Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Time is Running out of Hand : হাতৰ পৰা সময় ওলাই গৈ আছে !

#প্রাঞ্জলসেন ডেকা

publisher by publisher
August 28, 2023
in India, News
Reading Time: 5 mins read
0
Time is Running out of Hand : হাতৰ পৰা সময় ওলাই গৈ আছে !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

উত্তৰাখণ্ডত পাকিস্তানৰ স’তে গুপ্তচৰ সংযোগৰ অভিযোগত এজন গ্ৰেপ্তাৰ

Time is Running out of Hand : হাতৰ পৰা সময় ওলাই গৈ আছে !

ADVERTISEMENT

#প্রাঞ্জলসেন ডেকা

সর্বস্বান্ত হ’লেও প্রভাকৰে ভগৱানক ধন্যবাদ জনাইছে, এনে অভাৱনীয় বিপর্যয়ৰ পাছতো তেওঁৰ আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰাণ ৰক্ষা পৰিল । উত্তৰাখণ্ডৰ চামোলি জিলাৰ মায়াপুৰ গাঁৱৰ বাসিন্দা প্ৰভাকৰ ভট্টা আজি গৃহহীন। যোৱা ১৪ আগষ্টৰ নিশা হঠাতে অহা প্ৰবল বানপানীত প্ৰভাকৰহঁতৰ দুমহলীয়া পকী ঘৰটো ধ্বংস হয়।

পানীৰ স’তে পাহাৰৰ পৰা বৈ অহা শিল-বোকা আদিয়ে তেওঁলোকৰ ঘৰটো সম্পূৰ্ণৰূপে পুতি পেলায়। সৌভাগ্যক্রমে তেওঁলোকৰ পৰিয়ালটোৰ প্ৰাণৰক্ষা পৰিল, কাৰণ পাহাৰৰ ওপৰৰ দিশে বাস কৰা পৰিচিত লোকে প্রভাকক বিপদৰ আগজাননী দিছিল। সেই বাবে আসন্ন বিপদৰ স’তে মুখামুখি হোৱাৰ উদ্দেশ্যে নিশা সাৰে থাকি প্ৰস্তুত হৈ আছিল।

হঠাতে আজৱ ধৰণৰ শব্দ শুনাৰ লগে লগে প্ৰভাকৰ আৰু পৰিয়ালৰ সদস্যসকলে দৌৰি পলাই প্ৰাণৰক্ষা কৰে। প্ৰভাকৰৰ পিতৃয়ে জীৱনৰ আৰ্জিত সমস্ত পুঁজি ব্যয় কৰি এই ঘৰটো নিৰ্মাণ কৰিছিল। সকলো হেৰুৱাই পৰিয়ালটোৱে এতিয়া অনিশ্চিত ভবিষ্যৎ সমুখত লৈ আশ্ৰয়ৰ সন্ধানত নিজৰ গাঁও এৰিবলৈ বাধ্য হৈছে। গাঁওখনৰ অন্যান্য পৰিয়ালসমূহৰো একেই দশা।

পাহাৰ অঞ্চলত হোৱা অত্যধিক বৰষুণৰ পৰিণতিত মায়াপুৰৰ দৰে আৰু বহুত গাঁৱেই ভয়াৱহ ভূমিস্খলনৰ কবলত পৰিছে। অৱশ্যে সকলোৱেই প্ৰভাকৰহঁতৰ দৰে সৌভাগ্যবান হোৱা নাই! চকুৰ সমুখতে বানপানীত বহু লোক উটি ভাঁহি গৈছে অথবা ভূমিস্থলনত পোত গৈছে।

হিমালয় অঞ্চলত শেহতীয়া সময়ছোৱাত প্ৰচণ্ড বৰষুণৰ ফলত আকস্মিক বানপানী আৰু ভূমিস্খলনৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৰষুণৰ অস্বাভাবিক বৃদ্ধিয়ে এই অঞ্চলটোক অতি বিপজ্জনক কৰি তুলিছে।

