Cm Pressmeet In Loksewa Bhawan:USTMৰ মালিকে লৈছিল ভুৱা অ’বিচি প্ৰমাণ পত্ৰ

কৰিমগঞ্জৰ উপায়ুক্তক গোচৰ তৰিবলৈ দিয়া হৈছে নিৰ্দেশ :মুখ্যমন্ত্ৰী

cm preemeet

Cm Pressmeet In Loksewa Bhawan:

ইউএছটিএমৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাজনতা ভৱনৰ লোকসেৱা ভৱনক অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,ইউএছটিএমৰ মালিকে জালিয়াতিৰে কৰিমগঞ্জৰ পৰা সংগ্ৰহ কৰিছিল অ’বিচিৰ ভুৱা প্ৰমাণপত্ৰ। এইদৰে ভুৱা প্ৰমাণপত্ৰলোৱা বাবে অচিৰেই তৰা হ’ব গোচৰ ৷ইতিমধ্যে কৰিমগঞ্জৰ জিলা আয়ুক্ত ইউএছটিএমৰ মালিক মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

আনহাতে গুৱাহাটী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত পাহাৰ খননক লৈ মুখ্যমন্ত্ৰী কয়,পাহাৰ খননে সদায় পৰিবেশ দূষিত কৰি আহিছে ৷ আমছাঙৰ খননৰ ওপৰত কাৰ্যব্যৱস্থা ল’বৰ বাবে মই বন বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিম ৷ একেদৰে মহানগৰী কোনো এটা অঞ্চলতে পাহাৰ খনন হ’ব নোৱাৰিব ৷

শেহতীয়াকৈ আমচাং আৰু সোণাপুৰত হৈ থকা খননৰ স’তে গুৱাহাটীৰ কোনো সম্পৰ্ক নাই ৷ আনহাতে সোণাপুৰৰ পৰা গুৱাহাটীলৈ কোনা ক্ষেত্ৰতে পানী বৈ আহিব নোৱাৰে৷ যদি পানী আহে পানীয়ে তৰিৎগতিত ভেদিব লাগিব পাহাৰ। তাৰ পিছতহে তললৈ নামি আহিব পানী। এই প্ৰসংগ এইবাবেই পুনৰ দোহাৰো যে,গুৱাহাটীত হোৱা কৃত্ৰিমবানৰ বাবে দায়ী ইউএছটিএম ৷

ৰাজ্যৰ জনগাঁথনিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যৰ ২৮ হেজাৰ প’লিং বুথৰ ১৯ হাজাৰ বুথৰ জনগাঁথনি সলনি হৈছে ৷এনেক্ষেত্ৰত কংগ্ৰেছলৈ মোৰ আহ্বান এইক্ষেত্ৰত তেওঁলোকেও সহাৰী জনাওক ৷ এতিয়া ৰাজনীতি কৰাৰ সময় নাই । আমি সকলোৱে এই বিষয়ত যুঁজ কৰিব লাগে ৷ যি ঠাইত যিসকল লোক আছে তাত তেওঁলোকক শান্তিত থাকিবলৈ দিয়া উচিত ।

মুখ্যমন্ত্রীয়ে সাম্প্রদায়িক মন্তব্য কৰা বুলি অভিযোগ তুলি বিৰোধী ঐক্যমঞ্চই কালি এক সভাত মোৰ বিৰুদ্ধে গোচৰ তৰাৰ যি সিদ্ধান্ত লৈছে ৷ ইয়াৰ বাবে মই বিচলিত নহও বুলি প্রতিক্রিয়া কৰি মুখ্যমন্ত্রী ড: শৰ্মাই কয় মই কোৱা কথাবোৰ পূৰ্বেই গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে কৈ গৈছে আৰু সদনত ৰেকর্ডিং আছে। মই মাত্ৰ দোহাৰিছোঁ। কংগ্ৰেছলৈ মোৰ পুতৌ ওপজে। গোচৰ দিলে সকলোৰে ওপৰত দিব লাগিব’।

আনহাতে শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবে একাংশ বাংলাদেশী সংগোপনে অসমত প্ৰৱেশ কৰিছে ৷আৰ্থিক সংকট আৰু খাদ্য সংকটতৰ সন্মুখীন হৈ ভাৰতত প্ৰৱেশ কৰাৰ লৈ তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মঙলবাৰে কৰিমগঞ্জৰ বাংলা সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা তিনিজন অবৈধ বাংলাদেশী নাগৰিকক ওভতাই পঠিওৱা হৈছে ৷ এইয়া আমাৰ বাবে এক চিন্তনীয় বিষয় ৷ অৱশ্যে এই কাৰ্য প্ৰতিহত কৰিবৰ বাবে বিএছএফ আৰু বৰ্ডাৰ আকক্ষী সষ্টম হৈ আছে ।

আনহাতে ৰাজ্যত আধাৰ কাৰ্ড বন্ধ হৈ থকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় এনআৰচিৰ সময়ত বায়’ মেট্ৰিকছ কৰি থোৱা সকলে লাভ কৰিব আধাৰ কাৰ্ড। ৯,৩৫,৬৮২ গৰাকী লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন জনাইছিল যদিও কেন্দ্ৰই বন্ধ কৰি ৰাখিছিল আধাৰ কাৰ্ড দিয়াটো ৷ কিন্ত ৰাজ্য চৰকাৰৰ অনুৰোধৰ ভিত্তিত কেন্দ্ৰই ইতিমধ্যে মুকলি কৰি দিছে এই আধাৰ কার্ড। ইতিপূৰ্বে যি সকলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল এতিয়া সকলোৱেই লাভ কৰিব আধাৰ কাৰ্ড।

Exit mobile version