Muslim Welfare Council opposes the abolition of the Qazi system:অসম চৰকাৰৰ কাজি ব্যৱস্থা বিলোপৰ বিৰোধিতা

বিজেপিৰ সহযোগী অন্ধ্র প্রদেশৰ টিডিপি চৰকাৰে বৃদ্ধি কৰিছে কাজিসকলৰ বেতন, আইনী যুঁজ চলোৱাৰ সিদ্ধান্ত মুছলিম কল্যাণ পৰিষদৰ

upper assam

Muslim Welfare Council opposes the abolition of the Qazi system:

অলপতে অসম কেবিনেটে গ্রহণ কৰা ৰাজ্যত ইছলামিক কাজি ব্যবস্থ বিলোপৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। এই প্রস্তাৱ ইতিমধ্যে কেবিনেটে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে। কেবিনেটৰ এই সিদ্ধাতৰ বিৰুদ্ধে সংগঠনটোৱে আইনী যুঁজ চলোৱাৰ সংকল্প গ্রহণ কৰিছে। এই বিষয়ে আজি ইয়াত এখন সংবাদমেলত সদৰী কৰে পৰিষদে।

বিষয়টোক লৈ সৰৰ হৈ উঠি উজনি অসম মুছলিম কল্যাণ পৰিষদে অভিযোগ কৰে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত কাজি পদক বিলুপ্ত কৰি ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক দিশহাৰা কৰি তুলিছে। এই সিদ্ধান্ত নিয়মত পৰিণত হ’লে আগন্তুক সময়ত সাধাৰণ মুছলমান লোকসকল ইছলামিক জ্ঞানৰ পৰা বঞ্চিত হৈ বিপথে পৰিচালিত হ’ব বুলি সংবাদমেলত পৰিষদৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বৰাই মন্তব্য কৰে।

বৰাই লগতে কয় যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে অন্ধ্রপ্রদেশত এনডিএৰ অংশীদাৰ টিডিপি দলৰ চৰকাৰে ইছলামিক কাজিসকলৰ মাহিলি বেতন বৃদ্ধি কৰিছে। লক্ষ্যণীয় যে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ ক্ষেত্ৰত মুখ্যমন্ত্রী এনচন্দ্রবাবু নাইডু নেতৃত্বাধীন টিডিপি (তেলুগু দেশম পার্টি)য়ে অন্যতম মূল ভূমিকা গ্রহণ কৰে। তৎসত্ত্বেও নাইডু চৰকাৰে অন্ধ্রপ্রদেশত মুছলমানসকলৰ কল্যাণৰ বাবে বিশেষ উদ্যোগ লৈছে।

এই কথা আঙুলিয়াই দি মুছলিম কল্যাণ পৰিষদৰ বিষয়ববীয়াসকলে লগতে কয় যে দেশৰ আন কোনো ঠাইত কাজি পদ বিলুপ্তিৰ কোনো পৰিকল্পনা গৃহীত হোৱা নাই।ইয়াৰ বিপৰীতে অসমতহে কেৱল কাজি পদ বিলুপ্তি চৰকাৰী সিদ্ধান্ত গৃহীত হৈছে বুলি উল্লেখ কৰি বৰাই লগতে কয়, ‘ৰাজ্য চৰকাৰৰ কেবিনেটে অসমত এশ বছৰৰ আগৰ পৰা চলিত অহা ইছলামিক কাজি প্রথাক বিলুপ্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যপাললৈ প্রস্তাৱটো গ্রহণ কৰিছে। অসম কেবিনেটৰ এনে সিদ্ধান্তক আমি অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিৰোধিতা কৰিছো।

কাৰণ কাজিসকল চৰকাৰী বেতনভোগী কর্মচাৰী নহয়। ব্ৰিটিছ আমোলৰ পৰাই দেশৰ আন প্ৰান্তৰ লগতে অসমতো ইছলামিক কাজি ব্যৱস্থা পৰিচালনা কৰিবৰ বাবে ইছলামিক শিক্ষাৰে শিক্ষিত পণ্ডিতক কাজি পদত নিয়োগ কৰি আহিছে। ইছলামিক বিবাহ (নিকাহ) আৰু বিবাহ বিচ্ছেদ (তালাক)ক ইছলামিক শ্বৰিয়ৎ গণ্ডীৰ পৰা প্রশাসনিক আইনী ব্যৱস্থালৈ উন্নীতকৰণৰ কাম ব্ৰিটিছ আমোলতে হয়।

১৯৩৫ত অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন গৃহীত হয়।’ এই আইনৰ অধীনত ইছলামিক বিবাহ, বিবাহ বিচ্ছেদ, এগৰাকী পত্নী থকাৰ পাছতো আন এগৰাকীক বিয়া কৰোৱা অথবা স্বামীক ত্যাগ কৰি আন ব্যক্তিৰ স’তে বিয়া হোৱা, নৱ দম্পতীৰ ক্ষেত্ৰত দৰা-কইনাক প্ৰদান কৰিবলগীয়া মেহেৰ বা মহাৰণাৰসহ অন্যান্য সুবিধা আদিৰ কথা আছে বুলি বৰাই সংবাদমেলত কয়।

অৱশ্যে উক্ত আইন প্রণয়নৰ পূৰ্বৰে পৰা ভাৰত উপ-মহাদেশত কাজি ব্যৱস্থা চলি আহিছে বুলিও তেওঁ উল্লেখ কৰে। এই ব্যৱস্থা বিলোপ হ’লে অতি কম বয়সতে মুছলমান ল’ৰা-ছোৱালী বিবাহপাশত আবদ্ধ হ’ব বুলি উদ্বেগ প্রকাশ কৰি মুছলিম কল্যাণ পৰিষদৰ বিষয়বীয়াজনে পুনৰ কয়, ‘কম বয়সতে ছোৱালীয়ে মাতৃত্বৰ বোজা বহন কৰিব লাগিব। কম বয়সীয়া ল’ৰাই নিজৰে পত্নীৰ মাতৃত্বৰ কথা গুৰুত্ব নিদিব।

বিবাহ বিচ্ছেদৰ সংখ্যা অতিমাত্রা বৃদ্ধি পাব। গতিকে কাজি ব্যৱস্থা হ’ল শ্বৰিয়তৰ পোহৰ বিলোৱা এক প্রথা। এই প্রথা বিলুপ্ত হ’লে নতুন মুছলমান প্ৰজন্মই আন্ধাৰৰ দিশে গতি কৰিব।’ চৰকাৰে কাজি ব্যৱস্থা বিলোপ কৰিলে মুছলিম কল্যাণ পৰিষদে নিজাববীয়াকৈ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত কাজি নিয়োগ কৰিব বুলিও পৰিষদৰ বিষয়ববীয়াজনে সদৰী কৰে। ইয়াৰ সমান্তৰালকৈ পৰিষদে চৰকাৰী সিদ্ধান্তটোৰ বিৰুদ্ধে আইনী যুঁজ চলাই যাব বুলি তেওঁ প্রকাশ কৰে। তদুপৰি, কাজি পদ বাহাল ৰখাৰ দাবীত উজনি অসম মুছলিম কল্যাণ পৰিষদে সদৌ অসম কাজি সন্থাৰ স’তে ঐক্যবদ্ধ সংগ্রাম গঢ়ি তুলিব বুলিও তেওঁ হুংকাৰ দিয়ে।

Exit mobile version