Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

NEET Exam Scam:দুর্ভাগ্য

publisher by publisher
June 24, 2024
in Assam, India, News
Reading Time: 6 mins read
0
NEET Exam Scam:দুর্ভাগ্য
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

NEET Exam Scam:

#প্রাঞ্জলসেন ডেকা

নিজৰ হাতত কর্তৃত্ব নথকা কোনো বিষয়ত যেতিয়া মানুহ বিপৰ্যয়ৰ সন্মুখীন হয়, অথচ সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা ন্যায় লাভ নকৰে, তেতিয়া তাক নিজৰেই দুর্ভাগ্য বুলি মনক পতিয়ন নিওৱাৰ চেষ্টা কৰে। ক্ষতি পূৰণৰ আন কোনো উপায় নাপাই ভাগ্যক ধিয়াই নিজক সান্ত্বনা দিবলৈ ধৰে। দেশৰ শিক্ষাখণ্ডৰ শেহতীয়া ঘটনাৱলীলৈ চাই এয়া সাধাৰণ ভাৰতীয়ৰ দুৰ্ভাগ্য বুলি মানি লোৱাৰ বাদে গত্যন্তৰ আছে বুলি মনে নধৰে; কিয়নো দেশত এতিয়া একেৰাহে দুটাকৈ কাৰ্যকাল সম্পূৰ্ণ কৰি তৃতীয়বাৰলৈ ক্ষমতাধিষ্ঠিত হৈ অভিলেখ স্থাপনৰ দিশে অগ্ৰসৰ হোৱা শক্তিশালী সিদ্ধান্ত গ্রহণত অদ্বিতীয় বুলি দাবী কৰা প্রধানমন্ত্রীয়ে কার্যনির্বাহ কৰি আছে। তদুপৰি অর্ধ- শতিকা পূর্বে ইহসংসাৰ ত্যাগ কৰা প্রাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ প্ৰভাবো নিশ্চয় ইয়াত নাই। তৎসত্ত্বেও এনে নৈৰাজ্যৰ সন্মুখীন হ’বলগীয়া হোৱাটো দেশবাসীৰেই দুর্ভাগ্য নহয় যদি কি ?

ADVERTISEMENT

এই দেশত বিভিন্ন পৰীক্ষাত কম-বেছি খেলিমেলি কোনো নতুন কথা নহয়; কিন্তু পাৰ হৈ যোৱা পষেকটোত যিবোৰ ঘটনা ঘটিল, সি প্রতিজন সচেতন লোকৰে বুকু কঁপাই তুলিছে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনাই আবেলি চুপে-চাপে নীট-ইউজিৰ ফলাফলো ঘোষণা কৰা হ’ল। সম্প্রতি এই ফলাফলে দেশত যি বিতর্ক আৰু চর্চা লাভ কৰিছে, সাধাৰণ নির্বাচনৰ ফলাফলকো সি চেৰাই গৈছে।

দেশৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজত এমবিবিএছ, বিডিএছ আৰু আয়ুর্বেদিক স্নাতক শ্রেণীত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) ই এই বাছনি পৰীক্ষা অনুষ্ঠিত কৰে। ফলাফল ঘোষণাৰ দিন চেৰেক পাছৰে পৰা এই পৰীক্ষাত সংঘটিত হোৱা এশ এবুৰি গুৰুতৰ অনিয়মৰ লগতে পৰীক্ষাৰ পূর্বেই প্রশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ আহিবলৈ ধৰে। নৱগঠিত নৰেন্দ্র মোদী চৰকাৰে কাৰ্যভাব গ্রহণৰ পাছতে এনে এক প্রত্যাহানৰ সম্মুখীন হ’বলগীয়া হয়। অৱশ্যে চিৰাচৰিতভাৱেই এই বিতর্কক লৈও প্রধানমন্ত্রী মোদীয়ে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰাৰ বিপৰীতে কেন্দ্রীয় শিক্ষামন্ত্রীয়ে আৰম্ভণিৰে পৰা বিষয়টোক লঘু কৰাৰ অপচেষ্ট চলোৱা পৰিলক্ষিত হয়: কিন্তু মন্ত্রীৰ এনে গা এৰা দিয়া মনোভাৱ উদঙাই দি দিন যোৱাৰ লগে লগে নীট-ইউজি পৰীক্ষাত সংঘটিত হোৱা ভয়াবহ কেলেংকাৰি দেশবাসীৰ সন্মুখত স্পষ্ট হৈ পৰে। স্বয়ং বিজেপি ক্ষমতাত অধিষ্ঠিত হৈ থকা প্রথমে গুজৰাট, পাছত বিহাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ আৰক্ষীয়ে প্রশ্ন কাকত ফাদিলত জড়িত চক্রক ধৰা পেলোৱাত কেন্দ্রীয় মন্ত্রীয়েও এই দুষ্কার্য স্বীকাৰ কৰিবলৈ বাধ্য হোৱাৰ উপৰি চৰকাৰেও গা লৰাবলৈ বাধ্য হয়।