এনে বতৰে নেপাল আৰু পাকিস্তানৰো একাংশ অঞ্চলক প্রভাবিত কৰিছে। চলিত বাৰিষাত পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত প্রকৃতিয়ে যি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে সি অধিক ভয়াবহ ভবিষ্যতবেই ইংগিত দিছে।

হিমালয় পর্বতমালাৰ পাদদেশৰ এই ৰাজ্য দুখন অত্যধিক বৰষুণ, বানপানী, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ কবলত পৰি ছেদেলি-ভেদেলি হৈ পৰিছে। যোৱা ২৪ জুনত বাৰিষা আৰম্ভ হোৱাৰে পৰা এই পর্যন্ত কেরল হিমাচলতে চাৰিশ লোকে প্ৰাণ হেৰুৱাইছে। সন্ধানহীন হৈ আছে আৰু অৰ্ধ-শতাধিক।

মাত্ৰ দুমাহত ৰাজ্যখন কমেও ডেৰশটা ভয়াৱহ ভূমিস্খলনৰ ঘটনাৰ সম্মুখীন হ’বলগীয়া হৈছে। ৰাজহুৱা আৰু ব্যক্তিগত সা-সম্পত্তিৰ অভাৱনীয় ক্ষতিসাধন হৈছে। ৰাজ্যখনত ১৫ হেজাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ অধিকাংশই পুনৰ বসবাস অথবা মেৰামতিৰ যোগ্য হৈ থকা নাই।

চৰকাৰৰ প্ৰাথমিক হিচাপ অনুসৰি এই পৰ্যন্ত কমেও ১২ হেজাৰ কোটি টকাৰ ক্ষতি হৈছে। ফলস্বৰূপে যোৱা ১৮ আগষ্টত হিমাচল চৰকাৰে সমগ্ৰ ৰাজ্যখনকে প্রাকৃতিক দুর্যোগ ক্ষতিগ্রস্ত অঞ্চলৰূপে ঘোষণা কৰিছে। লগতে অকলেই এই ক্ষতিৰ পূৰ্ণ কৰাটো ৰাজ্যখনৰ বাবে অসম্ভৱ বুলি উল্লেখ কৰি সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সহায় বিচাৰি মুকলি আহ্বান জনাইছে।

ভূমিস্খলনৰ ফলত অধিকাংশ পথেই ভাগি-ছিগি গৈছে। পাহাৰৰ বৃহৎ শিল আৰু বোকা-পানীয়ে পুতি পেলোৱাৰ ফলস্বৰূপে শ শ পথ বন্ধ হৈ পৰিছে। ৰেলপথবো বিস্তৰ ক্ষতিসাধন হৈছে। হিমাচলৰ ৰাজধানী ছিমলাৰ পৰা আৰম্ভ কৰি কুলু-মানালী প্ৰমুখ্যে পৰ্যটকৰ আকৰ্ষণৰ স্থলীসমূহ ভয়াবহ দুর্যোগৰ সন্মুখীন হৈছে।

এনে অঞ্চলসমূহৰ প্ৰতিজন লোকৰে বিপর্যয়ৰ নিজা নিজা কাহিনী — কোনোটো পৰিয়ালৰ যদি খেতি, তেন্তে আনটোৰ ঘৰ ধ্বংসপ্রাপ্ত হৈছে। কোনোটোৱে আকৌ পৰিয়ালৰ বহু সদস্যক হেৰুৱাইছে। অধিকাংশ লোকৰে জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰিছে। আপেলৰ চিজন তুংগত উঠিছে যদিও ফচল বজাৰলৈ নিয়াৰ কোনো পৰিৱেশেই নাই।

