Union minister has expressed his deep condolences over the Passing away of famous footballer Tosen Bora:প্ৰখ্যাত ফুটবল খেলুৱৈ টছেন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম অলিম্পিক সন্থাৰ গুৱাহাটীৰ সভাকক্ষত স্মৃতিচাৰণ সভাত অংশগ্ৰহণ  অসম অলিম্পিক সন্থাৰ সভাপতি সোণোৱালৰ

SONOWAL

Union minister has expressed his deep condolences over the Passing away of famous footballer Tosen Bora:

কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীস্থিত অসম অলিম্পিক সন্থাৰ সভাকক্ষত প্ৰয়াত টছেন বৰাৰ সোঁৱৰণত আয়োজিত সভাখনত উপস্থিত থাকি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু মৌন প্ৰাৰ্থনাৰে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে।

সোণোৱালে উল্লেখ কৰে, প্ৰখ্যাত ফুটবল খেলুৱৈ টছেন বৰা বিয়োগত আমি প্ৰতি গৰাকী ক্ৰীড়াপ্ৰেমী শোকস্তব্ধ হৈছোঁ। যিয়ে তেখেতৰ দুভৰিৰ যাদু প্ৰত্যক্ষ কৰিছিল, সেই মধুৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা টছেন বৰা ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়াই থৈ যোৱা অৰিহণা স্মৰণীয় হৈ থাকিব।”

Exit mobile version