Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

বৃষঃ যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। প্রেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্রত অশান্তি থাকিব। কৰ্মচাৰীৰ মনৰ অশান্তি হ’ব। বাণিজ্যত উন্নতিৰ যোগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

মিথুন: সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। চাকৰিৰ ক্ষেত্ৰত সম্মান লাভ হ’ব। সৰু সৰু কথাত মানসিক কিছু প্রভাৱ পেলাব। আর্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং বগা। শুভ সংখ্যা ৮।

কর্কট: আজি শুভ কাম আৰম্ভ কৰিব পাৰে। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব। পূৰ্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ উন্নত। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

সিংহ: প্ৰেম আৰু পাৰিবাৰিক দিশত সুখ আৰু শান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা হ’ব। কর্মক্ষেত্রত আপোনাৰ ভাৱমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

তুলা: আজি আপোনাৰ শৰীৰৰ শুভ কাৰক হ’ব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ। কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ সম্ভাৱনা। বিদ্যাত যত্নৰ ফল পাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

বৃশ্চিক: ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰসাম্য বজাই ৰাখক। আনক সহায় কৰি সন্মানিত হ’ব। অস্থিৰতা বাঢ়িব ব্যৱসায়ত শুভ। ভ্রমণ কৰোতে সোঁ ফালৰ পৰা কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।

ধনুঃ দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অবলম্বন কৰিব। ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা। টকা- পইচা ধাৰত দিলে ঘূৰাই নাপায়। সন্তানৰ ভাল কামে আনন্দ দিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

মকৰ ব্যৱসায়ত লাভ কৰিব পাৰিব। চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয়। শুভ বং বেঙুনীয়া। শুভ সংখ্যা ২।

কুম্ভ: আজি দিনটো আপোনাৰ বাবে শাৰীৰিক সুস্থতা হৈ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত অশান্তি হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।

মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত হ’ব মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। ভ্ৰমণত সাৱধান। নিজৰ ভুলৰ বাবে ক্ষতি হোৱা ভয় আছে। শুভ নীলা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৮।

Exit mobile version