Political crisis in Indonesia:শ্ৰীলংকা ,বাংলাদেশৰ পিছত এইবাৰ ইণ্ডোনেছিয়াত ৰাজনৈতিক সংকট

ক্ষুব্ধ জনতাই বলপূর্বক প্ৰৱেশ কৰিলে সংসদত

foto 1 2

Political crisis in Indonesia:

শ্ৰীলংকা,বাংলাদেশৰ পাছত এইবাৰ আন এখন মুছলমান অধ্যুষিত দেশত বিপদগ্রস্ত হ’ল গণতন্ত্র। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাত সম্প্রতি জনবিক্ষোভে উত্তাল কৰি তুলিছে। দেশৰ প্ৰস্তাৱিত নির্বাচন আইনৰ সংশোধনৰ বিৰোধিতাৰে বিক্ষোভকাৰীয়ে সংসদতো বলপূর্বক প্রৱেশ কৰি ব্যাপক প্রতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জেক’ বিড’ড’ই ক্ষমতাত বর্তি থকাৰ লক্ষ্যৰে দেশখনৰ নিৰ্বাচন আইনৰ সংশোধন কৰাব বিচাৰিছে। ৰাষ্ট্রপতিজনে নির্বাচন আইনৰ প্রস্তাৱিত সংশোধনৰ জৰিয়তে ইণ্ডোনেছিয়াত বিৰোধী পক্ষৰ কণ্ঠৰোধ কৰিবলৈ অপচেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে।

চৰকাৰৰ এনে কাৰ্যত ক্ষুব্ধ বিৰোধী দলৰ নেতৃত্বত ইতিমধ্যে আন্দোলনে উত্তপ্ত ৰূপ ধাৰণ কৰিছে দেশখনত। শেহতীয়াভাবে একাংশ বিক্ষোভকাৰীয়ে ইণ্ডোনেছিয়াৰ সংসদৰ চৌহদত প্ৰৱেশ কৰি ব্যাপক প্রতিবাদ সাব্যস্ত কৰিলে। বিক্ষোভকাৰীসকলে অভিযোগ কৰা অনুসৰি ৰাষ্ট্ৰপতি জেক’ই ইণ্ডোনেছিয়াৰ গণতন্ত্র ধ্বংস কৰিব বিচাৰিছে।

গণতন্ত্র ধ্বংসৰ এনে অপচেষ্ট দেশবাসীয়ে কোনোপধ্যে সহ্য নকৰে বুলি ৰাষ্ট্ৰপতিজনক সকীয়াই দিয়াৰ লগতে তেওঁৰ পদত্যাগৰো দাবী জনাইছে। সংসদত বলপূর্বক প্রৱেশ কৰা বিক্ষোভকাৰীক বাধা দিবলৈ আৰক্ষীয়ে জলকামান আৰু কন্দুৱা গেছ প্রয়োগ কৰে।

আন্দোলনকাৰীয়ে অভিযোগ কৰা অনুসৰি ৰাষ্ট্ৰপতি জেক’ই নির্বাচন আইন সংশোধনৰ জৰিয়তে তেওঁৰ পাছত পুত্ৰৰ ৰাজনৈতিক পদ লাভৰ পথ প্রশস্ত কৰিব বিচাৰিছে।

Exit mobile version