভাপতি গৌতম শৰ্মা, বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সম্পাদক আৱাল জাহিৰ চৌধুৰী, অগপ নলবাৰী জিলা সমিতিৰ সম্পাদক কনকেশ্বৰ দাস, অসম ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ সভাপতি কৃতাৰ্থ প্রতিম শৰ্মা আদি কৰি কে’বাজনো অগপ নেতা-কর্মীয়ে উক্ত কাৰ্যৰ অসন্তুষ্টিপ্ৰকাশ কৰি লোকনিৰ্মাণ বিভাগৰ নলবাৰী সংমণ্ডলৰ বিষয়া-কর্মচাৰীক ইয়াৰ এটা সমাধান কৰাৰ আহ্বান জনাইছে।

আনহাতে আধাৰশিলা ফলক মাটিৰে পুতি পেলোৱা কাৰ্যক স্থানীয় বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থায়ো নীতিবিৰুদ্ধ কাম বুলি অভিযোগ তুলিছে

Exit mobile version