Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ডেৰ লাখ গামোচা সাজু কৰিছে চাৰি গাঁৱৰ শিপিনীয়ে

বিহু বুলি ব্যস্ত নলবাৰীৰ চাৰি শতাধিক বোৱনী-শিপিনী

publisher by publisher
April 8, 2022
in Assam, India, News
Reading Time: 1 min read
0
ডেৰ লাখ গামোচা সাজু কৰিছে চাৰি গাঁৱৰ শিপিনীয়ে
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

বহিঃৰাজ্যৰ পৰা আহিছে নকল গামোচা

বসন্তৰ বা লাগিছে চাৰিওফালে । লঠঙা গছত সেউজীয়াৰ ভৰ, কুলি-কেতেকীৰ মাত । আগলি বৰষুণে ধুই-পখালি অমলিন কৰি তুলিলে প্ৰকৃতি । এয়া ৰঙালীৰ আগমন । আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃহত্তৰ অসমীয়া জাতিয়ে উদ্‌যাপন কৰি বাপতি সাহোন ৰঙালী বিহু । বিগত দুটা বছৰে কৰ’না অতিমাৰীৰ আতিশয্যৰ বাবে প্ৰাণ খুলি বিহু উদ্‌যাপন কৰিব পৰা নাই জাতিটোৱে । সেয়েহে এইবাৰ যেন ৰঙালী বিহু বুলি দুগুণ উৎসাহ সকলোৰে । ৰাজ্যজুৰি এই উৎসাহ আৰম্ভ হোৱাৰ মাজতে নলবাৰীতো ইতিমধ্যে আৰম্ভ হৈছে ঢোল, পেঁপা, গগনাৰ মাত । বিহু বুলি এপাক নচাৰ অনুশীলন আৰম্ভ হৈছে শিবিৰে শিবিৰে ।

ADVERTISEMENT

ৰঙালী বিহু বুলি আপোনজনলৈ বিহুৱান এখন উপহাৰ দিয়াৰ বাবে অসমীয়া জীয়ৰী-বোৱাৰীসকলে নিজ হাতে গামোচা (বিহুৱান) বৈ উলিওৱাৰ অতীজৰ পৰম্পৰা, সেয়া সম্প্ৰতি তাকৰ হৈ পৰিল যদিও তাৰ মাজতে বিগত প্ৰায় এমাহ ধৰি পঘা, চেৰেকী, শাল-মাকোত ব্যস্ত হৈ পৰিছে নলবাৰীৰ কেইখনমান গাঁৱৰ চাৰি শতাধিক বোৱনী-শিপিনী ।

‘ছিল্ক ভিলেজ’ বা ‘ৰেছম গাঁও’ৰূপে পৰিচিত অসমৰ দ্বিতীয়খন গাঁও নলবাৰী জিলাৰ ককয়া । ২৭টা চুবুৰীৰ একমাত্ৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ এই গাঁওখনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশ‌ই বয়ন শিল্পৰ লগত জড়িত । হৰমোহন নাথ নামৰ লোকজনে ১৯৮২ত ইয়াত প্ৰথম বস্ত্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি গাঁওখনৰ লোকসকলৰ বাবে নতুন জীৱিকাৰ পথ মুকলি কৰিছিল । তেতিয়াৰ পৰাই ককয়াত বয়ন শিল্প‌ই একপ্ৰকাৰ নৱজাগৰণৰ সৃষ্টি কৰে । কেৱলমাত্ৰ এইখন গাঁৱতে বছৰি ডেৰ-দুই লাখ গামোচা উৎপাদন হোৱাৰ লগতে ১০-১২ হেজাৰ যোৰ পাট-মুগাৰ কাপোৰ উৎপাদন হৈ আহিছে । এইবাৰো আগন্তুক ৰঙালী বিহুক লক্ষ্য কৰি গাঁওখনত ডেৰ-দুই লাখ গামোচা উৎপাদন হ’ব ।

