Assam State Jamiat Ulama :অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ অধিক মজবুত কৰিবলৈ আহ্বান জমিয়তৰ সভাপতি মুস্তাক আনফৰৰ

হত্যাকাৰী,ধর্ষণকাৰী আৰু দুষ্কৃতিকাৰীৰ কোনো ধর্ম নাই, যাক চৰকাৰে কঠোৰ শাস্তি প্রদান কৰক: আনফৰ, ৰাজ্যৰ আইন-শৃংখলা ৰক্ষার্থে লোৱা প্ৰশাসনৰ পদক্ষেপক আদৰণি জমিয়ত নেতা মুস্তাক আনফৰৰ

anfar

Assam State Jamiat Ulama :

অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰে এক প্রেছ বিবৃতিযোগে জনায় যে, সম্প্রতি অসমৰ জটিল পৰিস্থিতিত একাংশ দুষ্ট চক্রই কু-উদ্দেশ্যপ্রণোদিত ভাৱে শান্তিপ্রিয় অসমবাসী ৰাইজৰ মাজত নিজৰ দুষ্কৰ্মৰ দ্বাৰা ঘৃণা আৰু হিংসা বিয়পাই অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ ৰাইজৰ মাজত বিভেদৰ সৃষ্টি কৰিবলৈ অহর্নিশে উঠি-পৰি লাগিছে । জমিয়তে উক্ত দুষ্ট চক্রৰ তেনে জনবিৰুধী দুষ্কৰ্মক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি মৰ্মে, অতি সম্প্রতি একাংশ বলাৎকাৰীয়ে বিভিন্ন প্ৰান্তত জীয়ৰী-বোৱাৰীৰ লগতে নাবালিকাক অমানৱীয় ভাৱে ধর্ষণ আৰু হত্যা কৰি অসমৰ সমাজ জীৱন কলুষিত কৰা অপকর্মক জমিয়তে তীব্র গৰিহণা দিয়াৰ লগতে উক্ত দুষ্কাৰ্যত লিপ্ত প্ৰকৃত দোষীক নিৰপেক্ষ তদন্ত ক্ৰমে কঠোৰতম শাস্তিৰ পোষকতা কৰিছে। নগাওঁ জিলাত সদ্য সংঘটিত ধিঙৰ নাবালিকা ধর্ষণ কার্যৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাৰ্যসমূহৰ নিন্দা কৰি উক্ত দুষ্কৰ্মৰ সৈতে জড়িত প্ৰকৃত দোষীসকলক উচিত তদন্ত ক্ৰমে শীঘ্ৰে কৰায়ত্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে জমিয়তে।

আনহাতে, ধিং কাণ্ডৰ গইনা লৈ অসমত একাংশ লোকে শান্তি-সম্প্রীতি পুষ্ট অসমখন অশান্ত আৰু অস্থিৰ কৰি তোলাৰ যি অপচেষ্টাত লিপ্ত হোৱা দেখা গৈছে, উক্ত কার্যৰো পোষকতা নকৰি জমিয়তে সংশ্লিষ্ট সকলো পক্ষকে ধৈর্য আৰু সংযম ৰক্ষা কৰি অসমৰ যাউতিযুগীয়া ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ ৰক্ষা কৰিবলৈ জমিয়ত নেতা আনফৰে সমূহ অসমবাসী ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছে। প্রাক স্বাধীনতা কালৰে পৰা যুগ যুগ ধৰি অসমভূমিত স্থায়ীভাৱে বসবাস কৰি অহা প্রতিগৰাকী অসমবাসী ভাৰতীয় নাগৰিককে জাতি-বৰ্ণ-ধৰ্ম ভেদে বাচ-বিচাৰ নকৰি সকলোকে ভাতৃত্ববোধ অটুট ৰাখি অসমৰ সর্বাংগীন উন্নয়নৰ অংশীদাৰ হ’বলৈ উজনিৰ পৰা নামনি অসমৰ প্রতিগৰাকী নাগৰিকলৈ জমিয়ত নেতা আনফৰে আকুল আহ্বান জনাইছে।

আনহাতে, একেটা বিবৃতিতে অসমৰ চুকে-কোণে বিভিন্ন জিলাত জনস্বার্থত কর্মৰত প্রতিগৰাকী জমিয়ত নেতা-কর্মীলৈ আনফৰে আহ্বান জনাই কয় যে, জমিয়ত কৰ্মীসকলে যাতে ৰাজ্যখনৰ এনে জটিল সন্ধিক্ষণত জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো ৰাইজৰ সৈতে সুখ-দুখৰ সময়ত সহাৱস্থান কৰি ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সাতামপুৰুষীয়া শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধক অধিক কটকটীয়া কৰি ৰাজ্যখনৰ উন্নয়নত আত্মনিয়োগ কৰে।

তদুপৰি, ৰাজ্যখনৰ এনে অস্থিৰতাৰ মাজতো যথোপযুক্ত প্রশাসনিক তৎপৰতাৰে ৰাজ্য প্ৰশাসনে পৰিস্থিতি সু-নিয়ন্ত্রিত কৰি জনসাধাৰণৰ মাজত শান্তি-সম্প্রীতি অটুট ৰখাৰ বাবে লোৱা তাৎক্ষণিক ফলপ্রসু ব্যৱস্থাৰ বাবে জমিয়ত নেতা আনফৰে বিবৃতিটোত ৰাজ্য প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।

Exit mobile version