Farewell reception to the Commissioner of Kamrup:কামৰূপৰ জিলা আয়ুক্ত কীৰ্তি জ্বল্লীক বিদায়ী সম্বৰ্ধনা জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ

DC scaled

Farewell reception to the Commissioner of Kamrup:

কামৰূপ জিলাৰ বিদায়ী জিলা আয়ুক্ত কীৰ্তি জল্লীক আজি আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিক আৰু ৮ টাকৈ সাংবাদিক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । সাংবাদিক কৌশিক দাসে আতঁধৰা সম্বৰ্ধনা অনুষ্ঠানত কীৰ্তি জল্লীক গামোচা, জাপী, স্মাৰক, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধনা সভাত আজু কামৰূপ জিলা সমিতিৰ উপদেষ্টা মুনীন ডেকা, হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাস, বাইহাটা চাৰিআলি প্ৰেছ ক্লাৱৰ সভাপতি লক্ষ্মী ডেকা, আপকু কামৰূপ জিলা সমিতি সম্পাদক নিৰেন মালী, উপদেষ্টা হিতেন মালী, আমিনগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক নিতোপম মেধি, নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ’ৰামৰ সভাপতি ৰঞ্জন দত্ত, কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ সভাপতি পুলিন দাস, সম্পাদক মৃণাল ডেকা, সহ সম্পাদক জিন্টু দাস, শুৱালকুছি সাংবাদিক সন্থাৰ সভাপতি প্ৰবিন দাস, সাংবাদিক শৈলেন বৈশ্য, মধুমাধৱ দাস, অনুপ দাস, মেছেৰ আলী, কমল দাস, হিতেশ কলিতা, আমিন মইনুল, জিয়াউল হক, কামৰূপ জিলা জনসংযোগ বিভাগৰ কৰ্মচাৰী ৰাতুল কলিতা, খবিৰ আলী উপস্থিত থাকি জিলা আয়ুক্ত কৃৰ্তী জল্লীয়ে জিলা খনত কটোৱা দুই বছৰীয়া কাৰ্যকাল আৰু কৰ্মদক্ষতাৰ ওপৰত বিশদ ভাৱে বৰ্ণনা কৰি ভাষন প্ৰদান কৰে ।

সম্বৰ্ধনা গ্ৰহন কৰি বিদায়ী আয়ুক্ত গৰাকীয়ে জিলা খনৰ সাংবাদিক সকলৰ গঠনমূলক দিহা পৰামৰ্শৰ বাবে সকলো সাংবাদিককে ধন্যবাদ জ্ঞাপন কৰে । লগতে কামৰূপ জিলাক সদায় দ্বিতীয় মাতৃ গৃহ হিচাপে হিচাপে চিৰদিন অন্তৰত স্থান দি ৰাখিব বুলি মত পোষণ কৰে আয়ুক্ত গৰাকয়ে । উল্লেখ্য কৃৰ্তী জল্লী আগন্তুক সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসমৰ আয়ুক্ত হিচাপে কাৰ্যৰ্নিবাহ কৰিব । সম্বৰ্ধনা সভাত কামৰূপ জিলাৰ অৰ্ধ শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

Exit mobile version