15th Annual Brajnath Sharma Memorial Interstate Drama Festival: ১২ ছেপ্টেম্বৰৰ পৰা পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ

samahar

15th Annual Brajnath Sharma Memorial Interstate Drama Festival:

সু-পৰিচিত অপেছাদাৰী নাট্যদল সমাহাৰ নাট্য গোষ্ঠীয়ে চাৰি দিনীয়া কাৰ্য্যসূচীৰে অহা ১২ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ পঞ্চদশ বার্ষিক ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ খনি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত উদযাপন সমিতিৰ সভাপতি ললিত শর্মাই কয়, “আমি সমাৰোহৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাবে ঘোষণা কৰিবলৈ পোৱাটো অতি আনন্দৰ বিষয়। চৈধ্য বছৰে সফলতাৰে অনুষ্ঠিত হোৱা উক্ত সমাৰোহে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰূপে পৰিচিতি লাভ কৰিছে। সেয়েহে প্ৰতি বছৰে উক্ত সমাৰোহ সফল ভাবে আয়োজন কৰাটো আমাৰ গুৰু দায়িত্ব।”

২০০৭ চনৰ পৰা প্ৰতি বছৰে সমাহাৰে অসমীয়া ভ্রাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্রয়াত ব্রজনাথ শৰ্মাৰ সোঁৱৰণত উক্ত সমাৰোহ আয়োজন কৰি আহিছে। শর্মাই ১৯৩৩ চনত অসমত পোনপ্রথমে মঞ্চত নাৰী শিল্পীৰ দ্বাৰা অভিনয় কৰোৱাৰ দৰে বলিষ্ঠ পদক্ষেপ লৈ সহ-অভিনয়ৰ সূচনা কৰিছিল। এয়াই নহয়, স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু সৈনিক শর্মা জ্বলাই দিছিল বৰপেটা জিলাৰ বৰনগৰত স্থাপিত বৃটিছ বিমান ঘাটি, সৰভোগ থানা, ডাকঘৰ আদি।

এইবাৰৰ নাট সমাৰোহৰ বিতং কাৰ্যসূচী নিম্নলিখিত ধৰণৰ -১২ ছেপ্টেম্বৰ সন্ধিয়া ৬:৩০ বজা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান। সমাৰোহৰ বন্তি প্রজ্বলন কৰিব ব্রজনাথ শৰ্মাৰ জীয়ৰী আৰু নাতিনী ক্রমে হিৰণবালা দেৱী আৰু নিলাক্ষী মিশ্ৰই। নাট সমাৰোহ  খনি উদ্বোধন কৰিব প্ৰবীন বাওঁপন্থী ৰাজনীতিবিদ, বুদ্ধিজীৱি তথা লেখক হেমেন দাসে। ব্রজনাথ শর্মা সোঁৱৰণী নাট সমাৰোহৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা ‘কোহিনুৰ’ উন্মোচন কৰিব বিশিষ্ট লেখক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে।

উদ্বোধনী অনুষ্ঠানৰ সামৰণিৰ লগে লগে গুৱাহাটীৰ দ্রষ্টা নাট্য দলে মঞ্চস্থ কৰিব যশস্বী নাট্যকাৰ-চিত্র নির্মাতা ড° সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্রজিৎ কাকতি পৰিচালিত নাট “PIL-99″। নাট খনিত দেখুওৱা হৈছে যে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ আমাৰ দেশত গৰীব দুখীয়াৰ বঞ্চনাও বৃহত্তম। আনকি এই বঞ্চনা চলে জনসাধাৰণৰ বিশুদ্ধ খোৱা পানীৰ নামতো। পানী টোপাৰ বাবেও সাধাৰণজনে কৰিবলগীয়া হোৱা সংগ্রাম খনেই নাটখনিৰ উপজীব্য।

Exit mobile version