Union Govt has given a new name to Port Blair, Sri Vijay Puram will be the identityপ’ৰ্টব্লেয়াৰৰ নতুন নাম দিলে কেন্দ্রই, শ্রী বিজয় পুৰম হ’ব পৰিচয়

amit shah

Union Govt has given a new name to Port Blair, Sri Vijay Puram will be the identity:

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী মহানগৰী প’ৰ্টব্লেয়াৰৰ নতুনকৈ নামকৰণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা ইয়াৰ নতুন নাম হ’ব ‘শ্রী বিজয় পুৰম’। ইয়াৰ জৰিয়তে ভাৰতক ঔপনিবেশিক ছাপৰ পৰা মুক্ত কৰিবলৈ এই কেন্দ্ৰই পদক্ষেপ লৈছে বুলি কোৱা হৈছে। প’র্টব্লেয়াৰ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰৱেশ বিন্দু।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ঔপনিবেশিক নৌসেনা বিষয়া কেপ্টেইন আর্চিবল্ড ব্লেয়াৰৰ নামৰে এই মহানগৰীখনৰ নামকৰণ কৰা হৈছিল। সামাজিক মাধ্যম এক্সত এই সিদ্ধান্ত সদৰী কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, ‘ইয়াৰ পূৰ্বৰ নামত আছিল এক ঔপনিবেশিক ধাৰা। শ্রী বিজয় পুৰমে আমাৰ স্বাধীনতা যুঁজত আহৰণ কৰা বিজয় আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্রতীকক সূচায়।

শ্বাহে কয়, ‘আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আমাৰ স্বাধীনতা যুঁজ আৰু ইতিহাসত এক অতুলনীয় স্থান আছে। এই দ্বীপপুঞ্জৰ ভূমি এসময়ত চোল সাম্ৰাজ্যৰ নৌঘাটি আছিল আৰু সম্প্ৰতি ই আমাৰ বাবে উন্নয়ন তথা কৌশলী দিশৰ পৰা এক জটিল ঘাটিৰূপে পৰিগণিত হৈছে।’ বহু মুক্তিযুঁজাৰুক কাৰাগাৰত বন্দী কৰা এই চেলুলাৰ জেইল নেছনেল মেম’ৰিয়েলৰ বাবেও জনাজাত নৱ নামাংকিত এই মহানগৰী।

উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনৰ স্বকীয় মহিমামণ্ডিত ‘দৰবাৰ হল’ আৰু ‘অশোক হল’ক যোৱা জুলাইত ‘গণতন্ত্র মণ্ডপ’ আৰু ‘অশোক মণ্ডপ’ নামৰে নামকৰণ কৰা হয়।

Exit mobile version