Arvind Kejriwal has been granted bail by the Supreme Court:অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

সুৰা নীতি কেলেংকাৰিত মুখ্যমন্ত্ৰীগৰাকী গ্ৰেপ্তাৰ হৈছিল ২১ মার্চত, ইডিয়ে কৰিছিল কেজৰিৱালক

kejrial

Arvind Kejriwal has been granted bail by the Supreme Court:

সুদীৰ্ঘ ছমাহ কাৰাবন্দী হৈ থকাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল অৰবিন্দ কেজৰিৱালৰ। সৰ্বোচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ জামিন। দিল্লীৰ সুৰা নীতি কেলেংকাৰীত জামিন লাভ কৰে অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে ১০ লাখ টকাৰ বণ্ডত জামিন মঞ্জুৰ লাভ কৰে কেজৰিৱালে। আনহাতে সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত জামিন দিয়া আদালতৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এইটো স্পষ্ট কৰি দিয়ে যে কেজৰিৱালে গোচৰটোক লৈ কৰিব নোৱাৰিব কোনো মন্তব্য ৷ একেদৰে চিবিআইক উদ্দেশ্য কৰি ন্যায়াধীশ গৰাকীয়ে কয় খৰখেদাকৈ গ্ৰেপ্তাৰ কৰিব লগা কিয় হ’ল। এই গ্ৰেপ্তাৰ ন্যায় সংগত নহয়। একেদৰে আদালতে চিবিআইক সজাৰ ভাটৌ নহ’বলৈ সৰ্তক কৰি দিয়ে ৷

মনকৰিবলগীয়া যে ,২১ মাৰ্চত ইডিয়ে কেজৰিয়ালক ইডিয়ে দিল্লী সুৰা নীতি কেলেংকাৰিত গ্ৰেপ্তাৰ কৰিছিল ৷ কেজৰিয়াল কাৰাগাৰত থকা অৱস্থাতে চিবিআইয়ে ২৬ জুনত গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে কাৰাবন্দী হৈ আছিল তিহাৰ জেলত

Exit mobile version