Co-ordination Committee of the Tribal Organization of assam Pressmeet:সোণাপুৰৰ কচুতলিৰ জনজাতি বেষ্টনীৰ ভূমি বেদখলক লৈ সংবাদমেল 

khaglari presmeet

Co-ordination Committee of the Tribal Organization of assam Pressmeet:

সোণাপুৰৰ কচুতলিৰ জনজাতি বেষ্টনীৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে লোৱা পদক্ষেপক শেহতীয়া কংগ্ৰেছে ৰক্ষণাবেক্ষণ দিয়া বুলি গুৰুতৰ অভিযোগ কৰিছে’ অসমৰ জনজাতি সংগঠন সমূহৰ সমন্বয় সমিতিয়ে (Coordination Committee of the Tribal Organisation of assam (CCTOA) ৷

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি জনজাতি সংগঠন সমূহৰ সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীয়ে কয়, এসময়ত কংগ্ৰেছৰ আমোলতে ট্রাইবেল বেল্ট এণ্ড ব্লক সমূহ অনা হৈছিল ৷ কিন্ত শেহতীয়াকৈ ট্ৰাইবেল ব্লেট দখল কৰা বেদখলকাৰীৰ পক্ষত থিয় দিছে কংগ্ৰেছে । এইয়া অতি দুৰ্ভাগ্যজনক কথা ৷ আমি কংগ্ৰেছৰ এই স্থিতিক গৰিহণা দিছো। ট্ৰাইবেল ব্লেটৰ ভূমি বেদখল মুক্ত কৰিবলৈ যোৱা আৰক্ষী আৰু বিষয়াক আক্ৰমণ কৰা সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে কচুতলিৰ ভুমি বেদখলমুক্তৰো দাবী জনাই খাকলাৰীয়ে ৷

Exit mobile version