Haryana Assembly Election2024:
হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে দলৰ ঘোষণা পত্র প্রকাশ কৰিলে। এই ঘোষণা পত্রত দলটোৱে ভোটদাতাক সাতটা প্রতিশ্রুতি দিলে। কংগ্রেছে ঘোষণা পত্র দুটা পৰ্যায়ত প্ৰস্তুত কৰিছে। প্রথম পর্যায়ত ১৫টা গেৰাণ্টি অন্তর্ভুক্ত কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ঘোষণাপত্র চণ্ডীগড়ত জাৰি কৰা হ’ব।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ উপস্থিতিত দিল্লীত প্রকাশ কৰা প্ৰথম ঘোষণা পত্রত দলটোৱে হাৰিয়ানাত চৰকাৰ গঠন কৰিলে ১৮-৬০ বছৰ বয়সীয়া সকলো মহিলাক মাহে দুহেজাৰ টকা প্রদান, ৫০০ টকাত ৰন্ধন গেছৰ যোগান, বৃদ্ধ- দিব্যাংগ-বিধৱাক ৬০০০ টকাৰ পেন্সন প্রদান, কৰ্মচাৰীক পুৰণি পেন্সন আঁচনিৰ সুবিধা প্রদান, দুই লাখ চৰকাৰী চাকৰিত নিযুক্তি, হাৰিয়ানাক নিচামুক্ত কৰা, ২৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা, ৩০০ ইউনিটৰ বিনামূলীয়া বিদ্যুৎ যোগান, এশ গজৰ ভূমি বা পকীঘৰ প্ৰদান, কৃষকক ন্যূনতম সমর্থন মূল্য প্রদান, জাতিগত লোকপিয়ল আদিৰ প্ৰতিশ্রুতি দিলে।