Distributing Teacher Permanent appointment letters:নিয়মীয়া পদত নিযুক্তি ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকক

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা বৃহৎ নিযুক্তি সমাৰোহত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ, আন কৰ্মচাৰীৰ দৰেই ডিএ পাব শিক্ষকসকলে,জ্যেষ্ঠতা কৰ্তন নহয় নতুন নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ,জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকো হ’ব পাৰিব : মুখ্যমন্ত্ৰী, নিযুক্তি পত্ৰ বিতৰণত মুখ্যমন্ত্ৰী ঘোষণা এনপিএছ উন্নীত হ’ব ইউপিএছলৈ

teacher 1

Distributing Teacher Permanent appointment letters:

নিয়মীয়া পদত নিযুক্তি লাভ কৰিলে ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকে ৷ সোমবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা বৃহৎ নিযুক্তি সমাৰোহত নিযুক্তি পত্ৰ বিতৰণ কৰিলে নিয়মীয়াকৰণ শিক্ষকক ৷

নিযুক্তি পত্ৰ বিতৰণ সমাৰোহত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় ,ডেৰ লাখ নিযুক্তিলৈ আৰু এখোজ ৰাজ্য চৰকাৰৰ। আজি আমি এক লাখ নিযুক্তিৰ লক্ষ্য অতিক্ৰম কৰিলোঁ। ই স্বাধীনতাৰ ৭৮বছৰত এয়া সৰ্বপ্ৰথম। কোনো চৰকাৰে এটা কাৰ্যকালত এক লাখ চাকৰি দিব পৰা নাছিল। অহা বছৰত আমাৰ লক্ষ্য আৰু পঞ্চাশ হেজাৰ নিযুক্তি ৷ আনহাতে আজিৰ এই নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ লগে লগে ঠিকাভিত্তিক শব্দটো উঠি গ’ল।জ্যেষ্ঠতা কৰ্তন নহয় নতুন নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ। জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকো হ’ব পাৰিব তেওঁলোক ৷ তদুপৰি আন কৰ্মচাৰীসকলৰ দৰে এই সকল শিক্ষকে লাভ কৰিব ডিএ ৷ একেদৰে নিয়মীয়াকৰণৰ মান শীৰ্ঘেই পাঁচ বছৰৰ পৰিৱৰ্তে কৰা হ’ব তিনিবছৰ ৷

মুখ্যমন্ত্ৰীয়ে এই সভাতে কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া দাবী এনপিএছ ইউপিএছলৈ উন্নীত কৰাৰ ইংগিত দি কয়, এনপিএছ কৰ্মচাৰীসকলে এটা ভাল খবৰ লাভ কৰিব অচিৰেই ৷ অহা বছৰৰ পৰা বদলিৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰি তিনিবছৰৰ ভিতৰত শেষ কৰা হ’ব ৷ একেদৰে ছহেজাৰ প্ৰধান শিক্ষকৰ পদ পূৰণ কৰাৰো ইংগিত দিয়ে ৷

মুখ্যমন্ত্ৰী ড:শৰ্মাই কংগ্ৰেছ দলে শিক্ষক দিৱস দিনটোত গুৰু বন্দনা আয়োজন সন্দৰ্ভত কয়, কংগ্ৰেছে ৭৮ বছৰে গুৰু বন্দনা কৰা নাই। আনকি অসম আন্দোলনৰ কালছোৱাত বহু শিক্ষকক জে’ললৈ নিক্ষেপ কৰিছিল বুলি কটাক্ষ কৰে ৷
আনহাতে শিক্ষক দিৱসৰ দিনটোক অসম কলেজ শিক্ষক সন্থাই বৰ্জন কৰিব বুলি যি ঘোষণা কৰিছে এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,শিক্ষক দিৱস চৰকাৰৰ দিৱস নহয়। শিক্ষক দিৱসটো শিক্ষকসকলৰ নিজৰ দিৱস।এনেক্ষেত্ৰত এই পবিত্ৰ দিনটোক লৈ শিক্ষকসকলক ৰাজনীতি নকৰিবলৈ আহ্বান জনায়  ড:শৰ্মাই ৷

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা শিক্ষক নিযুক্তি সমাৰোহত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডা:ৰণোজ পেগু,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা,গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া,মুখ্য সচিব ৰবি কোটা ,অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰস্ম গোঁহাই বৰুৱা সহ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গ ৷

Exit mobile version