Borholla Police Station:বৰহোলাত ড্ৰাগছ, পথ সুৰক্ষা, বাল্য বিবাহ, শিশু সুৰক্ষা আইন সন্দৰ্ভত সজাগতা সভা

বৰহোলা আৰক্ষী থানাৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত হৈছে এই সভা

police44

Borholla Police Station:

বৰহোলা আৰক্ষী থানাৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত অবৈধ ড্ৰাগছ, পথ সুৰক্ষা, বাল্য বিবাহ, শিশু সুৰক্ষা আইন আদিৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰহোলা গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় মোহন সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি উপস্থিত থাকি ড্ৰাগছৰ ভয়বহতা, সমাজ আৰু যুৱ চামৰ মাজত ড্ৰাগছৰ ঋণাত্মকতা আদিৰ কথা উল্লেখ কৰি ড্ৰাগছ প্ৰচলন ৰোধৰ বাবে সকলো ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। লগতে আকস্মিক পথ দুৰ্ঘটনাত নিজৰ সুৰক্ষাৰ বাবে বাইক চলাওতে হেলমেট পৰিধান কৰাকে ধৰি সন্তানক দামী বাইক এখন ক্ৰয় কৰি দিয়াৰ সময়ত বাইকখনৰ প্ৰয়োজনীতাৰ সন্দৰ্ভতো গুৰুত্ব দিবলৈ আহ্বান জনায়। বাল্য বিবাহ, শিশু সুৰক্ষা আইনৰ বিভিন্ন দিশ উল্লেখ কৰিও ৰাইজে বুলি পোৱাকৈ সহজভাৱে অৱগত কৰে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে।

গাঁওৰক্ষী বাহিনীৰ বৰহোলা চক্ৰৰ বিষয়া মনোজ দুৱৰাই আঁত ধৰা আৰু উদ্দেশ্য বাখ্যা কৰা সভাত বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰমোদ দত্তয়ো উক্ত বিষয়কেইটাৰ সন্দৰ্ভত ৰাইজৰ আগত সজাগতামূলক চমু বক্তব্য প্ৰদান কৰে। সভাত সন্মানীয় অতিথি হিচাপে বৰহোলা থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি বানেশ্বৰ সোণোৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী হৰেণ গগৈ, যুৱনতা, সমাজকৰ্মী দেৱজিৎ সোণোৱাল আদি উপস্থিত থাকে। সভাত বৰহোলা থানাৰ অন্তৰ্গত ভালেসংখ্যক গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা, স্থানীয় সচেতন ৰাইজকে ধৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে।

Exit mobile version