Two youths were arrested for harboring Sumi Bora and Tarkik:চুমি বৰা আৰু তার্কিকক আশ্ৰয় দি বিপদত দুই যুৱক

বোকাখাত আৰক্ষীয়ে আটক কৰিলে আশ্ৰয় প্ৰদান কৰা দুই যুৱকক আটক. আটকাধীন যুৱকদ্বয় শোভনজ্যোতি কুর্মী আৰু চন্দন নাথ, দুয়োকে আটক কৰি নিয়া হৈছে ডিব্ৰুগড়লৈ, বিগত সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈ আছিল চুমি-তার্কিক

sumi tarkik

Two youths were arrested for harboring Sumi Bora and Tarkik:

বহুচৰ্চিত ট্ৰেডিং গোচৰত অভিযুক্ত মষ্ট ওৱানটেড চুমি বৰা আৰু তাৰ্কিক বৰাক আশ্ৰয় দিয়াৰ অপৰাধত আৰক্ষীৰ জালত বোকাখাত দুই যুৱক ৷ বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক সোমবাৰে নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে। ইতিমধ্যে আজি দুয়োকে নিয়া হৈছে ডিব্ৰুগড়লৈ  ৷ দুয়োকে জেৰা চলাব চিআইডিৰ এছ আই টিৰ তদন্তকাৰী বিষয়াই ৷

প্ৰাপ্ত খবৰ অনুসৰি যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈ আছিল চুমি-তাৰ্কিকে। উদ্থাপিত অভিযোগ অনুসৰি চুমি-তাৰ্কিকক আত্মগোপন কৰাত সহযোগ কৰিছিল চন্দন নাথেও ৷ উল্লেখ্য যে, ২০১৬ চনৰ পৰাই তাৰ্কিকৰ ফটো গ্ৰাফী কৰ্মৰ সৈতে সহযোগী হিচাপে কাম কৰিছিল শোভনজ্যোতি কুৰ্মীয়ে।

Exit mobile version