আজি ‘দৈনিক অগ্ৰদূত’ক এই কথা সদৰী কৰে গাঁওখনৰ শিপিনী পৰিয়ালৰ সদস্য মাধৱ নাথে । নাথে সদৰী কৰা মতে, ৩০ বছৰ পূৰ্বৰে পৰাই তেওঁলোকৰ পৰিয়ালে বয়ন শিল্প চলাই আহিছে । প্ৰথমে আঠখন শালেৰে তেওঁলোকে বয়ন শিল্প আৰম্ভ কৰিছিল যদিও বৰ্তমানে ১২খন শালেৰে কাপোৰ বৈ আছে । তেনেদৰে গাঁওখনত এই পৰ্যন্ত ১৪০খন পাট-মুগাৰ শাল সক্ৰিয় অৱস্থাত থকাৰ লগতে ১৫০খন গামোচাৰ শাল আছে । তদুপৰি শাল কেইখনক কেন্দ্ৰ কৰি প্ৰায় তিনিশ শিপিনী কৰ্মৰত হৈ আছে ।

মাধৱ নাথে লগতে কয়, ‘বিগত দুটা বছৰে উৎসৱ-পৰ্ব বন্ধ হৈ থকাত গাঁওখনৰ বস্ত্ৰ উদ্যোগত মাধমাৰ পৰে যদিও এইবাৰ কোনো এগৰাকী শিপিনীৰে তৰণি নাই । দুৰ্গা পূজাৰ আগৰে পৰা গাঁওখনৰ শিপিনীসকলে অহৰহ শালত ব্যস্ত আছে । আগন্তুক ৰঙালী বিহুক লক্ষ্য কৰিয়ে গাঁওখনত ডেৰ-দুই লাখ গামোচা উৎপাদন হ’ব । ইয়াৰ ভিতৰত পাটৰ গামোচা, নাম বচা, গাঁৰি দিয়া, ফুলাম আদি ভিন্ন ধৰণৰ গামোচা থাকিব । তদুপৰি উক্ত গামোচাসমূহ বিক্ৰী হ’ব ডেৰ-দুশ টকা দামত ।’

ইপিনে, উক্ত একেটা পৰিয়ালৰ দুই বোৱাৰী শিপিনী মামণি নাথে সদৰী কৰে যে বিহু বুলি কেৱল মাত্ৰ তেৱেঁই এহেজাৰ গামোচা বৈ উলিয়াব । ইতিমধ্যে চাংসাৰিৰ ওচৰৰ বোৰ্কাৰ বিহু সন্মিলনীৰ বাবে ৩৫০খন গামোচাৰ আগতীয়া বন্দোবস্ত লাভ কৰা বুলি নাথে সদৰী কৰে । নাথে কয়, ‘মই দৈনিক চাৰি-পাঁচখনকৈ গামোচা বৈ উলিয়াও । বিহু বুলি এইবাৰ আমাৰ পৰিয়ালে এহেজাৰ গামোচা প্ৰস্তুত কৰাৰ পৰিকল্পনাৰে দিন-ৰাতি একাকাৰ কৰি আছো ।’

কষ্টৰ উচিত মূল্য নোপোৱাৰ অভিযোগ কৰি শিপিনীগৰাকীয়ে লগতে কয়, ‘আমি যি ধৰণে কষ্ট কৰি আছো, তাৰ বিপৰীতে উচিত মূল্য নাপাওঁ । সূতাৰ দাম বৃদ্ধি আৰু চালানি গামোচাই আমাক জ্বলা-কলা খুৱাই আহিছে । এক ঢোপ মাছৰাজ সূতাৰ দাম এতিয়া ১৫৫০ টকা হ’ল । এক বাণ্ডিল ঢলাই সূতাৰ দাম হ’ল এহেজাৰ টকা । অথচ গামোচাখন আমি আগতে যি ডেৰ-দুশ টকাত বিক্ৰী কৰিছিলো, এতিয়াও সেয়াই থাকিল । একেদৰে পাট-মুগাৰ ক্ষেত্ৰতো একেই কথা । এক বাণ্ডিল ননি সূতাৰ দাম হ’লগৈ ৫,৫০০ টকা । কিন্তু এই দাম ৩৫০০ টকা থকাৰ সময়ত ইয়াৰ কাপোৰ এযোৰৰ দাম যি ৩২০০ টকা আছিল, আজিও সেয়াই থাকিল । গতিকে এনে হ’লে আৰু দুটামান বছৰৰ পাছত ককয়াত শাল নাথাকিব‌ই ।’ শিপিনীগৰাকীয়ে লগতে বিহুৰ গামোচাখনত কমেও ৩০ টকামান দাম বৃদ্ধি হ’ব লাগে বুলিও মত প্ৰকাশ কৰে ।

