Body of a young woman was found in a refrigerator in Bangalore: দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি !

এইবাৰ বাংগালুৰুত ফ্ৰীজত উদ্ধাৰ যুৱতীৰ টুকুৰা-টুকুৰ শৰীৰ

bengloro

Body of a young woman was found in a refrigerator in Bangalore:

দিল্লীৰ শ্রদ্ধা কাণ্ডৰ পুনৰাবৃত্তি ঘটিল বাংগালুৰুত। বাংগালুৰুৰ ভেলিকাভাল অঞ্চলত এটা ফ্লেটৰ পৰা এগৰাকী ২৬ বছৰীয়া যুৱতীৰ মৃতদেহৰ ৩০ টুকুৰা উদ্ধাৰ কৰিলে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসবি উক্ত অঞ্চলত দুর্গন্ধ নির্গত হোৱাত স্থানীয় বাসিন্দাই আৰক্ষীক খবৰ দিছিল আৰু ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নির্দিষ্ট ফ্রেটত তালাটী ঢলোৱাত এটা ফ্রীজৰ পৰা যুৱতীৰ ৩০ টুকুৰা দেহ উদ্ধাৰ কৰে। প্রাথমিক তদন্তত অৰক্ষীয়ে ধৰণা কৰা অনুসৰি যুৱতীগৰাকী বাংগালুৰুৰ বাসিন্দা নাছিল আৰু কিছুদিন পূর্বে তেওঁ হত্যাৰ বলি হৈছিল।

হত্যাৰ পাছত মৃতদেহ টুকুৰা-টুকুৰকে কাটি ফ্রীজত ৰাখি পলায়ন কৰিছিল হত্যাকাৰীয়ে। উক্ত ফ্রেটত যুবতীয়ে অকলে বসবাস কৰিছিল। ঘটনাৰ সন্দর্ভত আৰক্ষীয়ে বর্তমানলৈকে কোনো ব্যক্তিক গ্রেপ্তাৰ কৰা নাই।

উল্লেখ্য যে দুবছৰ পূর্বে দিল্লীত ২৭ বছৰীয়া শ্রদ্ধা নামৰ এগৰাকী যুবতীক তেওঁৰ প্রেমিক আফতাবে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি অ’ত-ত’ত পেলাইলাই দিছিল। এই ঘটনাৰ পুনৰাবৃত্তি ঘটিল বাংগালুৰুত।

Exit mobile version