চাৰিওফালে ৰাস্তা-ঘাট বন্ধ। ভাৰতৰ আপেল উৎপাদনৰ ২৬ শতাংশ হিমাচল প্রদেশৰ। ৰাজ্যখনৰ জিডিপিৰ পাঁচ শতাংশ বৰঙণি যোগায় আপেলৰ খেতিয়ে। এইবাৰ দীঘলীয়া সময় প্রচণ্ড বৰষুণ হোৱাৰ ফলত আপেলত ভেঁকুৰ লাগিছে আৰু ফলস্বৰূপে ফচল নষ্ট হৈছে। বহু স্থানত আপেলৰ উৎপাদন পূর্বতকৈ ৫০ শতাংশৰো অধিক হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে।

বতৰৰ এনে অনিশ্চিত আৰু আকস্মিক তাণ্ডৱক লৈ বিভিন্ন মহলে উদ্বেগ প্রকাশ কৰি আহিছে যদিও সমস্যাটোৰ মুখামুখি হ’বলৈ কাৰোৱেই আগ্রহ নাই। সেই বাবেই প্রাকৃতিক দুৰ্যোগ অহাৰ পাছত সাহায্য আৰু পুনৰ সংস্থাপনতহে তৎপৰতা প্ৰদৰ্শন কৰা হৈছে।

এই পাহাৰীয়া ৰাজ্য দুখনৰ এনে বিপর্যয়ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক সর্বাধিক গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে ভয়াবহ ভবিষ্যতে অপেক্ষা কৰি আছে বুলি পৰিবেশ বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে। শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে হিমালয়ৰ লগতে পৃথিৱীৰ বিভিন্ন অঞ্চলত পাহাৰ-পৰ্বতৰ উচ্চস্থানসমূহত অত্যধিক বৰষুণ হ’বলৈ লৈছে।

পূৰ্বতে সেইবোৰ স্থানত তুষাৰপাত হৈছিল। পৰিৱেশ বিজ্ঞানীসকলৰ মতে, এনে পৰিৱৰ্তনে পাহাৰবোৰক অধিক বিপজ্জনক কৰি তুলিছে। উষ্ণতা বৃদ্ধিয়ে অত্যধিক বৃষ্টিপাতৰ লগতে বৰফ গলাৰ হাৰ দ্ৰুত বৃদ্ধি কৰিছে। স্বাভাৱিকতে অতিপাত বৰষুণে পাহাৰৰ ভূখণ্ড কোমল কৰি তুলিছে আৰু ইয়াৰ পৰিণামস্বৰূপে ভূমিস্খলন-

বানপানী আদিও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। উল্লেখ্য যে বৰষুণৰ ফলত সমগ্ৰ বিশ্বত হোৱা ভূমিস্খলনৰ ১৫ শতাংশই ভাৰতীয় হিমালয় অঞ্চলত সংঘটিত হয়। এক সমীক্ষাৰ তথ্য অনুসৰি ২০০৪ৰ পৰা ২০১৭ৰ সময়ছোৱাত হিমালয়ত ৫৮০ টা বৃহৎ ভূমিস্থলনৰ ঘটনাৰ ৪৭৭টাই অত্যধিক বৃষ্টিপাতৰ ফলত সংঘটিত হৈছে।

অকল এয়েই নহয়, ২০১৩ৰ জুনত উত্তৰাখণ্ডৰ কেদাৰনাথত সেই বছৰ হোৱা অত্যধিক বৃষ্টিপাতৰ ফলত ৩,৪০০ টাৰো অধিক ভূমিস্খলনৰ ঘটনা নতুনকৈ সংঘটিত হৈছিল।

যোৱা জুনত পৰিবেশ সম্পৰ্কীয় বার্তালোচনী ‘নেচাৰ জাৰ্ণেল ত প্রকাশিত উল্লেখিত অধ্যয়নৰ উদ্ধৃতিৰে কোৱা হৈছে যে উচ্চস্থানসমূহত, বিশেষকৈ উত্তৰ গোলাৰ্ধৰ বৰফাবৃত অঞ্চলসমূহত বৃষ্টিপাত অত্যধিক হাৰত বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে। ২০১৯ৰ আন্তঃচৰকাৰ জলবায়ু সম্পৰ্কীয় গোট (আইপিচিচি)ৰ এক প্রতিবেদনতে এই বিষয়ে ইংগিত দিয়া হৈছিল, য’ত কোৱা হৈছিল যে পৃথিবীত তুষাৰপাত ক্ৰমে হ্রাস পাই আহিছে। বিশেষকৈ পার্বত্য অঞ্চলত এনে ধাৰা দৃষ্টিগোচৰ হৈছে।

