Russia will build a nuclear power plant on the moon: চন্দ্ৰত পাৰমাণৱিক শক্তি কেন্দ্ৰ তৈয়াৰ কৰিব ৰাছিয়াই: ভাৰত-চীনে ল’ব অংশ

russia

Russia will build a nuclear power plant on the moon:

ৰাছিয়াই চন্দ্রত এক পাৰমাণবিক শক্তি প্রকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই শক্তি প্ৰকল্পক ৰাছিয়াৰ স’তে সহযোগিতা কৰিব চীনে। উভয় দেশে চন্দ্রত পাৰ্মাণবিক শক্তি কেন্দ্ৰ স্থাপনৰ যি পৰিকল্পনা প্রস্তুত কৰিছে, এই পৰিকল্পনাত অংশ ল’বলৈ ইচ্ছা প্রকাশ কৰিলে ভাৰতে।

ৰাছিয়াৰ পাৰমাণৱিক শক্তি সংস্থাই সদৰী কৰা অনুসৰি, চন্দ্ৰত গঢ়িব বিচৰা উক্ত পাৰমাণৱিক শক্তি প্ৰকল্পৰ কাম-কাজত চীনৰ লগতে ভাৰতো অংশীদাৰ হ’ব বিচাৰিছে। ২০৩৫ বর্ষলৈকে চন্দ্ৰত এই পাৰমাণৱিক শক্তি প্রকল্প গঢ়ি তোলাৰ পৰিকল্পনা ৰাছিয়াই প্ৰস্তুত কৰিছে। ২০৩৩ৰ পৰা ২০৩৫ৰ সময়ছোৱাৰ ভিতৰত চীন আৰু ৰাছিয়াই চন্দ্ৰৰ ভূ-পৃষ্ঠত স্থাপন কৰিব প্ৰথমটো পাৰমাণবিক শক্তি কেন্দ্ৰ।

ইফালে, ভাৰতেও ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ অভিযান প্ৰেৰণ কৰিব বিচাৰিছে। ভাৰতৰ মহাকাশ গবেষণা সংস্থা ইছৰ’ৱে এই বিষয়ত ইতিমধ্যে কাম আৰম্ভ কৰিছে। চন্দ্রলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ লগতে ভাৰতে ২০৩৫ৰ ভিতৰত মহাকাশত নিজা আস্থান নিৰ্মাণৰ এক পৰিকল্পনা প্ৰস্তুত কৰিছে।

Exit mobile version