Open Conflict between the BJP and the UPPL ahead of the BTR elections:বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰদল বিজেপি-ইউপিপিএলৰ মুকলি সংঘাত

বিজেপিৰ কাৰ্যবাহী সদস্যক বখাস্ত প্রমোদ বড়োৰ, এসপ্তাহ পূবে বিজেপিৰ দলীয় সভাত বড়োক সমালোচনা ৰেও ৰেওৱা নাৰ্জাৰীৰ

narjary

Open Conflict between the BJP and the UPPL ahead of the BTR Elections:

দিছপুৰত মিত্ৰতাৰে চৰকাৰ চলালেও বিজেপি আৰু ইউপিপিএলৰ মাজত ক্রমে দূৰত্ব বৃদ্ধি হৈছে। বিশেষকৈ বিটিআৰৰ আগন্তুক নিৰ্বাচনত ইউপিপিএলক প্রত্যাহ্বান জনাই বিজেপিয়ে এককভাৱে নির্বাচন খেলাৰ ঘোষণা কৰাৰে
পৰা দুই দলৰ মাজত দূৰত্ব প্রকট হয়।

ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ তথা ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৰ মাজতো শীতল যুঁজ চলাটো কে’বাটাও পৰিঘটনাই স্পষ্ট কৰিছে। বিশেষকৈ ড° শৰ্মাক উপেক্ষা কৰি প্রমোদ বড়োৱে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক দিল্লীত কে’বাবাৰো সাক্ষাৎ কৰা বিষয়টো ইয়াৰ ভিতৰত অন্যতম।

এনে ঘটনা-পৰিঘটনাৰ মাজতে বিটিআৰ পৰিষদতো আৰম্ভ হৈছে বিজেপি-ইউপিপিএলৰ মাজত মুকলি সংঘাত। এনে সংঘাতক শেহতীয়াকৈ আনুষ্ঠানিক ৰূপ দিয়ে বিজেপিৰ বিটিআৰৰ এজন জ্যেষ্ঠ নেতা ৰেও ৰেওৱা নাৰ্জাৰীয়ে। ইয়াৰ পৰিণতিতে প্রমোদ বড়োৰ আবেদন মর্মে বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই নাৰ্জাৰীৰ কাৰ্যবাহী সদস্যৰ পদ কর্তন কৰে।

উল্লেখ্য যে যোৱা ২০ আগষ্টত কচুগাঁৱত অনুষ্ঠিত বিজেপিৰ এক যোগদান সভাত নাৰ্জাৰী বিটিআৰৰ উন্নয়নমূলক কাম-কাজ, ইউপিপিএলৰ দ্বাৰা বিজেপিৰ নেতা-কর্মীক উপেক্ষা কৰা আদি বিষয়ক লৈ সৰৱ হৈছিল। নাৰ্জাৰীয়ে মন্তব্য কৰিছিল যে বিটিআৰত উন্নয়নমূলক কাম-কাজ যি ধৰণে হ’ব লাগিছিল, তেনেদৰে হোৱা নাই। বিটিআৰ প্ৰধান প্রমোদ বড়ো এই ক্ষেত্রত ব্যর্থ হোৱা বুলি নাৰ্জাৰীয়ে সমালোচনা কৰিছিল। তদুপৰি বিজেপিৰ কৰ্মীসকলকো প্রাপ্য- ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে বুলি নাৰ্জাৰীয়ে সমালোচনা কৰিছিল।

মিত্ৰতাৰে পৰিষদ চলোৱা সত্ত্বেও নাৰ্জাৰীৰ এনে মন্তব্যবোৰক লৈ ইউপিপিএলত ক্ষোভ বিয়পি পৰে। বিজেপিৰ লগত দলটোৰ শেহতীয়াকৈ সৃষ্টি হোৱা দূৰত্বত যেন নাৰ্জাৰীৰ এনে মন্তব্যই ইন্ধন যোগায়। ইউপিপিএলৰ মজিয়াত বিষয়টোক লৈ দীঘলীয়া চর্চা চলে।

অৱশেষত মঙলবাৰে প্রমোদ বড়োৱে নাৰ্জাৰীৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিব লাগে বুলি পৰিষদখনৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰৰ ভিত্তিতে ৰাজ্যপাল আচাৰ্যই বুধবাৰে ৰেওৰেওৱা নাৰ্জাৰীৰ পদ কর্তনত অনুমতি প্রদান কৰে। ৰাজ্যপালৰ সিদ্ধান্তটো ৰাজভৱনৰ আয়ুক্ত সচিব এছ এছ মীনাক্ষী সুন্দৰমে বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপলৈ জিএছএ/৬৭/২০২৪/৬ নম্বৰত প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে অৱগত কৰে। উল্লেখ্য যে নাৰ্জাৰী পৰিষদখনৰ উদ্যোগ-বাণিজ্য আৰু বৈধ জোখ-মাপ বিভাগৰ দায়িত্বত আছিল।

# প্ৰমোদ বড়োৰ এই পদক্ষেপক লৈ তীব্ৰ প্রতিক্রিয়া নাৰ্জাৰীৰ !

নাৰ্জাৰীৰ পদ কৰ্তন কৰাক লৈ বিটিআৰৰ বিজেপি শিবিৰত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, ৰেও ৰেওৱা নাৰ্জাৰীয়ে ‘দৈনিক অগ্রদূত’ক কয় যে তেওঁ দলীয় সভাত উন্নয়নমূলক কাম-কাজৰ বিষয়েহে কৈছিল। নাৰ্জাৰীয়ে কয়, ‘প্রমোদ বড়োৱে কোৱাৰ দৰে বিটিআৰত উন্নয়নমূলক কাম কৰিব পৰা নাই।

আমাৰ দলৰ কৰ্মীসকলেও মিত্ৰদলৰ চৰকাৰ থকাৰ পাছতো পাবলগীয়া সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি তাত কোৱা হৈছিল। যি কোৱা হৈছিল, সেয়া দলৰ স্বাৰ্থতহে কোৱা হৈছিল। বিজেপিৰ কর্মীসকলে একো নোপোৱা কথাৰ আঁত ধৰিয়ে মই উন্নয়নমূলক কাম-কাজৰ কথা কৈছিলো।

মোৰ যদি ভুল হৈছে, তেনেহ’লে তেওঁ প্রথমতে জাননী জাৰি কৰা উচিত আছিল। প্রমোদ বড়োৱে মোক মাতিও কথাষাৰ ক’ব পাৰিলেহেঁতেন। মই ইমান ডাঙৰ অপৰাধ কৰা নাই যে মোৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিব লাগে। ৰাজভৱনৰ পৰা মোকো ব্যক্তিগতভাবে পত্রযোগে জনোৱা উচিত আছিল।

তদুপৰি মোক দলেহে আগত জনাব লাগিছিল। আমাৰ দলৰ সভাপতি আৰু মুখ্যমন্ত্রীয়ে মোক জাননী দিব লাগিছিল। মুখ্যমন্ত্রীয়ে বিষয়টো নিশ্চয় বিবেচনা কৰিব। মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছে ।’ নাৰ্জাৰীৰ পদ কৰ্তনৰ ফলত বিটিচি প্ৰশাসনৰ দুটা কার্যবাহী সদস্য পদ খালী হ’ল। ইয়াৰ পূৰ্বে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত গণ সুৰক্ষা পাৰ্টিৰ ঘনশ্যাম দাসৰ পদ কৰ্তন কৰা হৈছিল।

Exit mobile version