গোলকীয় উষ্ণতাৰ প্ৰভাৱত বৰফ গোট মাৰিবলৈ প্ৰয়োজন হোৱা হিমাংক স্তৰ বৃদ্ধি পাইছে আৰু সেয়েহে তুষাৰপাত হ্ৰাস পাইছে। লক্ষ্যণীয়ভাৱে ৰকি আৰু আল্পছ পৰ্বতমালাৰ তুলনাত হিমালয় অঞ্চলত এনে বিপদ অধিক বুলি অধ্যয়নত কোৱা হৈছে।

হিমালয় অঞ্চলৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ো নিশ্চিত কৰিছে যে শেহতীয়া সময়ছোৱাত তুষাৰপাত হ্ৰাস পাইছে আৰু ছহেজাৰ মিটাৰ উচ্চতাৰ নামনি অঞ্চলত এনে ঘটনা ধৰা পৰিছে। এই কেন্দ্ৰৰ মতে, বাৰিষা কালত নামনি অঞ্চলত অত্যধিক বৃষ্টিপাত হ’বলৈ লৈছে।

গোলকীয় উষ্ণতাই অৱধাৰিত কৰি তোলা প্রবল বৃষ্টিপাতৰ পৰিঘটনাই পাহাৰবোৰক দুৰ্বল কৰি পেলাইছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে জলবায়ুৰ পৰিৱৰ্তনে উত্তৰ গোলাৰ্ধৰ পাৰ্বত্য অঞ্চলসমূহত তুষাৰপাতৰ স্থান বৃষ্টিপাতে অধিকাৰ কৰি লৈছে।

ফলস্বৰূপে মানৱ সমাজলৈ অধিক বিপর্যয়ে অপেক্ষা কৰি থকাটোও নিশ্চিত হৈছে। অধ্যয়নত এই কথাও স্পষ্ট হৈছে যে এক ডিগ্রী উষ্ণতাৰ ফলত ১৫ শতাংশ অধিক বৰষুণ হয়, অর্থাৎ তিনি ডিগ্রী উষ্ণতাত বৰষুণ ৪৫ শতাংশ বৃদ্ধি পায়।

উদ্বেগজনক বিষয় হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ এক চতুর্থাংশই পাহাৰীয়া অঞ্চলত অথবা ইয়াৰ নামনি অঞ্চলত বাস কৰে। গতিকে তুষাৰপাতৰ পৰিৱৰ্তে বৃষ্টিপাত বৃদ্ধি হোৱাত আকস্মিক বানপানীয়ে সকলো ঢাহি-মুহি নিছে। বৰফৰ পৰিমাণ হ্রাস পাই বৰষুণ বৃদ্ধিৰ ফলস্বৰূপে এই অঞ্চলবোৰত নদীবোৰ নিয়ন্ত্রণহীন হৈ পৰিছে আৰু প্ৰকৃতি সলনি কৰিছে।

পূৰ্বতে যিবোৰ নদীৰ উৎস হিমবাহ আছিল, সেইবোৰ এতিয়া বৰষুণৰ পানীৰে ভৰি পৰিছে। তাৰ লগে লগে আকস্মিক বানপানীও বৃদ্ধি পাইছে। এনে পৰিস্থিতিয়েই সম্প্ৰতি উত্তৰাখণ্ড আৰু হিমাচলত প্ৰত্যক্ষ হৈছে।