লক্ষ্যণীয়ভাৱে সূতাৰ বৰ্ধিত দাম আৰু বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ বাবেই আগন্তুক দুই-তিনি বছৰ পাছতে ককয়াৰ থলুৱা বস্ত্ৰ উদ্যোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ উপক্ৰম হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বহুসংখ্যক শিপিনী আৰু বিক্ৰীদাৰে । গাঁওখনৰ এজন পুৰণি বস্ত্ৰ উদ্যোগী হৰগোৱিন্দ নাথে প্ৰকাশ কৰে যে তেওঁ সম্প্ৰতি বস্ত্ৰ উদ্যোগ বন্ধ কৰিবলৈ বাধ্য হৈছে ।

নাথে কয়, ‘এফালে নতুন শিপিনী নোহোৱা হৈছে আনফালে সূতাৰ অধিক মূল্য বৃদ্ধি ঘটিছে । লগতে চৰকাৰে বিনামূলীয়া চাউল বিতৰণ কৰিবলৈ লোৱাত এতিয়া ককয়াৰ বস্ত্ৰ উদ্যোগসমূহত শ্ৰমিক নোহোৱা হৈ পৰিছে । তদুপৰি চৰকাৰে যদিও থলুৱা উদ্যোগ-প্ৰতিষ্ঠান গঢ়াত মনোনিবেশ কৰা বুলি জাহিৰ কৰি থাকে ককয়াৰ বস্ত্ৰ উদ্যোগ লৈ এই পৰ্যন্ত চৰকাৰৰ চকু নপৰিল ।’ লক্ষ্যণীয় যে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰে অন্তৰ্গত গাঁও ককয়া ।

ইপিনে, ‘ককয়াৰ লগতে কাপোৰ বৈ বিক্ৰী কৰাকে মুখ্য জীৱিকাৰ পথ বুলি বাছি লোৱা নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত চ’তেমাৰী, ঘৰুৱাবাহা আৰু ভোগবাৰীতো বিগত দুই -তিনিমাহৰ পৰা নিশা দুপৰলৈ ভাহি আছে মাকোৰ খত্‌খত্ মাত । উদ্দেশ্য একেই, আগন্তুক ৰঙালী বিহু বুলি গামোচা বৈ উলিওৱা ।

চ’তেমাৰীৰ পৰা ৩০ হেজাৰমান গামোচা বিহুৰ বজাৰত উলিয়াই দিয়াৰ লগতে আন দুখন গাঁও ঘৰুৱাবাহা আৰু ভোগবাৰী গাঁৱৰ শিপিনীসকলেও ২০ হেজাৰমান গামোচা বিহুৰ বজাৰত উলিয়াই দিব বুলি গাঁওকেইখনৰ কে’বাগৰাকীও শিপিনীয়ে ‘দৈনিক অগ্ৰদূত’ক সদৰী কৰে । ইপিনে, উক্ত গাঁওকেইখনৰ শিপিনীসকলেও সূতাৰ দাম হ্ৰাস আৰু চালানি গামোচা নিষিদ্ধ কৰাৰ দাবী জনায় অসম চৰকাৰক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bohag BihuGamucha
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d