কোনো ধৰণৰ স্পষ্ট নীতি-নিয়ম অনুসৰণ নকৰাকৈ অসৎ উদ্দেশ্যবে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীক গ্রেচ মার্ক প্রদান কৰা হয়। ফলস্বৰূপে যোৱা বছৰ অৰ্থাৎ ২০২৩ত অনুষ্ঠিত নীট-ইউজিত মাত্র দুগৰাকী পৰীক্ষার্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ লাভ কৰি শীর্ষ স্থান দখল কৰাৰ বিপৰীতে এইবাৰ আশ্চৰ্যকৰভাৱে ৬৭ গৰাকীয়ে এশ শতাংশ নম্বৰ লাভেৰে শীর্ষ স্থানত উপনীত হয়। ২০১৬ৰ পৰা আৰম্ভ হোৱা নীট-ইউজিত এই পর্যন্ত কেবল ২০২০ত দুগৰাকী, ২০২১ত তিনি গৰাকীয়েহে এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে চৰকাৰে গাপ দিবলৈ আপ্রাণ চেষ্ট কৰিলেও এই অভূতপূর্ব কেলেংকাৰিত যে এক বৃহৎ ক্ষমতাশালী চক্র জড়িত হৈ আছে, তাত সন্দেহৰ অবকাশ নাই। সবাতোকৈ পৰিতাপৰ বিষয় হৈছে, নীট-ইউজি অথবা জেইইৰ দৰে পৰীক্ষাত সংশ্লিষ্ট ছাত্র অথবা ছাত্ৰী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালটোও সম্পূর্ণৰূপে জড়িত হৈ পৰে।

অন্যান্য পাঠ্যক্ৰমৰ সপক্ষে যিমানেই গ্রহণযোগ্য যুক্তি দাঙি ধৰা নহওক কিয়, মেডিকেল আৰু ইঞ্জিনিয়াৰিঙেই ভাৰতত সবাতোকৈ কাংক্ষিত পাঠ্যক্রম। যি দেশত চতুর্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে আয়োজিত সাক্ষাৎকাৰ পৰীক্ষাৰ পূৰ্বেই প্রশ্নকাকত ফাদিলৰ বাবে বাৰে বাৰে বাতিল কৰিবলগীয়া হয়, সেই দেশ মেডিকেল-ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বাবে উন্মাদনা সকলোৱে দেখি আহিছো। গতিকে একো একোগৰাকী এনে পৰীক্ষাৰ্থীক কেন্দ্ৰ কৰিয়ে তেওঁৰ পৰিয়ালটো তৎপৰ হ’বলৈ ধৰে। পৰিয়ালটোৰ প্ৰতিজন সদস্যই সেই পৰীক্ষার্থী গৰাকীৰ সা-সুবিধাৰ প্রতি লক্ষ্য কৰি নিজকে খাপ খুৱাই ল’বলৈ বাধ্য হয়। দুবছৰ-তিনিবছৰ পূৰ্বৰে পৰা নীটত অবতীর্ণ হোৱাৰ বাবে সক্ষম কৰি তুলিবলৈ নামী-দামী ক’চিং চেন্টাৰত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি নাম ভর্তি কৰিবলগীয়া হয়।