ভাৰতত আন এক উল্লেখযোগ্য পৰিৱৰ্তন দৃষ্টিগোচৰ হৈছে। পূৰ্বতে মধ্যমীয়া বৰষুণৰ মাজেদি বাৰিষা কালছোৱা পাৰ হৈছিল; কিন্তু শেহতীয়াভাৱে বাৰিষাতো মাজে মাজে দীঘলীয়া খালি আৰু কম সময়ৰ বাবে প্ৰচণ্ড বৰষুণ হ’বলৈ লৈছে।

ইয়াৰ ফলস্বৰূপে একেটা অঞ্চলতে অথবা দেশৰ বিভিন্ন প্ৰান্তত একেটা ঋতুতে বানপানী আৰু খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞানীসকলৰ মতে, চলিত বৰ্ষতো এনে ধাৰাই দেখিবলৈ পোৱা হৈছে।

এইবাৰ বৰষুণৰ সৰ্বভাৰতীয় হাৰ প্রায় স্বাভাৱিক হোৱা সত্ত্বেও উত্তৰাখণ্ড, হিমাচল প্ৰমুখ্যে একাংশ ৰাজ্যই অত্যধিক বৃষ্টিপাত আৰু ইয়াৰ ফলস্বৰূপে বানপানীকে ধৰি বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ সম্মুখীন হ’বলগীয়া হোৱাৰ বিপৰীতে কে’বাখনো ৰাজ্যত বৰষুণৰ ইমানেই ঘাটি হৈছে যে খৰাংসদৃশ পৰিৱেশৰ উদ্ভৱ হৈছে।

উপকূলীয় ৰাজ্য কোলাত প্ৰচণ্ড গৰমৰ বাবে এই শনিবাৰে সতর্কতা জাৰি কৰিবলগীয়া হৈছে। ছেপ্টেম্বৰত প্ৰৱেশ কৰিবলৈ ওলোৱাৰ সময়তো ৰাজ্যখনত তাপমাত্ৰাই ৪০ ডিগ্ৰীৰ ঘৰ চুইছে।

ফলত পুৱা ১১ বজাৰ পৰা আবেলি তিনি বজালৈ পৰাপক্ষত ঘৰৰ পৰা নোলাবলৈ চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৰাজ্যবাসীক পৰামৰ্শ দিছে। যিখন ৰাজ্যৰ ওপৰেদি ভাৰতত মৌচুমীৰ আগমন হয়, সেই কেৰালাতে সম্প্ৰতি ঘৰাং পৰিস্থিতিৰ আশংকাৰ সৃষ্টি হৈছে। যোৱা বছৰৰ আগষ্টত ৰাজ্যখনত প্ৰৱল বৰষুণ হৈছিল যদিও এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত।

এফালে বৰষুণ নাই আৰু আনফালে প্ৰচণ্ড তাপপ্রবাহ। ফলত ত্ৰাহিমধুসূদন সুঁৱৰিবলগীয়া হৈছে ৰাজ্যবাসীয়ে। কেৰালাৰ বিভিন্ন প্ৰান্তত সম্প্রতি তাপমাত্রা স্বাভাৱিকতকৈ পাঁচ ডিগ্রী চেলছিয়াছ পর্যন্ত অধিক লিপিবদ্ধ কৰা হৈছে।

উত্তৰাখণ্ড আৰু হিমাচলৰ সাম্প্ৰতিক প্ৰাকৃতিক দুর্যোগত অপৰিকল্পিতভাৱে জধে-মধে চলি থকা নিৰ্মাণকাৰ্য আৰু বনাঞ্চল ধ্বংসই যথেষ্ট অৰিহণা যোগাইছে বুলি বিশেষজ্ঞসকলে ঐক্যমত পোষণ কৰিছে।

