Guwahati Sri Nagar Fire:মহানগৰীৰ আৰ্যনগৰৰ পিছত জুইৰ সূত্ৰপাত শ্ৰীনগৰত

বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হয় ২০ টাকৈ বাসগৃহ, ৮ টাকৈ চিলিণ্ডাৰ হয় বিস্ফোৰিত

sri nagar fire 1 1

Guwahati Sri Nagar Fire:

মহানগৰীৰ ৰিহাবাৰীৰ আৰ্যনগৰত দুপৰীয়া সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ যায় আঠটাকৈ বাসগৃহ ৷

আৰ্যনগৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত জুইৰ সূত্ৰপাত হয় শ্ৰীনগৰৰ ৬ নং বাইলেণ্ডত ৷এখন ফাষ্ট ফুডৰ দোকানৰ পৰা সূত্ৰপাত হোৱা জুয়ে পলকতে আগুৰি ধৰে বহু কেইটা বাসগৃহ। মুহূৰ্ততে হুৱাদুৱা লাগে অঞ্চলটোত ৷ নিজ নিজ গৃহৰ সা- সামগ্ৰী উদ্ধাৰ কৰিবলৈ লৰাধপৰা লাগে স্থানীয় লোকৰ ৷

কলা ধোৱাই ছানি ধৰে সমগ্ৰ অঞ্চলটো৷ অগ্নিকাণ্ডৰ মাজতে বিস্ফোৰিত হয় আঠটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হয় ২০ টাকৈ বাসগৃহ ৷ আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপিত হয়।

Exit mobile version