Entrepreneurial youth Dipankar Nath:মৰিগাঁওৰ দীপাংকৰ নাথৰ পৰিয়ালক গাহৰি ফাৰ্ম খোলা বাবে গাঁওৰ পৰা এঘৰীয়া কৰা কাৰ্যক গৰিহণা অসম চ’চাইটি অফ বাংগালোৰৰ 

morigaon 1

Entrepreneurial youth Dipankar Nath:

মৰিগাঁও জিলাৰ বড়িগাঁৱত দীপাংকৰ নাথ নামৰ যুৱক জনৰ পৰিয়ালক গাহৰি ফাৰ্ম খোলা বাবে গাঁৱৰ পৰা এঘৰীয়া কৰা কাৰ্যক অসম চ’চাইটি অফ বাংগালোৰৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিয়ে।

এক বিবৃতিত সংগঠনটোৱে কয় ,দীপাংকৰ নাথ এজন উচ্চ শিক্ষিত তথা ভদ্ৰ ল’ৰা। তেওঁ অসম চ’চাইটি অফ বাংগালোৰৰ জনকল্যান বিভাগৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বাংগালুৰত থকা সময়চোৱাত তেওঁ অসম চ’চাইটি অফ বাংগালোৰৰ হৈ অসমত গৈ বান সাহাৰ্য্য প্ৰদান কৰা, বান পীড়িতৰ পুনঃসংস্থাপনৰ দৰে সেৱা সমূহ নিঃস্বাৰ্থ ভাবে আগবঢ়াই আহিছিল। কোভিডকালীন পৰিস্থিতিটো নিজৰ জীৱন বিপদাপন্ন কৰি হাজাৰ হাজাৰ অসমীয়াক ঘৰমুখী ট্ৰেইনত উঠাই দিয়াৰ কথা অন্তত সেই সকল অসমীয়াই কাহানিও নাপাহৰে বুলি আমাৰ বিশ্বাস।

বাংগালোৰত সুন্দৰ কেৰিয়াৰ এৰি থৈ আপোন গাঁৱৰ মাটিত জীৱিকাৰ সন্ধানৰ সপোন দেখা দীপাংকৰক আজি নিজৰ গাঁৱৰ ৰাইজেই এঘৰীয়া কৰাটো চৰম লজ্জা আৰু দুৰ্ভাগ্যজনক আৰু আমি অসম চ’চাইটি অফ বাংগালোৰৰ ফালৰ পৰা এই কাৰ্যক নিন্দা কৰিছো লগতে বড়িগাঁৱৰ শিক্ষিত সমাজক আগবাঢ়ি আহি ইয়াৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনোৱা হ’ল ৷

Exit mobile version