School schedule changed due to extreme heat:প্ৰচণ্ডে গৰমে দহিছে ৰাজ্যবাসীক , উৎকট গৰমৰ বাবে এখন জিলাত সলনি হ’ল পাঠদানৰ সময়সূচী

school 1

School schedule changed due to extreme heat:

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ আজিৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা ৩৯ ডিগ্ৰী অতিক্ৰম কৰাৰ সম্ভাৱনা। প্ৰচণ্ড গ্ৰীস্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি কৰিছে ৷

সেই অনুসৰি জিলা খনৰ অন্তৰ্গত শিক্ষানুষ্ঠান সমূহ ২১ ছেপ্টেম্বৰৰ পৰা পুৱা ৭:৩০ বজাৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈ ১২:৩০ বজাত শেষ হ’ব ৷

আনহাতে বিদ্যালয়ৰ প্ৰাৰ্থনা শ্ৰেণী কোঠাৰ ভিতৰত সম্পন্ন হোৱাৰ লগতে শিক্ষাৰ্থীক কোট,টাই পিন্ধিবলৈ বাধ্য কৰিব নোৱাৰিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই । একেদৰে বিদ্যালয়ত থাকিব লাগিব পৰ্যাপ্ত পৰিমাণে খোৱাপানীৰ ব্যৱস্থা

 

Exit mobile version