স্মাৰ্টমিটাৰ ব্যৱহাৰৰ বিৰোধীতাৰে শেহতীয়াকৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছে কমিটি ৷ স্মাৰ্টমিটাৰ বন্ধৰ দাবীত এলানি প্ৰতিবাদ কাৰ্যসূচীৰ অংশ ৰূপে বুধবাৰে গুৱাহাটী জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ADVERTISEMENT
হাতে হাতে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনতাক শোষণ বন্ধ কৰক’ দুখীয়া জনসাধাৰণৰ লৈ হেতালি খেলা বন্ধ কৰক’ শীৰ্ষক প্লেকাৰ্ড লৈ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত কে’বা শতাধিক কংগ্ৰেছীয়ে মহানগৰীৰ ছয়মাইলস্থিত এএছইবি কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