এনে বহু ছাত্র-ছাত্রীক আনকি ৰাজস্থানৰ কোটাৰ দৰে বহুচর্চিত স্থানতো অভিভাৱকে পঢ়ুৱাবলৈ বাধ্য হয়। গতিকে এইবাৰ ২৪ লাখ ছাত্র-ছাত্রী এই পৰীক্ষাত অবতীর্ণ হৈছে যদিও প্রকৃততে ইয়াৰ স’তে ২৪ লাখ পৰিয়ালেই জড়িত হৈ পৰিছে। সেয়েহে নীটৰ কেলেংকাৰি-অনিয়মে এই ২৪ লাখ পৰিয়ালকে ন্যায়ৰ পৰা বঞ্চিত কৰিছে।

সম্প্রতি নীট-ইউজিৰ পৰা আৰম্ভ হোৱা শিক্ষাখণ্ডৰ বিপৰ্যয়ৰ অন্ত পৰাৰ নামেই নোলোৱা হৈছে। একে এনটিএই অনুষ্ঠিত কৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতামাপক ইউজিচি-নেট পৰীক্ষাও ১৮ জুনত অনুষ্ঠিত কৰি পাছদিনা নিশা ততাতৈয়াকৈ বাতিল কৰিবলগীয়া হয় পৰীক্ষাৰ পূৰ্বে প্রশ্ন কাকত ফাদিলৰ পৰিণতিত। তাৰ পাছত অহা ২৫ আৰু ২৭ জুনত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ বিষয়সমূহৰ গৱেষণাৰ প্ৰৱেশ পৰীক্ষা চিএছআইআৰ-নেট স্থগিত ঘোষণা কৰে এনটিএই। তেনেদৰেই দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নীট-পিজি পৰীক্ষাও অনির্দিষ্ট কাললৈ স্থগিত ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।

এনটিএৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিততে এই পৰীক্ষা স্থগিতৰ ঘোষণা কৰা হয়। পৰীক্ষা যাতে স্বচ্ছভাৱে সম্পন্ন হয়, তাৰ বাবে পুংখানুপুংখ মূল্যায়নৰ প্রয়োজন আছে বাবেই অন্তিম মুহুর্তত নীট-পিজি বাতিল কৰা হয় বুলি স্বাস্থ্য দপ্তৰে এক বিবৃতিত প্রকাশ কৰাটো তাৎপর্যপূর্ণ; কিন্তু চৰকাৰীভাৱে প্রকাশ নকৰিলেও পৰীক্ষাৰ পূর্বেই প্রশ্নকাকত ফাদিলেই ইয়াৰ মূল কাৰণ বুলি চর্চিত হৈছে। কিয়নো শুকুৰবাৰেই নীট-পিজিৰ আয়োজক সংস্থাই ইয়াৰ এক ইংগিত দিছিল। এনেদৰে এটাৰ পাছত আনটো অতি গুৰুত্বপূর্ণ পৰীক্ষা প্রশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ বাবে বাতিল কৰিবলগীয়া হোৱা ঘটনা অভূতপূর্ব। দেশজুৰি ছাত্র সংগঠনৰ প্ৰতিবাদ আৰু বিৰোধী দলসমূহৰ কঠোৰ সমালোচনাৰ পাছত নাক বচাবলৈ চৰকাৰে এনটিএৰ সঞ্চালক প্রধান সুবোধ কুমাৰক পদৰ পৰা অপসাৰণ কৰে।

