98th Birth Anniversary of Bharat Ratna Dr. Bhupen Hazarika at Agartala Town Hall:ত্ৰিপুৰাৰ চৰকাৰৰ উদ্যোগত আগৰতলাত ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজাদিনৰ বিশেষ অনুষ্ঠান

bhupenda main

98th Birth Anniversary of Bharat Ratna Dr. Bhupen Hazarika at Agartala Town Hall:

ভাৰতৰত্ন ড:ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজাদিনৰ স’তে সংগতি ৰাখি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে ৷

৭ ছেপ্তেম্বৰত ৰাজ্য খনৰ ৰাজধানী চহৰ আগৰতলাৰ টাউন হলত আয়োজিত হ’বলগীয়া ড:ভূপেন হাজৰিকা বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ আনহাতে এই অনুষ্ঠানত সংগীত পৰিবেশনৰ বাবে নিমন্ত্ৰণ কৰা হৈছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ড:মৌচুমী চহৰীয়া ৷

এই সন্দৰ্ভত ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অধ্যাপক ড:মানিক সাহাই কয়,ভাৰতৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ ভাৰতৰত্ন ভূপেন হাজৰিকা। তেওঁৰ গীতে আজিও অগণন মানুহক মুগ্ধ কৰি ৰাখিছে। ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগে সহযোগত মহান শিল্পী ড. ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে আমাৰ ৰাজ্যৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানি সুখী হৈছোঁ।

আমাৰ ৰাজ্যৰ তথা দেশৰ কিংবদন্তি শিল্পী তথা সুৰকাৰ কুমাৰ শচীন দেৱবৰ্মনো ড: ভূপেন হাজৰিকাৰ দৰে সমাদৃত ।  দুয়োজন মহান শিল্পী সুৰৰ দোলনত মন্ত্ৰমুগ্ধ অগনণ শ্ৰোতা । মোৰ দৃঢ় বিশ্বাস যে চুবুৰীয়া দুখন ৰাজ্যৰ দুগৰাকী মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰচেষ্টাৰে আমি আমাৰ সাংস্কৃতিক ঐতিহ্যক নতুন প্ৰজন্মলৈ আগবঢ়াই নিব পাৰিম।

Exit mobile version