এই পাহাৰীয়া অঞ্চলবোৰ হিমালয়ৰ সেই অঞ্চলৰ অন্তৰ্ভুক্ত যি অতিশয় ভূমিকম্প প্ৰৱৰ্ণৰূপে চিহ্নিত। হিমালয়ৰ ভংগুৰতাই, বিশেষকৈ শিবালিক খণ্ডই জলবায়ু পৰিৱৰ্তনৰ এনেবোৰ পৰিণাম ভোগাত ইন্ধন যোগাইছে। এই বিষয়ে বহুতেই অৱগত যে শিৱালিক খণ্ড ভূতাত্ত্বিক সময় অনুসৰি আটাইতকৈ কম বয়সীয়া আৰু হিমালয়ৰ সবাতোকৈ ভংগুৰ অংশ।

এই অংশটো হৈছে দীর্ঘকাল বিভিন্ন ধ্বংসাৱশেষ আৰু বর্জ্য পদাৰ্থৰে গঠিত। তদুপৰি ইয়াৰ শিলাখণ্ড বালি আৰু বোকাৰ দ্বাৰা গঠিত হোৱা হেতুকে ই যিকোনো প্রকাৰৰ শিলতকৈ তুলনামূলকভাৱে দুর্বল।

এনে শিলাখণ্ডই প্রচণ্ড বৰষুণ সহ্য কৰিব নোৱাৰে। ফলস্বৰূপে অত্যধিক বৰষুণত এনে শিলাখণ্ড খহি পৰে। তাতেই পৰ্বতৰ সক্ষমতাক দীর্ঘকাল ধৰি মানৱ সমাজে প্রত্যাহ্বান জনাই আহিছে। ফলস্বৰূপে অন্তহীন দুৰ্যোগ অৱধাৰিত হৈ পৰিছে।

এই প্ৰসংগতে চলিত বছৰৰ আৰম্ভণিৰ সময়ছোৱাত উত্তৰাখণ্ডৰ পাহাৰীয়া চহৰ যোশীমঠৰ ভূস্খলনে সৃষ্টি কৰা পৰিৱেশৰ কথা উনুকিয়াব পাৰি। ১৯৭৬ তে সকীয়াই দিয়া হৈছিল যে সেই স্থানত যোশীমঠ চহৰ স্থাপন হ’বই নালাগিছিল। অৱশ্যে সেই সকীয়নিলৈ চৰকাৰ অথবা নাগৰিক সমাজে কর্ণপাত নকৰিলে।

জলবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে ব্যাপক খনন আৰু ধৰ্মীয় পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে সকলো বতৰৰ বাবে উপযোগী বুলি দাবী কৰা নশ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ ৰাজ্যখনৰ মাজেদি নিৰ্মাণ কৰা কাৰ্য উত্তৰাখণ্ডৰ প্ৰাকৃতিক বিপর্যয়ৰ অন্যতম প্ৰধান কাৰণৰূপে বিশেষজ্ঞসকলে চিহ্নিত কৰিছে।

যোশীমঠ আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যোৱা দুমাহতো বৃহৎ পৰিমাণৰ ফাট মেলা দৃষ্টিগোচৰ হৈছে। তৎসত্ত্বেও এনে ভূতাত্ত্বিকভাৱে অতি সংবেদনশীল ৰাজ্য দুখনত অনাগত দিনতো অধিক বৃহৎ নির্মাণ কাৰ্যৰ যো-জা চলাই থকা হৈছে।

কিয়নো চলিত বছৰৰে মে’ত হিমাচল চৰকাৰে ৰাজ্যখনত নতুনকৈ ২৭টা জলবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে নিবিদা আহ্বান কৰিছে। ৰাজ্যখনৰ ঠায়ে ঠায়ে জলবিদ্যুৎ প্ৰকল্পৰ বাবে বান্ধ আৰু সুৰংগ নিৰ্মাণৰ বাবে ব্যাপক খননৰ ফলত অধিক ক্ষতিৰ আশংকাত স্থানীয় বাসিন্দাসকলে ছেগা-চোৰোকাকৈ প্ৰতিবাদ নকৰাকৈ থকা নাই।