লগতে নীট-ইউজিৰ অনিয়মৰ তদন্তৰ বাবে চিবিআইক দায়িত্ব অর্পণ কৰে। তাৰ পূৰ্বে এনটিএৰ সংস্কাৰৰ লগতে ইয়াৰ পৰীক্ষা পদ্ধতিৰ উন্নতি আৰু তথ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ সম্পৰ্কত পৰামৰ্শ প্রদানৰ উদ্দেশ্যে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ে এখন সাতজনীয়া সমিতি গঠন কৰি দিয়ে। ইছৰ’ৰ প্রাক্তন মুৰব্বী ড° কে ৰাধাকৃষ্ণণৰ অধ্যক্ষতাৰ এই সমিতিক আগন্তুক দুমাহৰ ভিতৰত এই সম্পৰ্কত নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

শিক্ষাৰ সংস্কাৰক লৈ দেশত এনে বহুত সমিতিয়েই গঠন হৈছে: কিন্তু সেইবোৰৰ পৰামর্শসমূহ কিমান দূৰ কার্যকৰী কৰা হৈছে সেয়াহে মূল কথা। তাতোকৈ গুৰুত্বপূর্ণ প্রশ্নটো হৈছে- এই অভূতপূর্ব কেলেংকাৰিৰ সম্পৰ্কত উপযুক্ত পর্যায়ত দায়বদ্ধতা তথা জবাবদিহিতা নির্ধাৰণ কৰা হ’বনে? নে তদন্ত আৰু কমিটীৰ আঁৰ লৈ সমগ্র ব্যৱস্থাটোক কলুষিত কৰাসকলক সুৰক্ষা প্রদান কৰা হ’ব? ইতিমধ্যে প্রকাশ পাইছে যে যোৱা সাত বছৰত অসমকে ধৰি দেশৰ ১৫খন ৰাজ্যত কমেও ৭০ বাৰ বিভিন্ন চাকৰি আৰু উচ্চ শিক্ষাৰ বাছনি পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হৈছে।

লক্ষ্যণীয়ভাৱে ইয়াৰে অধিকাংশই বিজেপি শাসিত ৰাজ্য। সততে দৃঢ় সিদ্ধান্ত গ্রহণত পাৰদর্শী বুলি দাবী কৰা বিজেপি চৰকাৰে এনেদৰে ধাৰাবাহিক প্রশ্ন কাকত ফাদিলৰ ঘটনাক ৰোধ কৰিব নোৱৰাটোবে স্বাভাৱিকতে বিভিন্ন সন্দেহৰ উদ্রেক ঘটায়। এই বিষয়টোক লৈ চৰকাৰ যে মুঠেই সচেতন নহয়, সেয়া বিভিন্ন ঘটনাই উদঙাই দিছে। শেহতীয়া নীট-নেট বিতৰ্কৰ পাছত যোৱা শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰশ্নকাকত ফাদিল বিৰোধী কঠোৰ আইন এখন বলবৎ কৰে। ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্রতিৰোধ) আইন, ২০২৪ৰ অধীনত পৰীক্ষাৰ পূর্বে প্রশ্নকাকত ফাদিলৰ ঘটনাত দোষী সাব্যস্ত হোৱা লোকক ১০ বছৰৰ সশ্রম কাৰাদণ্ড আৰু এক কোটি টকা পর্যন্ত জৰিমনা বিহাৰ কথা ঘোষণা কৰা হৈছে।

লক্ষ্যণীয় যে এই আইনখন যোৱা ফেব্রুৱাৰীতে সংসদত গৃহীত হৈছিল যদিও ইয়াক বলবৎ কৰা হোৱা নাছিল। সেয়েহে এইক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাক লৈ বাৰে বাৰে প্রশ্ন উত্থাপিত হৈ আহিছে। কিয়নো অবশেষত এনটিএৰ সঞ্চালক প্রধান সুবোধ কুমাৰক অপসাৰণ কৰিলেও ইয়াৰ অধ্যক্ষ প্রদীপ যোশীৰ ভূমিকাক লৈও প্রশ্ন উত্থাপিত হৈ আহিছে। বিজেপিৰে ঘনিষ্ঠতাৰ সূত্রেই যোশীয়ে ২০০৬ৰ পৰা একেৰাহে ক্রমে মধ্যপ্রদেশ লোকসেৱা আয়োগ আৰু তাৰ পাছত চণ্ডিছগড় লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি লাভ কৰে। তাত কার্যকাল সমাপ্তিৰ পাছত কেন্দ্রীয় লোকসেৱা আয়োগৰ সদস্যৰূপে আৰু পাছত ইয়াৰ অধ্যক্ষ ৰূপে কার্যনির্বাহ কৰে। সম্প্রতি তেওঁ এনটিএৰ অধ্যক্ষৰূপে দায়িত্ব গ্রহণ কৰি আছে। শেহতীয়া অনিয়মসমূহক লৈ এনটিএৰ অধ্যক্ষজনক জবাবদিহি কৰা হ’বনে? এনেধৰণৰ গুৰুত্বপূৰ্ণ পদত ৰাজনৈতিক দৃষ্টিকোণেৰে নিযুক্তি প্রদানক লৈ বিতর্ক চলি আহিছে যদিও সেইবোৰলৈ চৰকাৰে কৰ্ণপাত কৰা নাই।

