Himanta Biswa Sarma Speech : ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক বিৰোধীৰ তীব্ৰ বাক্যবানৰ মাজতে বিধানসভাত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মিঞা মুছলমানক মই অসম দখল কৰিবলৈ নিদিওঁ !

cm speech

Himanta Biswa Sarma Speech :

আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনটোত ধিং ধৰ্ষণ কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ,এআইইউডিএফ চিপিএম আৰু অখিল গগৈয়ে উভতি ধৰে ৷ বিৰোধীদলে বিভিন্ন প্ৰশ্নবানেৰে উত্তাল পৰিবেশৰ মাজত গৰজি উঠে মুখ্যমন্ত্ৰী গৰাকী।

উল্লেখ্য যে,মিঞা মুছলমানৰ ওপৰত ধাৰাবাহিক উৎপীড়নক লৈ বিৰোধী দলৰ বিধায়ক সকল সৰৱ হৈ উঠাৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই কয় ,‘মিঞা মুছলমানক মই অসম দখল কৰিবলৈ নিদিওঁ’ |

উল্লেখ্য যে ,সদনৰ কামকাজ আৰম্ভ হওতেই মুখ্যমন্ত্ৰী ড:শৰ্মাই য়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে বিৰোধী বিধায়ক সকলে উজনিত মিঞা মুছলমানক উজনি ত্যাগ কৰিবলৈ কেতবোৰ সংগঠনে আইন হাতত লোৱা আদি প্ৰসংগক লৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে বুলি প্ৰশ্ন উদ্থাপন কৰি সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

যাৰবাবে অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ৷ অৱশ্যে পিছত পুনৰ সদনৰ কামকাজ আৰম্ভ হওঁতেই পুনৰ বিৰোধীয়ে তদ্ৰুপ পৰিবেশ সৃষ্টি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয়,অপকৰ্ম যেনেকুৱাই নহওক কিয় ৷ সেইয়া আমি অপৰাধ হিচাপে চাও ৷ এনচিআৰবিৰ তথ্যৰ ওপৰত সদনত বিৰ্তক হ’ব লাগে ৷ ২০১৪ত ৰাজ্যত ধৰ্ষণজনিত ঘটনা সংঘটিত হৈছিল ১৯৮০টা। একেদৰে ২০১৯ সংঘটিত হৈছিল ৯৮৯টা।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ৰফিকুল ইছলামে নামনিৰ পৰা উজনি অসমলৈ মানুহ যাবই বুলি কোৱা মন্তব্য সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,কিয় যাব লাগে উজনিলৈ ৷নোৱাৰিব যাব। মিঞা মুছলমানক উজনি দখল কৰিব নিদিওঁ বুলি গৰজি উঠে ড:শৰ্মা ৷

আনহাতে সংখ্যালঘু বিধায়ক সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়,নামনিৰ যিসমূহ জিলাত সংখ্যাগুৰু সংখ্যালঘু হৈছে ৷ তাত যেতিয়া হিন্দু পৰিয়াল এটি বিপদৰ সন্মুখীন হয় ৷ আতংকত ভোগে। সেই সকলক অভয়বাণী দিব লাগে সংখ্যালঘু বিধায়ক সকলে ৷ কিন্ত এনে দৃষ্টিকোণ দৃষ্টিগোচৰ হোৱা নাই ৷

একেদৰে ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা ধৰ্ষণকাণ্ডৰ অধীকাংশই মুছলমান লোক জড়িত হৈ আছে৷ এই অপৰাধৰ বিৰোধী মুছলমান উকীল সকল কঠোৰস্থিতি লৈ অপৰাধীৰ পক্ষত উকালতি কৰিব নালাগে । তেতিয়াহে ক্ৰমান্বয়ে কমি আহিব অপৰাধীৰ সংখ্যা ৷কিন্ত কাৰ্যত:এনে পদক্ষেপ দেখা নাপাওঁ ।

Exit mobile version