Chabua Murder Update: জেৰাই গাৱঁৰ মাধুৰ্য বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত আটক

cabua murder 1

Chabua Murder Update:

ৰাজ্য কপাই যোৱা চাবুৱাৰ জেৰাই গাঁৱৰ মাধুৰ্য্য বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ মাধুৰ্য্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱাই প্ৰেমিক ময়ুন্ত গগৈয়ে মিলি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷ পৰকীয়া প্ৰেমৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। ইতিমধ্যে চাবুৱা আৰক্ষী বিশেষ তথ্যৰ ভিত্তিত মাধুৰ্য্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱা আৰু তেওঁৰ পৰকীয়া প্ৰেমিক প্ৰাক্তন আছু নেতা ময়ুন্ত গগৈ আৰু হত্যাত সহযোগ কৰা ভাস্কৰ বৰুৱা নামৰ যুৱক এজনকো আজি গ্ৰেপ্তাৰ কৰে চাবুৱা আৰক্ষীয়ে

আনহাতে অভিযুক্তক আটক কৰাৰ সন্দৰ্ভত বিতং তথ্য সদৰি কৰাৰ পৰা আৰক্ষী বিৰত আছে ৷ উল্লেখ্য যে যোৱা সোমবাৰে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে অভিযুক্তক কৰায়ত্তৰ বাবে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ঘটনাৰে জড়িত থকাৰ অভিযোগত শুক্ৰবাৰে নিশা ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক আটক কৰে চাবুৱা আৰক্ষীয়ে ৷ ধৃত দুয়োজনকে জেৰাৰ পিছতে সকলো কথা পোহৰলৈ আহে। দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আজি গ্ৰেপ্তাৰ কৰে মাধুৰ্য্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱাক৷

উল্লেখযোগ্য সোমবাৰে নিশা ডেৰমান বজাত চাবুৱাৰ জেৰাই গাঁৱৰ বাসিন্দা মাধুৰ্য্য বৰুৱাৰ মুখত কাপোৰ বন্ধা দুৰ্বৃত্তৰ দল এটাই শোৱা পাটিতে চোকা অস্ত্ৰৰে হানি- খুচি নৃশংসভাৱে হত্যা কৰে ৷ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে মাধুৰ্য্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱা আৰু কণমানি জীয়ৰীক আন এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল দুৰ্বৃত্তই দলটোৱে । মাধুৰ্য বৰুৱা ডিব্ৰুগড়স্থ জলসম্পদ বিভাগৰ এজন কৰ্মচাৰী আছিল ৷

 

আনহাতে সৰবৰহী যুৱক মাধুৰ্য্য বৰুৱাৰ হত্যাকাণ্ডৰে জড়িত থকা পত্নী প্রহেলিকা আৰু প্ৰেমিক ময়ুন্ত গগৈক ফাঁচীৰ দাবীত আজি পুৱাৰে পৰা উত্তাল প্ৰতিবাদ ৰাইজৰ ৷ চাবুৱা আৰক্ষী থানাৰ সন্মুখত উত্তেজিত ৰাইজৰ হুংকাৰ দোষীক ফাঁচী দিয়ক’ পত্নী প্রহেলিকা আৰু প্ৰেমিক ময়ুন্ত গগৈক ফাঁচী দিয়ক ৷ হত্যাকাৰীৰ শাস্তিৰ দাবীত বিভিন্ন শ্ল’গানেৰে চাবুৱা থানা চৌহত উত্তাল কৰে প্ৰতিবাদী মহিলাই।

Exit mobile version