Bhupen Bora :বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰে

bhupen bora

Bhupen Bora :

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰে ৷ আনহাতে ৰাজ্য চৰকাৰৰ এই আঁচনিৰ সন্দৰ্ভত মন্তব্য আগবঢ়ালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই আঁচনিত সকলো সম্প্ৰদায়ক সামৰি নলৈ দলৰ সদস্যভূক্ত সকলহে এই আঁচনিভূক্ত কৰি বা: বা:লৈ আছে ৷ সেয়েহে ২০২৬ ত দিছপুৰত কংগ্ৰেছ চৰকাৰ আহিলে বন্ধ হ’ব অৰুণোদয় আঁচনি

এই আঁচনিৰ পৰিৱৰ্তে কংগ্ৰেছ চৰকাৰে‘ ন-লখিমী আঁচনি’ নামাকৰণৰে এক নতুন আঁচনি আনিব ৷ যি আঁচনিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত প্রতিমাহৰ ৯ তাৰিখে সোমাব ৩ হাজাৰ টকা ৷ জাতি-ধর্ম-বর্ণ কোনো বিচৰা নকৰাকৈ ন-লখিমী আঁচনি সকলো হিতাধিকাৰীয়ে লাভ কৰিব বুলি সংবাদমেলত সদৰি কৰে ভূপেন বৰাই ৷

Exit mobile version