Congress Protest In Dispur:ৰাহুল গান্ধীক লৈ একাংশ বিজেপি নেতাই কৰা মন্তব্যৰ প্রতিবাদ

মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, মহানগৰীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত প্ৰতিবাদ

congress protest 1

Congress Protest In Dispur:

মহানগৰীৰ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ লোকসভাৰ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বিজেপি নেতা আৰু শিৱসেনাৰ বিধায়কক গ্ৰেপ্তাৰৰ দাবীত বুধবাৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটি আৰু অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত এক প্রতিবাদ কার্যসূচী পালন কৰা হয় ৷ ৰাহুল গান্ধীক টার্গেট কৰি লোৱাক লৈ ক্ষোভ প্ৰতিবাদকাৰীৰ। বিজেপিয়ে ঘৃণাৰ ভাব দেশৰ চাৰিওপিনে বিয়পোৱাৰ অভিযোগ কৰে প্ৰতিবাকাৰী কংগ্ৰেছীয়ে ৷

প্ৰতিবাদ কাৰ্যসূচীত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামী,প্ৰাক্তন সাংসদ আব্দুল খালেক , গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা সহ বহু সংখ্যক কংগ্ৰেছ নেতা- কৰ্মী উপস্থিত থাকে ৷ R

Exit mobile version