Sherman Ali was suspended from the House for the day:সদনৰ পৰা দিনটোৰ বাবে নিলম্বিত শ্বেৰমান আলী

বিধানসভাৰ বাহিৰত হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ শ্বেৰমান আলীৰ, আলীৰ সমষ্টিৰ ১৩শ্ৰমিকক দিবলগা ১৫ লাখ টকা নিদি শ্রমিকসকলক শিৱসাগৰত গুৰুলা-গুৰুলকৈ প্ৰহাৰ বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ, ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবী বিধায়কগৰাকীৰ

ali

Sherman Ali was suspended from the House for the day:

শিৱসাগৰত একাংশ সংগঠনৰ নেতৃত্বত চলা খিলঞ্জীয়া লোকৰ প্রভুত্ব স্থাপনৰ আন্দোলনৰ সুযোগ লৈ বিজেপিৰ শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে নিজৰ ঠিকাৰ কামত নিয়োগ কৰা বৰপেটা জিলাৰ চেঙাৰ শ্ৰমিকৰ দল এটাক কে’বালাখ টকাৰ প্ৰাপ্য মজুৰি আদায় নিদি ওলোটাই নিজে আৰু স্থাৱক বাহিনীৰ দ্বাৰা নিৰ্মমভাৱে মাৰ-ধৰ কৰি খেদি পঠিওৱাব অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে এই বিষয়ক লৈ সৰৱ হৈ পৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থদিন ৷ সদনৰ কামকাজ আৰম্ভ হওঁতেই আলীয়ে তেওঁৰ নিজ সমষ্টিৰ ১৩ জনকৈ দৰিদ্ৰ অসমীয়া শ্রমিকক দিব লগা ১৫ লাখ টকা নিদি শ্রমিকসকলক বিজেপি নেতা তথা ঠিকাদাৰ ময়ূৰ বৰগোহাঁই আৰু তেওঁৰ এচাম চেলা চামুণ্ডাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ কৰি সদন উত্তাল কৰি তোলে ৷
অধ্যক্ষই এই বিষয়ত আলোচনা হ’ব বুলি কোৱাৰ পিছতো সদনত এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে শ্বেৰমান আলীক দিনটোৰ বাবে নিলম্বন কৰে অধ্যক্ষই ৷

উল্লেখ্যে যে শ্বেৰমান আলীৰ প্ৰতিবাদত সমৰ্থন জনায় এআইইউডিএফৰ বিধায়ক সকলেও ৷ আনহাতে সদনৰ পৰা নিলম্বন হৈ বিধানসভাৰ চৌহদত অকলেই হাতত প্লেকাৰ্ড লৈ ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে,ময়ূৰ বৰগোহাঁয়ে সংঘটিত কৰা কাণ্ডত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰগোহাঁয়ে নিজৰ ঠিকাৰ কামত নিয়োগ কৰা বৰপেটা জিলাৰ শ্ৰমিকৰ দল এটাক কে’বালাখ টকাৰ প্ৰাপ্য মজুৰি আদায় নিদি ওলোটাই নিজে আৰু স্থাৱক বাহিনীৰ দ্বাৰা নিৰ্মমভাৱে মাৰ-ধৰ কৰি খেদি পঠিওৱাব অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ গোচৰো ৰুজু হৈছে। এই ঘটনাটোকে লৈ বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত ১২ টা সংগঠনে যৌথ সংবাদমেলযোগে মন্তব্য কৰে যে ৰাজনৈতিক নেতাই সাম্প্রতিক কিছুমান ঘটনাৰ সুযোগ লৈ নাৰকীয় কাণ্ডৰে ১৩ জনকৈ দৰিদ্ৰ অসমীয়া শ্রমিকক দিব লগা ১৫ লাখ টকা নিদি শ্রমিকসকলক শিৱসাগৰত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা হ’ল। ৰাজনৈতিক নেতাৰ দ্বাৰা প্ৰাণনাশৰ ভাবুকি দিয়া হ’ল।

শিৱসাগৰ জিলাৰ বিশ্ব ঐতিহ্যৰ সীমাৰ মধ্যস্থলত কুঁৱৰী মৈদামৰ গাতে লাগি থকা নির্মীয়মাণ স্কিল এক ডেভলপমেন্ট চেন্টাৰত এই যি জঘন্য কাণ্ড সংঘটিত হ’ল, সেই নিকৃষ্ট ঘটনাই শিৱসাগৰ তথা উজনি অসমৰ উদাৰ চৰিত্ৰত কালিমা সানিলে।’ এই ঘটনাত জড়িতক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈও সংগঠনকেইটাই দাবী জনায়।

Exit mobile version