Assam Legislative Assembly took important decisions on the last day of the autumn session:অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শুকুৰবাৰে নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি

assembly 33

Assam Legislative Assembly took important decisions on the last day of the autumn session:

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি অন্তিম দিন ৷ সদনে আজি ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বিধানসভাৰ নিয়মাৱলীৰ ৰুল-১১ৰ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি সর্বসম্মতিক্রমে গ্ৰহণ কৰে। উল্লেখ্য যে, বৃটিছ আমোলৰ মুখ্যমন্ত্ৰী চৈয়দ ছাদুল্লাৰ দিনৰ পৰা প্রতি শুকুৰবাৰে ১১.৩০ বজাত নামাজৰ বাবে দিয়া হৈছিল বিৰতি ।

আজি অসম বিধানসভাই লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি শুকুৰবাৰে ১১.৩০ বজাত নামাজৰ বাবে নাথাকিব বিৰতি ৷ অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম ৷ মনকৰিবলগীয়া যে দেশৰ কোনো ৰাজ্যৰ বিধানসভাত শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ ব্যৱস্থা নাই ।

আনহাতে বিধানসভাৰ সিদ্ধান্তৰ বিৰোধীতা কৰে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী আৰু এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে(ধিঙৰ বিধায়ক) ৷ দুই বিধায়কে বিৰোধীতা কৰি কয় অতীজৰ পৰা চলি অহা নিয়ম হঠাতে বিলুপ্তি কৰতো ভাল হোৱা নাই ৷ আমিনুল ইছলামে এখোজ আগুৱাই কয়,কাশ্মীৰৰ পিছত বেছি মুছলমান বিধায়ক থকা বিধানসভা হ’ল অসম বিধানসভা ৷

Exit mobile version