উল্লেখ্য যে নীট-ইউজি, ইউজিচি-নেটৰ উপৰি এনটিএই জেইই, কমন মেনেজমেন্ট এডমিছন টেষ্ট আদিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ আয়োজন কৰি আহিছে। অৱশ্যে একাংশ শিক্ষাবিদ তথা বিশেষজ্ঞই এনটিএৰ সক্ষমতা আৰু স্বচ্ছতাক লৈ প্রশ্ন উত্থাপন কৰিছে।

স্বাভাৱিকতে এনে অৰাজকতাৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে বিৰোধী দলসমূহ। সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অষ্টদশ লোকসভাৰ প্ৰথমখন অধিৱেশন এই পৰীক্ষা কেলেংকাৰিক লৈ উত্তপ্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। অৱশ্যে বিগত সময়ছোৱাত আৰু সদ্যসমাপ্ত নির্বাচনৰ প্ৰচাৰতো বিভিন্ন নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱ যথেষ্ট সৰৱ হৈ আহিছে। আনহাতে, ইয়াৰ যোগ্য প্রত্যুত্তৰ দিয়াত ব্যর্থ হৈ প্রধানমন্ত্রী মোদী প্রমুখ্যে বিজেপিৰ বৰমূৰীয়াসকলে বিষয়টো সম্পূর্ণ এৰাই চলিছে; কিন্তু সম্প্রতি দেশজুৰি ছাত্ৰ সমাজৰ মাজত উদ্রেক হোৱা ক্ষোভ মৰিষণ কৰাটো যে চৰকাৰৰ পক্ষে সহজ নহ’ব সেয়া নিশ্চিত।

ইতিমধ্যে নীট-ইউজি এনেবোৰ কেলেংকাৰি-অনিয়মৰ বিৰুদ্ধে দাখিল হোৱা বিভিন্ন পক্ষৰ আবেদনসমূহৰ একত্রিতভাবে অহা আঠ জুলাইত উচ্চতম ন্যায়ালয়ত দেশৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত শুনানি হোৱাৰ কথা। তাৰ দুদিন পূর্বে অর্থাৎ ছয় জুলাইৰ পৰা নীটৰ কাউন্সিলিং প্রক্রিয়া পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি আৰম্ভ হ’ব। এইবাৰৰ নীট-ইউজিত অৱতীৰ্ণ হোৱা অধিকাংশ পৰীক্ষার্থীয়েই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাইছে। চৰকাৰে অৱশ্যে একাংশ নির্দিষ্ট ৰাজ্যতহে প্রশ্ন কাকত ফাদিল হোৱা বুলি উল্লেখ কৰি তাৰ বাবে সমগ্ৰ পৰীক্ষাটোকে বাতিলৰ পোষকতা কৰা নাই। গতিকে অহা আঠ জুলাইত মুখ্য ন্যায়াধীশে কি পথ প্রদর্শন কৰে তালৈ অপেক্ষা কৰিছে দুর্ভগীয়া দেশবাসীয়ে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dhamendra PradhanNDA GovtNEET Exam ScamPranjalsen DekaSpl Articles
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d