এনে ভংগুৰ পাহাৰৰ এঢলীয়া স্থানত জধে-মধে অসুৰক্ষিতভাৱে ব্যাপক হাৰত নিৰ্মাণ কাৰ্য কৰা হেতুকে পাহাৰীয়া ৰাজ্যসমূহ প্ৰৱল বৃষ্টিপাত, ভূমিকম্প আৰু ভূমিস্খলন আদিৰ দৰে অধিক দুৰ্যোগপ্ৰৱণ হৈ পৰিছে।

সম্প্ৰতি অধিকাংশ ৰাজ্যতে বৈধ আৰু অবৈধ উপায়েৰে দ্ৰুতগতিত নির্মাণ কার্য অব্যাহত আছে। যোৱা সপ্তাহত হিমাচলত একেলগে কে’বাটাও বহুমহলীয়া অট্টালিকা তাচপাতৰ দৰে খহি পৰা ভিডিঅ’ দেশজুৰি ব্যাপকভাৱে প্ৰচাৰিত হয়। চৰকাৰী নীতি- নিয়ম উলংঘা কৰি কুলু জিলাৰ আন্নি অঞ্চলত সেই অট্টালিকাসমূহ আঠ মহলা পর্যন্ত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বুলি সম্প্ৰতি পোহৰলৈ আহিছে।

তদুপৰি নগৰ ঘোষিত হ’লে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিধি অনুসৰণ কৰাটো বাধ্যতামূলক হোৱা হেতুকে স্থানীয় ৰাইজে সেই অঞ্চলটোক গ্ৰামাঞ্চলতে আবদ্ধ ৰাখিবলৈ প্ৰশাসনক বাধ্য কৰাইছিল।

একেদৰে বিকাশৰ নাম লৈ দেশত বৈধভাৱেও যিদৰে পৰিৱেশতন্ত্রক ধ্বংস কৰা হৈছে সেয়া অভাৱনীয়। যোৱা দুটা দশকত দেশৰ অন্যান্য প্ৰান্তৰ লগতে পাহাৰীয়া ৰাজ্য দুখনত উন্নয়নৰ ধাৰাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। উদাৰীকৰণৰ পাছত বিদ্যুৎ খণ্ডলৈ বিভিন্ন ব্যক্তিগত কোম্পানীৰ আগমন ঘটে। দেশজুৰি বিদ্যুতৰ চাহিদা বৃদ্ধিৰ সমান্তৰালভাৱে পাহাৰীয়া ৰাজ্যসমূহত জলবিদ্যুৎ প্রকল্পৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰে।

ফলস্বৰূপে বিকাশৰ নামত পৰিৱেশতন্ত্রক যেন নিলাম কৰি দিয়া হ’ল। জলবিদ্যুৎ প্রকল্পই পৰিৱেশতন্ত্ৰৰ ওপৰত যি মাৰাত্মক ধৰণে ক্ষতিসাধন কৰি আহিছে তাক উন্নয়নৰ মাপকাঠিৰে জোখ-মাখ কৰিবলৈ যোৱাটো আত্মপ্ৰতাৰণাৰ বাহিৰে আন একো নহয়।

উন্নয়নৰ নামত যিদৰে দ্রুত বনাঞ্চল ধ্বংস কৰাৰ লগতে ভূমিৰ পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰা হৈছে, সেইবোৰৰ পৰা স্থানীয় জলবায়ুত উদ্ভৱ হ’ব পৰা অস্থিৰতাৰ প্ৰভাৱক লৈ কোনো ধৰণৰ অধ্যয়ন হোৱা নাই। চৌদিশে দ্রুত নগৰায়ন আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে ক্ৰমৱৰ্ধমান নিৰ্মাণ কাৰ্যই পৰিৱেশ সংবেদনশীল অঞ্চলসমূহক দুৰ্যোগপ্ৰৱণ কৰি তুলিছে।

