AAP protests against smart meters in Nagaon And Golaghat:স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোলাঘাট, নগাঁও যোৰহাটত ‘আপ’ৰ বিক্ষোভ

গোলাঘাটত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আপ কৰ্মীৰ

golaghat aap

AAP protests against smart meters in Nagaon And Golaghat:

এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠনৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে ৰাজ্যৰ কেইবাখনো জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গোলাঘাট চহৰত আপৰ বিক্ষোভ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ উপৰি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰে।

বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানিৰ মুনাফাৰ স্বাৰ্থত অসমবাসীৰ ওপৰত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বোজা জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰে আপৰ নেতা ৰাজীৱ শইকীয়াই । অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা তথা শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাক এই জনবিৰোধী নীতি অবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ আপৰ কৰ্মকৰ্তা সকলে দাবী জনায়। যোৰহাট চহৰতো আম আদমী পাৰ্টিৰ জিলা পৰ্যায়ৰ কৰ্মকৰ্তা সকলে এপিডিচিএলৰ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

ইপিনে, নগাঁৱত আপৰ জিলা কমিটীৰ প্ৰাক্তন সভাপতি যুগান্তৰ বৰা আৰু ৰাজ্যিক মহিলা ৱৰ্কিং কমিটীৰ আহ্বায়ক চুমি বৰাৰ নেতৃত্বত বহুসংখ্যক দলীয় কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এপিডিচিএলৰ জনবিৰোধী নীতি বাতিল কৰক, স্মাৰ্ট মিটাৰৰ স্মাৰ্ট ডকাইতি বন্ধ কৰক, আদানি মিটাৰ নচলিব, শক্তি মন্ত্ৰী হায়, হায় আদি শ্ল’গান দি আপৰ কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে। জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত এপিডিচিএলক পূৰ্বৰ ব্যৱস্থা বাহাল ৰাখিবলৈ তেওঁলোকে দাবী জনায়।

Exit mobile version