Atishi takes over as Chief Minister of Delhi:
শণিবাৰে দিল্লীৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱা আতিশী মার্লেনাই সোমবাৰে দিল্লী সচিবালয়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰে ৷ কিন্ত মুখ্যমন্ত্ৰীৰ কোঠাত ব্যতিক্ৰমী ৰূপত দেখা গ’ল আতিশীক ৷ তেওঁ অৰবিন্দ কেজৰিৱালে বহা মুখ্যমন্ত্ৰীৰ আসন খনত নবহি কাষতে সুকীয়াকৈ এখন চকী পাৰি বহে ৷ ইয়াতে বহী বিভাগীয় ফাইলত স্বাক্ষৰ দান কৰে ৷
এই সন্দৰ্ভত আতিশীয়ে কয়, মই ৰামায়ণ যুগৰ ভৰত ৷ যেনেকৈ ভৰতে অযোধ্যাৰ সিংহাসনত ৰামৰ পাদুকা লৈ দেশ চলাইছিল৷ থিক অনুৰূপ ধৰণে মোৰ ৰাজনীতিক গুৰু স্বৰূপ দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চকীত নবহো৷ তেওঁ মাৰ্গদৰ্শনত মই দিল্লীবাসীৰ সেৱা আগবঢ়াম ৷
উল্লেখ্য যে,শণিবাৰে আম আদমি পাৰ্টিৰ নেত্ৰী আতিশীয়ে শনিবাৰে বিয়লী ৰাজ নিৱাসত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আতিশীৰ স’তে আন পাঁচজন বিধায়ক ক্ৰমে গোপাল ৰায়, কৈলাশ গহলট, সৌৰভ ভৰদ্বাজ, ইমৰাণ হুছেইন আৰু মুকেশ আহলাৱতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
উল্লেখ্য যে,আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ১৭ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল । দিল্লীৰ আবকাৰী নীতিৰ ‘কেলেংকাৰী’ গোচৰৰ স’তে জড়িত থকাৰ অভিযোগত তিহাৰ জেলত বন্দী হৈ আছিল ৷ অৱশ্যে ছমাহ দিন কাৰাৰুদ্ধ হৈ থকাৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ে জামিনত মুকলি কৰি দিয়াৰ কিছুদিন পিছতে তেওঁ পদৰ পৰা পদত্যাগ কৰিছিল।