পূৰ্বতে হিমাচলৰ ছিমলা আৰু ধৰ্মশালাতে পর্যটন সীমাবদ্ধ আছিল যদিও পৰৱৰ্তী পৰ্যায়ত ই ৰাজ্যখনৰ চৌদিশে এক লাভজনক ব্যৱসায়ৰূপে বিয়পি পৰে। অসমৰ চুবুৰীয়া মেঘালয় আৰু অৰুণাচলতো এনে পৰিৱেশেই সম্প্রতি দৃষ্টিগোচৰ হৈছে।

পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লগে লগে অধিক নিৰ্মাণ কাৰ্যৰ প্রয়োজনীয়তা আহি পৰিছে। তাৰ লগে লগে প্লাষ্টিক আৰু অন্যান্য বর্জ্য পদার্থই তেনে অঞ্চলসমূহত নতুন সমস্যাৰ সৃষ্টি কৰিছে।

পৰিতাপৰ বিষয় যে চৰকাৰী পক্ষই সততে জলবায়ু পৰিৱৰ্তনক এক গোলকীয় সমস্যাৰূপে দাঙি ধৰি বিষয়টোৰ পৰা গা এৰা দি আহিছে। এই গোলকীয় সমস্যাটোৰ স্থানীয়ভাৱে কিদৰে সমাধান কৰাটো সম্ভৱ বুলি যুক্তি দি চৰকাৰৰ কোনো ভূমিকাই নাই বুলি কৈ আহিছে।

পৰিৱেশতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত দায়িত্বৰূপে চৰকাৰে কেৱল বৃক্ষৰোপণতে গুৰুত্ব আৰোপ কৰি আহিছে; কিন্তু পৰিৱেশবিদসকলে কৈ আহিছে যে কেৱল বৃক্ষৰোপণে পৰিৱেশতন্ত্ৰক ৰক্ষা নকৰে; বৰঞ্চ দুর্যোগ অহালৈ অপেক্ষা নকৰি ইয়াৰ প্ৰতিৰোধমূলক নীতি ৰূপায়ণ কৰাহে অধিক জৰুৰী।

তাৰ সমান্তৰালভাৱে পৰিৱেশতন্ত্ৰত ক্ষতিসাধনকৰিব পৰা যিকোনো ধৰণৰ কাৰ্যক কঠোৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটোহে যুগুত। ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে শেহতীয়াভাৱে বন আইন সংশোধন কৰি এই ক্ষেত্ৰত অধিক শিথিলতাহে অৱলম্বন কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত সীমান্তৰ এশ কিলোমিটাৰ ভিতৰলৈ কোনো ধৰণৰ অনুমতি অবিহনেই বনাঞ্চল ধ্বংস কৰাৰ সুযোগ দিছে এই সংশোধনে।

বৈচিত্র্যপূর্ণ পৰিৱেশতন্ত্ৰক ৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ দেশতে এক কেন্দ্রীয় নীতিয়েই ফলপ্রসূ হ’ব বুলি আশা কৰিব নোৱাৰি; বৰঞ্চ যিকোনো পদক্ষেপ গ্ৰহণৰ পূৰ্বে স্থানীয় পৰ্যায়ত আলোচনাৰ মাধ্যমেদি গণতান্ত্রিক পদ্ধতিৰে সমূহীয়া মতামত গ্ৰহণৰ
প্রয়োজন আছে।

মুঠতে উন্নয়নৰ নামত যাতে অধিক অভাৱনীয় বিপর্যয়ক আদৰি অনা নহয় তাক নিশ্চিত কৰিবই লাগিব। হাতত যে আৰু অধিক সময় নাই, সেই কথা প্ৰতিটো দিনেই সকীয়াই আছে— আমি শুনিবলৈ আগ্রহী নে সেয়াহে প্রশ্ন !

ফোন : ৯৪৩৫o১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticleFloodHimachal PradeshLHeavy RainMessive LandslidePranjalsen DekaUttarakhand
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d